--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লী, পঞ্জাবৰ পাছত গুজৰাটৰ মছনদ দখল কৰাৰ বাবে উঠিপৰি লাগিছে আম আদমী পাৰ্টী৷ আনকি, দলটোৱে গুজৰাটৰ নিৰ্বাচনক দলটোৰ বাবেও এক অগ্নিপৰীক্ষা হিচাপেগণ্য কৰিছে৷ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি দলটোৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াই গুজৰাট ভ্ৰমণ কৰিব।

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজিৰ পৰা নিৰ্বাচনমুখী গুজৰাটলৈ দুদিনীয়া ভ্ৰমণ আৰম্ভ কৰিব। কেজৰিৱালৰ সৈতে এই ভ্ৰমণত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াও উপস্থিত থাকিব, যিয়ে আপ চৰকাৰৰ পূৰ্বৰ আবকাৰী নীতিৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ তদন্তৰ সন্মুখীন হৈছে।

আপৰ নেতাদ্বয়ে আজি আহমেদাবাদত উপস্থিত হ’ব আৰু হিম্মতনগৰত এখন টাউনহল সভাসম্বোধন কৰিব। তেওঁলোকে কাইলৈ ভাৱনগৰৰ এখন টাউনহল সভাতো অংশগ্ৰহণ কৰিব।

কেজৰিৱালে এক টুইটযোগে কয়, কাইলৈ মনীষজী আৰু মই শিক্ষা আৰু স্বাস্থ্যৰ নিশ্চয়তা দিবলৈ দুদিনৰ বাবে গুজৰাটলৈ যাম। দিল্লীৰ দৰে গুজৰাটতো ভাল বিদ্যালয়, ভাল চিকিৎসালয় আৰু মহল্লাক্লিনিক থাকিব। সকলোৱে বিনামূলীয়া আৰু ভাল শিক্ষা আৰু ভাল চিকিৎসা লাভ কৰিব। মানুহে সকাহ পাব, আমি যুৱবন্ধুসকলৰ সৈতেও বাৰ্তালাপ কৰিম৷ 

দিল্লীৰ আবকাৰী নীতি ৰূপায়ণত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত চিবিআইয়ে ছিচ’দিয়াৰ ঘৰত তালাচী চলাই কেইবাঠাইতো অভিযান চলাই যোৱাৰ এদিন পাছতে এই মন্তব্য কৰিছিল কেজৰিৱালে৷ পূৰ্বৰ উত্তৰ গুজৰাট ভ্ৰমণৰ সময়ত কেজৰিৱালে বিনামূলীয়া বিদ্যুৎ যোগানৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱা উন্নত কৰালৈকে ৰাজ্যখনৰ জনসাধাৰণক একগোট কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ