--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভূমিস্খলনৰ বাবে কেৰালাৰ ৱায়নাড মৃত্যুপুৰীলৈ ৰূপান্তৰিত হৈছে। মৃত্যুৰ সংখ্যা ৩০০ অতিক্ৰম কৰিছে। এই দুৰ্দশাত দক্ষিণৰ চলচ্চিত্ৰ জগতৰ তাৰকাসকলে ভুক্তভোগীৰ কাষত থিয় দিছিল। জ্যোতিকা, কাৰ্তি, সূৰ্যকে ধৰি বহু অভিনেতাই সকাহ দি সহায়ৰ উদ্যোগ লৈছে।

 

মালয়ালমৰ তাৰকা যুটি ফাহাদ ফাচিল আৰু নাজাৰিয়া নাজিমে ২৫ লাখ টকা দিছে। এক অধিসূচনাত তেওঁলোকে লিখিছে, "আমি মুখ্যমন্ত্ৰীৰ সকাহ পুঁজিৰ বাবে ২৫ লাখ টকা দিছো। আশাকৰোঁ এই দুৰ্যোগত টকাৰ প্ৰয়োজন হোৱা সকলে কিছু সহায় লাভ কৰিব। এই কঠিন সময়ৰ মাজেৰে পাৰ হৈ যোৱাসকলৰ বাবে আমি প্ৰাৰ্থনা কৰি যাওঁ। আমি এই যুঁজখন একেলগে জয়ী হম।"

 

তামিল অভিনেতা বিক্ৰমেও নিহতসকলৰ বাবে ২০ লাখ টকা আগবঢ়ায়। বিক্ৰমৰ মেনেজাৰে এই খবৰ ছচিয়েল মিডিয়াত প্ৰকাশ কৰে। মালয়ালম অভিনেতা মামুটী আৰু তেওঁৰ পুত্ৰ দুলকুৰ ছালমানেও মুখ্যমন্ত্ৰীৰ সাহায্যৰ বাবে ৩৫ লাখ টকা আগবঢ়ায়। জ্যোতিকা, কাৰ্তি আৰু সূৰ্য্যই মিলি ৫০ লাখ টকা আগবঢ়ায়।

 

মন কৰিবলগীয়া যে এতিয়ালৈকে কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে ৩০৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। জানিব পৰা মতে, এতিয়ালৈকে বহু মৃতদেহ উদ্ধাৰ হোৱা নাই। ড্ৰনৰ জৰিয়তে মৃতদেহ উদ্ধাৰৰ চেষ্টা অব্যাহত আছে। এই উদ্ধাৰ অভিযানত প্ৰশিক্ষিত কুকুৰকো ব্যৱহাৰ কৰা হৈছে।

 

 

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ