--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী, পঞ্জাবৰ পাছত গুজৰাটৰ মছনদ দখল কৰাৰ বাবে উঠিপৰি লাগিছে আম আদমী পাৰ্টী৷ আনকি, দলটোৱে গুজৰাটৰ নিৰ্বাচনক দলটোৰ বাবেও এক অগ্নিপৰীক্ষা হিচাপেগণ্য কৰিছে৷ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি দলটোৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াই গুজৰাট ভ্ৰমণ কৰিব।

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজিৰ পৰা নিৰ্বাচনমুখী গুজৰাটলৈ দুদিনীয়া ভ্ৰমণ আৰম্ভ কৰিব। কেজৰিৱালৰ সৈতে এই ভ্ৰমণত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াও উপস্থিত থাকিব, যিয়ে আপ চৰকাৰৰ পূৰ্বৰ আবকাৰী নীতিৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ তদন্তৰ সন্মুখীন হৈছে।

আপৰ নেতাদ্বয়ে আজি আহমেদাবাদত উপস্থিত হ’ব আৰু হিম্মতনগৰত এখন টাউনহল সভাসম্বোধন কৰিব। তেওঁলোকে কাইলৈ ভাৱনগৰৰ এখন টাউনহল সভাতো অংশগ্ৰহণ কৰিব।

কেজৰিৱালে এক টুইটযোগে কয়, কাইলৈ মনীষজী আৰু মই শিক্ষা আৰু স্বাস্থ্যৰ নিশ্চয়তা দিবলৈ দুদিনৰ বাবে গুজৰাটলৈ যাম। দিল্লীৰ দৰে গুজৰাটতো ভাল বিদ্যালয়, ভাল চিকিৎসালয় আৰু মহল্লাক্লিনিক থাকিব। সকলোৱে বিনামূলীয়া আৰু ভাল শিক্ষা আৰু ভাল চিকিৎসা লাভ কৰিব। মানুহে সকাহ পাব, আমি যুৱবন্ধুসকলৰ সৈতেও বাৰ্তালাপ কৰিম৷ 

দিল্লীৰ আবকাৰী নীতি ৰূপায়ণত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত চিবিআইয়ে ছিচ’দিয়াৰ ঘৰত তালাচী চলাই কেইবাঠাইতো অভিযান চলাই যোৱাৰ এদিন পাছতে এই মন্তব্য কৰিছিল কেজৰিৱালে৷ পূৰ্বৰ উত্তৰ গুজৰাট ভ্ৰমণৰ সময়ত কেজৰিৱালে বিনামূলীয়া বিদ্যুৎ যোগানৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱা উন্নত কৰালৈকে ৰাজ্যখনৰ জনসাধাৰণক একগোট কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু