--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰৰ মতে যেতিয়াই কোনো গ্ৰহে নিজৰ অৱস্থান সলনি কৰে তেতিয়াই সকলো ৰাশিৰ ওপৰত ইয়াৰ ভাল-বেয়া প্ৰভাৱ পৰে। সূৰ্য্যই কন্যা ৰাশিত প্ৰৱেশ কৰিছে, সূৰ্য্যৰ প্ৰৱেশ শুভ আৰু অশুভ প্ৰভাৱে একাংশ ৰাশিৰ ওপৰত নিশ্চিতভাৱে প্ৰভাৱ পেলাব। একে সময়তে কন্যা ৰাশিত সূৰ্য্যৰ প্ৰৱেশৰ বাবে বুঢ়াদিত্য যোগৰ সৃষ্টি হৈছে। জ্যোতিষশাস্ত্ৰৰ মতে ১১ ছেপ্টেম্বৰত কন্যা ৰাশিত বুধ গ্ৰহে প্ৰৱেশ কৰিছে। এনে অৱস্থাত পুনৰ সূৰ্য্যই কন্যা ৰাশিত প্ৰৱেশ কৰাই শুভ বুঢ়াদিত্য যোগ গঢ় লৈ উঠিছে। এনে শুভক্ষণত ৩টা ৰাশিৰ বাবে কঢ়িয়াই আনিব অপাৰ ধন, সন্মান আৰু কেৰিয়াৰত অপাৰ সফলতা।

 ১. বৃষ ৰাশিঃ-এই ৰাশিৰ লোকসকলে বিশেষভাৱে উপকৃত হ’ব। এই সময়ছোৱাত চাকৰি কৰাসকলে পদোন্নতি লাভ কৰিব পাৰে। খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যদিও ধন-সম্পৰ্কীয় সমস্যা নাথাকিব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে এইটোৱেই উত্তম সময়। কৰ্মক্ষেত্ৰত সন্মান লাভৰ যোগ দেখা যায়। আৰ্থিক অৱস্থা উন্নত হ’ব যদিও আপুনি কোনো নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে বিনিয়োগ কৰাৰ বাবে এইটোৱেই উত্তম সময়। ব্যৱসায় সম্প্ৰসাৰণ হ’ব। অংশীদাৰিত্বৰে কাম কৰিলে ডাঙৰ লাভৰ সম্ভাৱনা আছে।

 ২. কন্যা ৰাশিঃ-এই ৰাশিৰ লোকসকলৰ বাবে বিশেষ দিন। এই সময়ছোৱাত আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন থাকিব। পূৰ্বতকৈ অধিক শক্তিশালী হ’ব অৰ্থনৈতিক অৱস্থা। কৰ্মৰ লগত জড়িত হৈ ভ্ৰমণলৈ যাবলগীয়া হ’ব পাৰে। এই সময়ছোৱাত লাভৰ পূৰ্ণ সম্ভাৱনাও আছে। কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব। ক’ৰবাত আবদ্ধ হৈ থকা টকা ঘূৰাই পাব। যদি আপুনি কিবা নতুন কাম কৰাৰ কথা ভাবিছে তেন্তে এই সময় অনুকূল। পত্নীৰ সহায়ত যিকোনো কামত বৃহৎ সফলতা লাভ কৰিব পাৰি।

 ৩. মীন ৰাশিঃ-এই জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক অৱস্থা শক্তিশালী হ’ব। ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব। এই সময়ত পৰিয়ালৰ পৰিৱেশ সুখদায়ক হোৱাৰ লগতে কোনা কাৰণত আপুনি প্ৰশংসিত হোৱাৰ দেখা যায়। যদি আমি অংশীদাৰিত্বৰে কোনো কাম কৰে, লাভান্বিত হ’ব। চৰকাৰী কাম কৰা ৰাইজৰ বাবে এই সময় ভাল। প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সন্মান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু