--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মৃতকৰ আত্মাৰ শান্তিৰ বাবে পিতৃপক্ষত শ্ৰাদ্ধ বা অৰ্পণ কৰাটো অতি প্ৰয়োজন। ইয়াৰ ফলত পূৰ্বপুৰুষসকলে স্বৰ্গত স্থান লাভ কৰে বুলি বিশ্বাস কৰে। কিন্তু গৰুদ পুৰাণত উল্লেখ কৰা কিন্তু কিছুমান কথা ইমানেই শুভ বুলি গণ্য কৰা হয় যে মৃত্যুৰ সময়ত যদি এইবোৰ বস্তু ওচৰতে থাকে, তেন্তে শ্ৰাদ্ধ কৰ্মৰ প্ৰয়োজন নাই। এইবোৰ কথাই মৃতকৰ বাবে স্বৰ্গৰ পথ মুকলি কৰে। আহকচোন সেই বস্তুবোৰ কি কি, যিবোৰে মৃত্যুৰ সময়ত ওচৰত থকাটো অতি শুভ বুলি গণ্য কৰা হয়।

 ১. তুলসীঃ-জ্যোতিষশাস্ত্ৰৰ মতে মৃত্যুৰ সময়ত যদি ব্যক্তিজনৰ চাৰিওফালে তুলসী গছ থাকে বা তেওঁৰ মুখ আৰু কপালত তুলসী পাত দিলে মৃতক কেতিয়াও যমলোকলৈ নাযায়। তেওঁৰ বাবে স্বৰ্গৰ দুৱাৰ মুকলি হয় বুলি বিশ্বাস কৰা হয়।

২. গংগাজলঃ-হিন্দুধৰ্মত গংগাজলক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। গড়ুদ পুৰাণৰ মতে যেতিয়া মানুহৰ মৃত্যু ওচৰ চাপে, তেতিয়া তেওঁৰ মুখত গংগাজল দিব লাগে। এনে কৰিলে তেওঁৰ পাপমুক্ত হয় আৰু তেওঁ পোনে পোনে স্বৰ্গলৈ যায়। গংগা নদীত ভস্মীভূত কৰিও মৃতকে স্বৰ্গ পায় বুলি বিশ্বাস কৰা হয়।

৩. কুশঃ-কুশক হিন্দুধৰ্মত অতি শুভ বুলি গণ্য কৰা হয়। কুশ হ’ল একপ্ৰকাৰৰ ঘাঁ। পূজাত কুশৰ ব্যৱহাৰ প্ৰধান। ভগৱান বিষ্ণুৰ ৰোমৰ পৰা কুশৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। মৃত্যুমুখত পৰা ব্যক্তিক কুশৰ আসনত শুৱাই দিলে শ্ৰাদ্ধ নকৰাকৈয়ে তেওঁ স্বৰ্গত স্থান পায়।

৪. তিলঃ-তিলৰ শ্ৰাদ্ধপক্ষত বিশেষ তাৎপৰ্য্য আছে। পূৰ্বপুৰুষসকলক ক’লা তিলৰ লগত মিহলি পানী অৰ্পণ কৰা হয়। গতিকে মৃত্যুমুখত পৰা ব্যক্তিক যদি ক’লা তিল দান কৰা হয় বা ব্যক্তিজনৰ মূৰত ক’লা তিল দিলে তেওঁ স্বৰ্গত স্থান পাই বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ