--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিল্পজগতৰ এক চাঞ্চল্যকৰ খবৰ। ‘দেশী-দেশী’ গীতেৰে মানুহৰ মন জয় কৰা হাৰিয়ানাৰ কণ্ঠশিল্পী ৰাজু পাঞ্জাবীৰ দেহাৱসান। ৰাজুৰ বয়স আছিল মাত্ৰ ৪০ বছৰ আৰু তেওঁ আছিল হাৰিয়ানাৰ হিছাৰৰ বাসিন্দা। বহু দিন ধৰি জণ্ডিচ ৰোগত আক্ৰান্ত হৈ আছিল ৰাজু। তেওঁৰ মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে আৰু সকলোৱে আৰ্দ্ৰ চকুৰে ছ’চিয়েল মিডিয়াত কণ্ঠশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে।

খবৰ অনুসৰি যোৱা ১০ দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল ৰাজু পাঞ্জাবী। য'ত তেওঁ চিকিৎসাধীন হৈ আছিল। ৰাজুৰ মৃত্যুৰ খবৰ শুনি তেওঁৰ অনুৰাগী আৰু আত্মীয়-স্বজন হিছাৰলৈ আহিবলৈ আৰম্ভ কৰিছে।

তথ্য অনুসৰি ৰাজু পাঞ্জাবীয়ে চিকিৎসাৰ সময়ত সুস্থ হৈ ঘৰলৈ আহিছিল যদিও হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। য'ত কিছুদিন পিছতে তেওঁৰ মৃত্যু হয়।

ৰাজু পাঞ্জাবীৱে এৰি থৈ গৈছে পত্নী আৰু তিনিগৰাকী কন্যা সন্তান। স্বপ্না চৌধাৰীৰ সৈতে ৰাজু পাঞ্জাবীৰ যোৰাটো যে যথেষ্ট বিখ্যাত আছিল সেই কথা খুব কম মানুহেহে গম পায়। ৰাজু পাঞ্জাবীৰ শেষৰটো গীত 'আপছে মিলকে ইয়াৰা হামকো আচ্ছা লগা' যোৱা ১২ আগষ্টত মুক্তি লাভ কৰিছে। এই গীতটিৰ পিছতেই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। ৰাজু পাঞ্জাবী ছ’চিয়েল মিডিয়াতো বৰ সক্ৰিয় আছিল। ৰাজু পাঞ্জাবীৰ ‘দেশী দেশী’ গীতৰ উপৰিও ‘তু ছিজ লাজৱাব’ আৰু ‘চলিড বডি’ গীতে জনপ্ৰিয়তা অৰ্জন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস