--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘টাইটানিক’ আৰু ‘লৰ্ড অৱ দ্য ৰিংছ’ খ্যাতিৰ ব্ৰিটিছ অভিনেতা বাৰ্নাৰ্ড হিলৰ মৃত্যু হৈছে। অভিনেতাগৰাকীৰ দলৰ মতে, দেওবাৰে লণ্ডনত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বয়স আছিল ৭৯ বছৰ।

১৯৭৫ চনত ‘ইট কুড হেপেন টু ইউ’ নামৰ এখন তথ্যচিত্ৰৰ জৰিয়তে বাৰ্নাৰ্ডে অভিনয়ৰ জগতখনত প্ৰৱেশ কৰে। পিছলৈ ৰিচাৰ্ড এটেনব’ৰ’ৰ পৰিচালিত ‘গান্ধী’ আৰু বব ৰাফেলছনৰ পৰিচালনাত ‘মাউণ্টেইনছ অৱ দ্য মুন’ আদি ছবিত অভিনয় কৰে। কিন্তু ১৯৯৭ চনত জেমছ কেমেৰনৰ অস্কাৰ বিজয়ী চিনেমা টাইটানিকত কেপ্তেইন এডৱাৰ্ড জন স্মিথৰ চৰিত্ৰত অভিনয় কৰা অভিনয় এতিয়াও দৰ্শকৰ মনত আছে।

২০০২ চনত ‘লৰ্ড অৱ দ্য ৰিংছ’ ফ্ৰেঞ্চাইজিৰ ‘দ্য টু টাৱাৰছ’ ছবিত ৰজা থিয়ডেনৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। পিছৰ বছৰ ‘ৰিটাৰ্ণ অৱ দ্য কিং’ ছবিখনত তেওঁক একেটা চৰিত্ৰতে দেখা পাইছিল।

চিনেমাৰ উপৰিও বাৰ্নাৰ্ডে কেইবাখনো টিভি ধাৰাবাহিকত অভিনয় কৰিছিল। ১৯৮২ চনত তেওঁ বিবিচিৰ ধাৰাবাহিক ‘বয় ফ্ৰম দ্য ব্লেকষ্টাফ’ত অভিনয় কৰে। অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে হলিউড। চেলিব্ৰিটিকে ধৰি অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী