ডিজিটেল ডেস্ক: ‘বৈচিত্ৰৰ মাজত ঐক্য’- বিশ্ব ৰাজনীতিত এই পৰিচয়ৰ বাবে ভাৰতবৰ্ষই এক সুকীয়া স্থান দখল কৰি আহিছে। সাংবিধানিক ভেঁটিত গঢ় লৈ উঠা ভাৰতৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰই এই ‘বৈচিত্ৰৰ মাজত ঐক্য’ৰ পৰিচয়ত সোণত সুৱগা চৰাইছিল। কিন্তু হঠাত ভাৰতৰ সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ মূল আধাৰ সংবিধানৰ ওপৰত নামি আহে নিৰন্তৰ আক্ৰমণ। ২০১৪ চনত ধৰ্মীয় ৰাজনীতিৰ মুকলি পৃষ্ঠপোষক বিজেপিয়ে দেশৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতে ভাৰতীয় সমাজ ব্যৱস্থাটোত এক উদ্বেগজনক পৰিৱেশে মূৰ দাঙি উঠে। দেশৰ সাংবিধানিক চৰিত্ৰক মুকলিকৈ উপহাস কৰি বিজেপি তথা বিজেপিৰ আদৰ্শগত আধাৰ আৰ এছ এছ আৰু হিন্দুত্ববাদী সংগঠনসমূহে দেশত বাধাহীনভাৱে চটিয়াই দিছে সাম্প্ৰদায়িক বিষবাষ্প। এনে পৰিস্থিতিত দেশৰ বিভিন্ন প্ৰান্তত ক্ৰমশ উদ্ভৱ হ’বলৈ ধৰে সাম্প্ৰদায়িক সংঘাতৰ দৰে উদ্বেগজনক ঘটনা।
ভাৰতৰ সেই ‘বৈচিত্ৰৰ মাজত ঐক্য’ নীতিৰ ঠাইত সম্প্ৰতি ফুটি উঠে এক সম্পূৰ্ণ পৃথক চৰিত্ৰ। শাসকীয় বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত হিন্দুত্ববাদী মনোভাৱ পোষণ কৰা একাংশ ব্যক্তি তথা সংগঠনে দেশত সম্প্ৰতি মুকলিকৈয়ে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি আহিছে। হিন্দুত্ববাদী সংগঠনসমূহৰ এনে আগ্ৰাসী চৰিত্ৰৰ ফলশ্ৰুতিত প্ৰকাশ্যেই পৰস্পৰ পৰিপূৰক ৰূপে বৃদ্ধি পাইছে মুছলমান মৌলবাদী শক্তিও।
২০১৪ চনত বিজেপি কেন্দ্ৰত শাসনলৈ অহাৰ পিছতে দলটোৰ কেইবাগৰাকীও নেতাই মুকলিকৈয়ে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য কৰি আহিছে। তৎসত্বেও তেওঁলোক কেৱল ক্ষমতাৰ জোৰতে আইনী ব্যৱস্থাৰ শাস্তিৰ সন্মুখীন হোৱাৰ পৰা সুৰক্ষিত হৈ আছে। এনে উদ্বেগজনক সাম্প্ৰদায়িক মন্তব্যৰে শেহতীয়াকৈ চৰ্চালৈ আহিছে আন এগৰাকী বিজেপি নেতা। কেৱল সাম্প্ৰদায়িক মন্তব্যৰেই নহয়, দেশ জোকাৰি যোৱা কেইটামান নৃশংস হত্যাকাণ্ডক গৌৰৱেৰে নায্যতা প্ৰদান কৰিছে এই বিজেপি নেতাগৰাকীয়ে।
সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ এটা ভিডিঅ’ত এই ভয়ংকৰ মন্তব্য শুনিবলৈ পোৱা গৈছে। ৰাজস্থানৰ জ্যেষ্ঠ বিজেপি নেতা জ্ঞান দেৱ আহুজাই এক অনুষ্ঠানত মুকলিকৈ কোৱা শুনা গৈছে, “আমি এতিয়ালৈকে পাঁচজনক হত্যা কৰিছো।” প্ৰকাশ্যেই মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি নেতাগৰাকীয়ে কয়, “বেহৰোৰ ঘটনাই হওক বা লালৱান্দিৰ ঘটনাই হওক, আমি এতিয়ালৈকে পাঁচজনক হত্যা কৰিছো। তেওঁলোকক হত্যা কৰাৰ বাবে মই আমাৰ মানুহক সম্পূৰ্ণ স্বাধীনতা দিছো। তাৰ পিছতো আমাৰ এই লোকসকলক নিৰ্দোষী সাব্যস্ত কৰাৰ লগতে সুৰক্ষিত জামিনৰো ব্যৱস্থা কৰিম।"
উল্লেখ্য যে বেহৰোৰ আৰু লালৱান্দিৰ হত্যাকাণ্ড দুটা ক্ৰমে ২০১৭ আৰু ২০১৮ চনত ৰামগড়ত সংঘটিত হৈছিল। সেইসময়ত ৰাজস্থানৰ বিজেপি শাসনত আছিল আৰু উক্ত অঞ্চল দুটা জ্ঞান দেৱ আহুজাই প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ অন্তৰ্গত আছিল। ২০১৭ চনৰ ১ এপ্ৰিলত বেহৰোৰত পেহলু খান নামৰ এজন ৫৫ বছৰীয়া দুগ্ধ খেতিয়কক একাংশ উন্মত্ত হিন্দুত্বাবাদী লোকে ৰড আৰু লাঠিৰে প্ৰহাৰ কৰিছিল। গোৰক্ষক হিচাপে পৰিচয় দিয়া এই আক্ৰমণকাৰী সকলে পেহলু খান গৰু হত্যাত জড়িত থকাৰ অভিযোগ তুলিয়ে এনে নৃশংস আক্ৰমণ কৰিছিল। এই ঘটনাৰ দুদিন পেহলু খানৰ মৃত্যু হৈছিল।
আনহাতে হাৰিয়ানাৰ বাসিন্দা ৰাকবৰ খান নামৰ আন এজন ২৯ বছৰীয়া যুৱকক ২০১৮ চনৰ ২১ জুলাইত গোৰক্ষকৰ এটা দলে গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত আক্ৰমণ কৰিছিল। এনে ভয়াৱহ গণ প্ৰহাৰত থিতাতে মৃত্যু হৈছিল যুৱকজনৰ। বেহৰোৰ আৰু লালৱান্দিত সংঘটিত এই দুই ঘটনাৰ বাবে জ্ঞান দেৱ আহুজাই উল্লেখ কৰা আন তিনিটা হত্যাকাণ্ডৰ কথা অৱশ্যে জানিব পৰা হোৱা নাই।
ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিছতে ৰাজস্থান আৰক্ষীয়ে আহুজাৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিদ্বেষ বৃদ্ধিৰ অভিযোগত এক গোচৰ ৰুজু কৰিছে। আনহাতে গোচৰ ৰুজু হোৱাৰ পিছতে বিজেপি নেতাগৰাকীয়ে তেওঁৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে বুলি মন্তব্য কৰি দায় সাৰিব বিচাৰে।
উল্লেখ্য যে এইগৰাকী বিজেপি নেতায়েই ২০১৬ চনত দেশৰ অন্যতম শীৰ্ষস্থানীয় শৈক্ষিক প্ৰতিষ্ঠান জেএনইউ- ৰ বিষয়ে এক উদ্ভট মন্তব্য কৰিছিল। জেএনইউ- ৰ ভিতৰৰ পৰা চৰকাৰৰ জনবিৰোধী নীতিৰ যি সমালোচনাৰ সৃষ্টি হৈছিল, সেয়া বিৰোধ কৰিবলৈ গৈ আহুজাই জেএনইউ- ৰ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক ৩,০০০ কন্ডম আৰু গৰ্ভধাৰণ নিৰোধক বেজী ব্যৱহাৰ কৰে বুলি মন্তব্য কৰিছিল। আহুজাৰ এই উদ্ভট মন্তব্যই সেই সময়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আনহাতে এতিয়া এই ম’ব লিঞ্চিং তথা হত্যাৰ দৰে নিকৃষ্ট কাণ্ডত মুকলিকৈয়ে পৃষ্ঠপোষকতা থকা বুলি মন্তব্য কৰাৰ পাছত আহুজাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয়, সেয়া লক্ষ্যণীয় হ’ব।