--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আটাইতকৈ বয়সীয়াল নবেল বঁটা বিজয়ীৰ মৃত্যু হৈছে। তেওঁ হৈছে ২০১৯ চনত ৯৭ বছৰ বয়সত আমেৰিকাৰ বিজ্ঞানী জন গুডেনাফ। আন দুজন বিজ্ঞানীৰ সৈতে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল তেওঁ।

লিথিয়াম আয়ন বেটাৰীৰ অন্যতম পথ প্ৰদৰ্শক গুডেনাফৰ কালি মৃত্যু হয়। তেওঁৰ বয়স আছিল ১০০ বছৰ। এই খবৰটো টেক্সাছ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত অৱগত কৰা হৈছে। নব্বৈ বছৰ বয়স হোৱাৰ পিছতো তেওঁ সেই বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। অষ্টিনৰ এখন নাৰ্চিং হোমত গুডেনাফৰ মৃত্যু হয়।

গুডইনাফ আছিল ৰিচাৰ্জেবল বেটাৰীৰ অন্যতম পথ প্ৰদৰ্শক, যিটো ধৰণৰ লিথিয়াম-আয়ন বেটাৰী, ইলেক্ট্ৰিক গাড়ীৰ পৰা আৰম্ভ কৰি মোবাইল ফোন বা লেপটপলৈকে বেতাঁৰ ইলেক্ট্ৰনিক ডিভাইচ চাৰ্জ কৰিবলৈ প্ৰয়োজনীয়। গুডেনাফে জাপানী বিজ্ঞানী আকিৰা যোছিনো আৰু ব্ৰিটিছ বিজ্ঞানী ষ্টেনলি হুইটিংহামৰ সৈতে গৱেষণা কৰি এই বেটাৰীটো আৱিষ্কাৰ কৰিছিল, যাৰ ফলত পিছলৈ সমগ্ৰ বিশ্বৰ বিকাশ আৰু প্ৰগতিৰ মুখখন সলনি হৈছিল।

কেৱল উন্নত দেশেই নহয়, অনুন্নত বা উন্নয়নশীল দেশৰ কোটি কোটি লোকো এতিয়া এই তিনিজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা বেটাৰীৰ দ্বাৰা উপকৃত হয়। ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে এই তিনিজন বিজ্ঞানীক নোবেল বঁটা প্ৰদান কৰাৰ সময়ত কৈছিল, ‘তেওঁলোকে আচলতে এখন ৰিচাৰ্জযোগ্য পৃথিৱী গঢ়ি তুলিছে’।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে