--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন মুছলমানে লিভ-ইন ৰিলেচনশ্বিপ) দাবী কৰিব নোৱাৰে কিয়নো ইছলামত এনে সম্পৰ্ক অনুমোদিত নহয়। এই মন্তব্য বুধবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে কৰে। আদালতে আন্তঃধৰ্মীয় সহবাসৰ সম্পৰ্ক সন্দৰ্ভত গোচৰটো পৰ্যবেক্ষণ কৰে।

ন্যায়াধীশ এ আৰ মাছুদী আৰু ন্যায়াধীশ এ কে শ্ৰীবাস্তৱৰ বিচাৰপীঠে এই গোচৰত লক্ষ্য কৰিছিল যে, “ইছলামিক নীতিয়ে কেতিয়াও বিবাহিত সম্পৰ্কৰ সময়ত লাইভ-ইন সম্পৰ্কৰ অনুমতি নিদিয়ে।’’ আৰু কয়- ''যেতিয়া তেওঁলোকৰ স্বামী-স্ত্ৰী জীয়াই নাথাকে তেতিয়া তেওঁলোকে ইচ্ছামতে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে।”

কিন্তু সেই গোচৰত আদালতে সাংবিধানিক বৈধতা আৰু সামাজিক নৈতিকতাৰ মাজৰ ভাৰসাম্য মানি চলিবলৈও ‘পৰামৰ্শ’ দিছে। প্ৰসংগক্ৰমে উত্তৰ প্ৰদেশৰ বাসিন্দা স্নেহা দেৱীয়ে পিতৃ-মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে মহম্মদ ছাদাব খানৰ সৈতে সহবাস কৰিছিল। এই সন্দৰ্ভত স্নেহাৰ পিতৃ-মাতৃয়ে আৰক্ষীৰ কাষ চাপি অহাৰ লগে লগে দম্পতীহালে নিৰাপত্তা বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। ভাৰতৰ সংবিধানৰ ২১ নং অনুচ্ছেদ (জীৱন আৰু স্বাধীনতাৰ সুৰক্ষা)ৰ অধীনত তেওঁলোকে নিৰাপত্তা বিচাৰিছিল।

ইয়াৰ পিছতে তদন্তত প্ৰকাশ পাইছে যে ২০২০ চনত ছাদাবে ফৰিদা খাতুন নামৰ এগৰাকী মহিলাক বিয়া কৰাইছিল। আদালতে নিৰ্দেশ দিয়ে যে এনে সম্পৰ্কত ২১ অনুচ্ছেদ প্ৰযোজ্য নহয়। দুজন ন্যায়াধীশৰ বিচাৰপীঠে স্নেহাক প্ৰাপ্তবয়স্ক বুলি দাবী কৰিলেও আৰক্ষীৰ নিৰাপত্তাৰ অধীনত পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠিয়াবলৈ নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ