--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পিপলছ ডেম'ক্ৰেটিক পাৰ্টিৰ (পিডিপি) সভানেত্ৰী  তথা কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে  ডেমক্ৰেটিক আজাদ পাৰ্টিৰ সভাপতি গুলাম নবী আজাদক তেওঁৰ মুছলমান সম্পৰ্কীয় মন্তব্যৰ বাবে সমালোচনা কৰিছে। আজাদে কিছুদিন পূৰ্বে কৈছিল যে   "ভাৰতৰ সকলো মুছলমান মূলতঃ হিন্দু আছিল"।মেহবুবা মুফতিয়ে কয়, "আজাদৰ মন্তব্য বিপদজ্জনক আৰু বিভাজনকাৰী। তেওঁৰ এনে মন্তব্য  আৰ এছ এছ, বিজেপি আৰু জনসংঘৰ ভাষ্যৰ সৈতে একে।"

জেকেএলএফৰ মুৰব্বী য়াছিন মালিকৰ পত্নী মুছাল হুছেইন মালিকক অন্তৱৰ্তীকালীন মন্ত্ৰীসভাত নিযুক্তি দিয়া সন্দৰ্ভত মুফতিয়ে কয়, "মই মুছাল হুছেইন মালিকৰ উকীল নহয়, কিন্তু তেওঁ তেওঁৰ স্বামীৰ দৰে  সন্ত্ৰাসবাদী বা সন্ত্ৰাসৰ অভিযুক্ত নহয়। কিন্তু বিজেপিত, আমাৰ ওচৰত সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ দৰে সন্ত্ৰাসবাদী অভিযুক্ত লোক আছে, যিয়ে মুছলমানসকলৰ গণহত্যাৰ বাবে মুকলিকৈ আহ্বান জনাইছে আৰু বিজেপিয়ে এনে লোকসকলক পুৰস্কৃত কৰিছে।"

উল্লেখ্য কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদে ভাৰতত ধৰ্মৰ ঐতিহাসিক পটভূমিত কৰা এক  মন্তব্যই   বিতৰ্কৰ সৃষ্টি কৰিছিল। এটা ভিডিঅ'ত প্ৰাক্তন আজাদে তেওঁৰ দৃষ্টিভংগীকৈছিল "সকলো মুছলমান  প্ৰথমতে এই ৰাষ্ট্ৰত হিন্দু ধৰ্মৰ আছিল।" ডোডা জিলাৰ থাথ্ৰী অঞ্চলত এক সমাৱেশক সম্বোধন কৰি আজাদে মন্তব্য কৰে, "প্ৰায় ১,৫০০ বছৰ আগতে ইছলামৰ উদ্ভৱ হৈছিল, আনহাতে হিন্দু ধৰ্মৰ শিপা তাতোকৈ প্ৰাচীন । কিছুমান মুছলমান হয়তো বিদেশৰ  পৰা প্ৰব্ৰজন কৰিছিল আৰু মোগল সৈন্যবাহিনীত অংশগ্ৰহণ কৰিছিল।"
 আজাদৰ এনে মন্তব্যই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে