--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মায়ানগৰীৰ এহাল বিখ্যাত দম্পতী হ’ল ওলালে নেহা ধুপিয়া আৰু অংগদ বেদী। বিয়াৰ পিছত এই সুখী দম্পতীহাল বৰ্তমান দুটা সন্তানক লৈ ব্যস্ত।

নেহা আৰু অংগদৰ প্ৰেম কাহিনী অনুৰাগীসকলৰ বাবে জ্ঞাত। কিন্তু ভেলেণ্টাইন ডে’ৰ প্ৰাকক্ষণতে এই সন্দৰ্ভত নতুন তথ্য প্ৰকাশ কৰিছে দম্পতীহালে। কেনেকৈ লগ পাইছিল দুয়ো দুয়োকে? প্ৰেমৰ আৰম্ভণি কেনেকৈ হৈছিল?

দম্পতীহালৰ প্ৰেমৰ আঁৰত কৰণ জোহৰ আছিল। নেহাই কয়, “যেতিয়া আমি প্ৰথম লগ পাইছিলো, তেতিয়া মোৰ সম্পৰ্ক আছিল আন এজন ব্যক্তিৰ সৈতে। আনহাতে অংগদে ইটোৰ পিছত সিটো সম্পৰ্ক সলনি কৰি আছিল।’’

এবাৰ নেহাই অংগদক এটা হাউচ পাৰ্টিলৈ মাতিছিল। অংগদে কয় যে তাতেই তেওঁ নেহাৰ স’তে পৰিচয় হ’ল। নেহাৰ ভাষাত "আমাৰ প্ৰেমৰ আঁৰত সঁচাকৈয়েই এজনে প্ৰাচীন গ্ৰীক প্ৰেমৰ দেৱতা কিউপিডৰ ভূমিকা লৈছিল।" নেহাই এইদৰে কোৱাৰ পাছতে অংগদে জনায় যে কৰণ জোহৰে সেই পাৰ্টিটোতে নেহাক কৈছিল যে সন্মুখত থিয় হৈ থকা ল’ৰাটোৰ লগত আপোনাৰ কেমিষ্ট্ৰী জমি উঠিব পাৰে। গতিকে তেওঁৰ বিষয়ে কিছু চিন্তাভাৱনা কৰা।''

ইয়াৰ পিছত কি হ'ল অনুৰাগীসকলে জানে। ২০১৮ চনত দিল্লীৰ এখন গুৰদ্বাৰাত অংগদ আৰু নেহা বিবাহপাশত আবদ্ধ হয়। এইবাৰ প্ৰথমবাৰৰ বাবে দুয়ো এখন কমেডী ছবিত দম্পতী হিচাপে অভিনয় কৰিছে। চেতন ভগতে লিখা কাহিনীৰ আধাৰত ছবিখনৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক