--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘টাইটানিক’ আৰু ‘লৰ্ড অৱ দ্য ৰিংছ’ খ্যাতিৰ ব্ৰিটিছ অভিনেতা বাৰ্নাৰ্ড হিলৰ মৃত্যু হৈছে। অভিনেতাগৰাকীৰ দলৰ মতে, দেওবাৰে লণ্ডনত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বয়স আছিল ৭৯ বছৰ।

১৯৭৫ চনত ‘ইট কুড হেপেন টু ইউ’ নামৰ এখন তথ্যচিত্ৰৰ জৰিয়তে বাৰ্নাৰ্ডে অভিনয়ৰ জগতখনত প্ৰৱেশ কৰে। পিছলৈ ৰিচাৰ্ড এটেনব’ৰ’ৰ পৰিচালিত ‘গান্ধী’ আৰু বব ৰাফেলছনৰ পৰিচালনাত ‘মাউণ্টেইনছ অৱ দ্য মুন’ আদি ছবিত অভিনয় কৰে। কিন্তু ১৯৯৭ চনত জেমছ কেমেৰনৰ অস্কাৰ বিজয়ী চিনেমা টাইটানিকত কেপ্তেইন এডৱাৰ্ড জন স্মিথৰ চৰিত্ৰত অভিনয় কৰা অভিনয় এতিয়াও দৰ্শকৰ মনত আছে।

২০০২ চনত ‘লৰ্ড অৱ দ্য ৰিংছ’ ফ্ৰেঞ্চাইজিৰ ‘দ্য টু টাৱাৰছ’ ছবিত ৰজা থিয়ডেনৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। পিছৰ বছৰ ‘ৰিটাৰ্ণ অৱ দ্য কিং’ ছবিখনত তেওঁক একেটা চৰিত্ৰতে দেখা পাইছিল।

চিনেমাৰ উপৰিও বাৰ্নাৰ্ডে কেইবাখনো টিভি ধাৰাবাহিকত অভিনয় কৰিছিল। ১৯৮২ চনত তেওঁ বিবিচিৰ ধাৰাবাহিক ‘বয় ফ্ৰম দ্য ব্লেকষ্টাফ’ত অভিনয় কৰে। অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে হলিউড। চেলিব্ৰিটিকে ধৰি অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু