--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন মুছলমানে লিভ-ইন ৰিলেচনশ্বিপ) দাবী কৰিব নোৱাৰে কিয়নো ইছলামত এনে সম্পৰ্ক অনুমোদিত নহয়। এই মন্তব্য বুধবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে কৰে। আদালতে আন্তঃধৰ্মীয় সহবাসৰ সম্পৰ্ক সন্দৰ্ভত গোচৰটো পৰ্যবেক্ষণ কৰে।

ন্যায়াধীশ এ আৰ মাছুদী আৰু ন্যায়াধীশ এ কে শ্ৰীবাস্তৱৰ বিচাৰপীঠে এই গোচৰত লক্ষ্য কৰিছিল যে, “ইছলামিক নীতিয়ে কেতিয়াও বিবাহিত সম্পৰ্কৰ সময়ত লাইভ-ইন সম্পৰ্কৰ অনুমতি নিদিয়ে।’’ আৰু কয়- ''যেতিয়া তেওঁলোকৰ স্বামী-স্ত্ৰী জীয়াই নাথাকে তেতিয়া তেওঁলোকে ইচ্ছামতে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে।”

কিন্তু সেই গোচৰত আদালতে সাংবিধানিক বৈধতা আৰু সামাজিক নৈতিকতাৰ মাজৰ ভাৰসাম্য মানি চলিবলৈও ‘পৰামৰ্শ’ দিছে। প্ৰসংগক্ৰমে উত্তৰ প্ৰদেশৰ বাসিন্দা স্নেহা দেৱীয়ে পিতৃ-মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে মহম্মদ ছাদাব খানৰ সৈতে সহবাস কৰিছিল। এই সন্দৰ্ভত স্নেহাৰ পিতৃ-মাতৃয়ে আৰক্ষীৰ কাষ চাপি অহাৰ লগে লগে দম্পতীহালে নিৰাপত্তা বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। ভাৰতৰ সংবিধানৰ ২১ নং অনুচ্ছেদ (জীৱন আৰু স্বাধীনতাৰ সুৰক্ষা)ৰ অধীনত তেওঁলোকে নিৰাপত্তা বিচাৰিছিল।

ইয়াৰ পিছতে তদন্তত প্ৰকাশ পাইছে যে ২০২০ চনত ছাদাবে ফৰিদা খাতুন নামৰ এগৰাকী মহিলাক বিয়া কৰাইছিল। আদালতে নিৰ্দেশ দিয়ে যে এনে সম্পৰ্কত ২১ অনুচ্ছেদ প্ৰযোজ্য নহয়। দুজন ন্যায়াধীশৰ বিচাৰপীঠে স্নেহাক প্ৰাপ্তবয়স্ক বুলি দাবী কৰিলেও আৰক্ষীৰ নিৰাপত্তাৰ অধীনত পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠিয়াবলৈ নিৰ্দেশ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু