--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পিপলছ ডেম'ক্ৰেটিক পাৰ্টিৰ (পিডিপি) সভানেত্ৰী  তথা কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে  ডেমক্ৰেটিক আজাদ পাৰ্টিৰ সভাপতি গুলাম নবী আজাদক তেওঁৰ মুছলমান সম্পৰ্কীয় মন্তব্যৰ বাবে সমালোচনা কৰিছে। আজাদে কিছুদিন পূৰ্বে কৈছিল যে   "ভাৰতৰ সকলো মুছলমান মূলতঃ হিন্দু আছিল"।মেহবুবা মুফতিয়ে কয়, "আজাদৰ মন্তব্য বিপদজ্জনক আৰু বিভাজনকাৰী। তেওঁৰ এনে মন্তব্য  আৰ এছ এছ, বিজেপি আৰু জনসংঘৰ ভাষ্যৰ সৈতে একে।"

জেকেএলএফৰ মুৰব্বী য়াছিন মালিকৰ পত্নী মুছাল হুছেইন মালিকক অন্তৱৰ্তীকালীন মন্ত্ৰীসভাত নিযুক্তি দিয়া সন্দৰ্ভত মুফতিয়ে কয়, "মই মুছাল হুছেইন মালিকৰ উকীল নহয়, কিন্তু তেওঁ তেওঁৰ স্বামীৰ দৰে  সন্ত্ৰাসবাদী বা সন্ত্ৰাসৰ অভিযুক্ত নহয়। কিন্তু বিজেপিত, আমাৰ ওচৰত সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ দৰে সন্ত্ৰাসবাদী অভিযুক্ত লোক আছে, যিয়ে মুছলমানসকলৰ গণহত্যাৰ বাবে মুকলিকৈ আহ্বান জনাইছে আৰু বিজেপিয়ে এনে লোকসকলক পুৰস্কৃত কৰিছে।"

উল্লেখ্য কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদে ভাৰতত ধৰ্মৰ ঐতিহাসিক পটভূমিত কৰা এক  মন্তব্যই   বিতৰ্কৰ সৃষ্টি কৰিছিল। এটা ভিডিঅ'ত প্ৰাক্তন আজাদে তেওঁৰ দৃষ্টিভংগীকৈছিল "সকলো মুছলমান  প্ৰথমতে এই ৰাষ্ট্ৰত হিন্দু ধৰ্মৰ আছিল।" ডোডা জিলাৰ থাথ্ৰী অঞ্চলত এক সমাৱেশক সম্বোধন কৰি আজাদে মন্তব্য কৰে, "প্ৰায় ১,৫০০ বছৰ আগতে ইছলামৰ উদ্ভৱ হৈছিল, আনহাতে হিন্দু ধৰ্মৰ শিপা তাতোকৈ প্ৰাচীন । কিছুমান মুছলমান হয়তো বিদেশৰ  পৰা প্ৰব্ৰজন কৰিছিল আৰু মোগল সৈন্যবাহিনীত অংশগ্ৰহণ কৰিছিল।"
 আজাদৰ এনে মন্তব্যই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস