--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰবীণ চিত্ৰনাট্যকাৰ প্ৰয়াগ ৰাজৰ মৃত্যু হৈছে। অমিতাভ বচ্চন অভিনীত ‘আমাৰ আকবৰ এণ্টনি’, ‘কুলি’ আৰু ‘নাছিব’ আদি ছবিৰ কথক আছিল তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। পৰিয়ালৰ সূত্ৰ অনুসৰি যোৱা কেইবছৰমানৰ পৰা তেওঁ বৃদ্ধাৱস্থাৰ ৰোগত আক্ৰান্ত হৈ আছিল। প্ৰয়াগৰ পুত্ৰ আদিত্যই সংবাদ মাধ্যমক জনাইছে এই খবৰ। তেওঁ কয় যে শনিবাৰে বিয়লি বান্দ্ৰাৰ বাসগৃহত প্ৰয়াগে শেষ নিশ্বাস ত্যাগ কৰে।

অমিতাভ বচ্চন অভিনীত কেইবাখনো ছবিৰ উপৰিও প্ৰয়াগে শতাধিক হিন্দী ছবিত কথক হিচাপে কাম কৰিছিল। তেখেতে কেইবাখনো ছবিৰ গীতিকাৰও আছিল। ১৯৮৫ চনত মুক্তি পোৱা আৰু অমিতাভ বচ্চন, ৰজনীকান্ত আৰু কমল হাছানে অভিনয় কৰা ছুপাৰহিট ছবি ‘গিৰেফটাৰ’ৰ কাহিনীও ৰচনা কৰিছিল। ৰাজেশ খান্নাই অভিনীত ৰতি, ধৰ্মেন্দ্ৰ-জিতেন্দ্ৰ যুটি ধৰম বীৰৰ চিত্ৰনাট্যও লিখিছিল। প্ৰয়াগৰ শেষৰখন চিত্ৰনাট্য আছিল ‘জামানত’। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই ছবিখনে মুক্তিৰ পোহৰ দেখা নাপালে।

প্ৰয়াগৰ মৃত্যুত অমিতাভ বচ্চনৰ লগতে বলীউডৰ কেইবাগৰাকী বিশিষ্ট চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে। অমিতাভ বচ্চনে নিজৰ ব্লগত লিখিছে, "কালি আমি আমাৰ চলচ্চিত্ৰ জগতৰ আন এক শক্তিশালী স্তম্ভ হেৰুৱালোঁ।"প্ৰয়াগৰ হিফাজাতত অভিনয় কৰিছিল অনিল কাপুৰে। তেওঁ ছবিখনৰ শ্বুটিং ফ্ল’ৰত তোলা এখন ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি লিখিছে, ‘খবৰটো শুনি মোৰ হৃদয় বিদাৰক হৈ পৰিছিল। তেওঁৰ সৈতে ‘হিফাজাত’ ছবিত কাম কৰাৰ সুযোগ পোৱাটো এক সৌভাগ্যৰ কথা।’’

শ্বাবানা আজমীয়ে অভিনয় কৰিছিল ‘আমাৰ আকবৰ এণ্টনি’ত। তেওঁ নিজৰ ছ’চিয়েল মিডিয়া পেজত লিখিছে, ‘চিত্ৰনাট্যকাৰ প্ৰয়াগ ৰাজৰ মৃত্যুত মই দুখী হৈছো।’ দেওবাৰে দাদৰত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত প্ৰয়াগ ৰাজৰ শেষ অনুষ্ঠান পৰিৱেশন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু