--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰবীণ চিত্ৰনাট্যকাৰ প্ৰয়াগ ৰাজৰ মৃত্যু হৈছে। অমিতাভ বচ্চন অভিনীত ‘আমাৰ আকবৰ এণ্টনি’, ‘কুলি’ আৰু ‘নাছিব’ আদি ছবিৰ কথক আছিল তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। পৰিয়ালৰ সূত্ৰ অনুসৰি যোৱা কেইবছৰমানৰ পৰা তেওঁ বৃদ্ধাৱস্থাৰ ৰোগত আক্ৰান্ত হৈ আছিল। প্ৰয়াগৰ পুত্ৰ আদিত্যই সংবাদ মাধ্যমক জনাইছে এই খবৰ। তেওঁ কয় যে শনিবাৰে বিয়লি বান্দ্ৰাৰ বাসগৃহত প্ৰয়াগে শেষ নিশ্বাস ত্যাগ কৰে।

অমিতাভ বচ্চন অভিনীত কেইবাখনো ছবিৰ উপৰিও প্ৰয়াগে শতাধিক হিন্দী ছবিত কথক হিচাপে কাম কৰিছিল। তেখেতে কেইবাখনো ছবিৰ গীতিকাৰও আছিল। ১৯৮৫ চনত মুক্তি পোৱা আৰু অমিতাভ বচ্চন, ৰজনীকান্ত আৰু কমল হাছানে অভিনয় কৰা ছুপাৰহিট ছবি ‘গিৰেফটাৰ’ৰ কাহিনীও ৰচনা কৰিছিল। ৰাজেশ খান্নাই অভিনীত ৰতি, ধৰ্মেন্দ্ৰ-জিতেন্দ্ৰ যুটি ধৰম বীৰৰ চিত্ৰনাট্যও লিখিছিল। প্ৰয়াগৰ শেষৰখন চিত্ৰনাট্য আছিল ‘জামানত’। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই ছবিখনে মুক্তিৰ পোহৰ দেখা নাপালে।

প্ৰয়াগৰ মৃত্যুত অমিতাভ বচ্চনৰ লগতে বলীউডৰ কেইবাগৰাকী বিশিষ্ট চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে। অমিতাভ বচ্চনে নিজৰ ব্লগত লিখিছে, "কালি আমি আমাৰ চলচ্চিত্ৰ জগতৰ আন এক শক্তিশালী স্তম্ভ হেৰুৱালোঁ।"প্ৰয়াগৰ হিফাজাতত অভিনয় কৰিছিল অনিল কাপুৰে। তেওঁ ছবিখনৰ শ্বুটিং ফ্ল’ৰত তোলা এখন ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি লিখিছে, ‘খবৰটো শুনি মোৰ হৃদয় বিদাৰক হৈ পৰিছিল। তেওঁৰ সৈতে ‘হিফাজাত’ ছবিত কাম কৰাৰ সুযোগ পোৱাটো এক সৌভাগ্যৰ কথা।’’

শ্বাবানা আজমীয়ে অভিনয় কৰিছিল ‘আমাৰ আকবৰ এণ্টনি’ত। তেওঁ নিজৰ ছ’চিয়েল মিডিয়া পেজত লিখিছে, ‘চিত্ৰনাট্যকাৰ প্ৰয়াগ ৰাজৰ মৃত্যুত মই দুখী হৈছো।’ দেওবাৰে দাদৰত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত প্ৰয়াগ ৰাজৰ শেষ অনুষ্ঠান পৰিৱেশন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক