--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিল্পজগতৰ এক চাঞ্চল্যকৰ খবৰ। ‘দেশী-দেশী’ গীতেৰে মানুহৰ মন জয় কৰা হাৰিয়ানাৰ কণ্ঠশিল্পী ৰাজু পাঞ্জাবীৰ দেহাৱসান। ৰাজুৰ বয়স আছিল মাত্ৰ ৪০ বছৰ আৰু তেওঁ আছিল হাৰিয়ানাৰ হিছাৰৰ বাসিন্দা। বহু দিন ধৰি জণ্ডিচ ৰোগত আক্ৰান্ত হৈ আছিল ৰাজু। তেওঁৰ মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে আৰু সকলোৱে আৰ্দ্ৰ চকুৰে ছ’চিয়েল মিডিয়াত কণ্ঠশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে।

খবৰ অনুসৰি যোৱা ১০ দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল ৰাজু পাঞ্জাবী। য'ত তেওঁ চিকিৎসাধীন হৈ আছিল। ৰাজুৰ মৃত্যুৰ খবৰ শুনি তেওঁৰ অনুৰাগী আৰু আত্মীয়-স্বজন হিছাৰলৈ আহিবলৈ আৰম্ভ কৰিছে।

তথ্য অনুসৰি ৰাজু পাঞ্জাবীয়ে চিকিৎসাৰ সময়ত সুস্থ হৈ ঘৰলৈ আহিছিল যদিও হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। য'ত কিছুদিন পিছতে তেওঁৰ মৃত্যু হয়।

ৰাজু পাঞ্জাবীৱে এৰি থৈ গৈছে পত্নী আৰু তিনিগৰাকী কন্যা সন্তান। স্বপ্না চৌধাৰীৰ সৈতে ৰাজু পাঞ্জাবীৰ যোৰাটো যে যথেষ্ট বিখ্যাত আছিল সেই কথা খুব কম মানুহেহে গম পায়। ৰাজু পাঞ্জাবীৰ শেষৰটো গীত 'আপছে মিলকে ইয়াৰা হামকো আচ্ছা লগা' যোৱা ১২ আগষ্টত মুক্তি লাভ কৰিছে। এই গীতটিৰ পিছতেই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। ৰাজু পাঞ্জাবী ছ’চিয়েল মিডিয়াতো বৰ সক্ৰিয় আছিল। ৰাজু পাঞ্জাবীৰ ‘দেশী দেশী’ গীতৰ উপৰিও ‘তু ছিজ লাজৱাব’ আৰু ‘চলিড বডি’ গীতে জনপ্ৰিয়তা অৰ্জন কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে