--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰতত ৬৫ বছৰত হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে। দেশৰ সংখ্যাগৰিষ্ঠ ধৰ্ম হিচাপে পৰিগণিত হিন্দুসকলৰ জনসংখ্যা ১৯৫০ চনৰ পৰা ২০১৫ চনৰ ভিতৰত ৭.৮% হ্ৰাস পাইছে। আনহাতে বহু চুবুৰীয়া দেশত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ জনসংখ্যা প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। 

১৯৫০ চনৰ পৰা ২০১৫ চনক সামৰি চলোৱা অধ্যয়নত দেখা গৈছে যে ভাৰতত সংখ্যাগৰিষ্ঠ হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা এইদৰে হ্ৰাস পোৱাৰ বিপৰীতে মুছলমান লোকৰ সংখ্যা ৪৩.১৫ শতাংশ বৃদ্ধি পাইছে। একেদৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা ৫.৩৮ শতাংশ আৰু শিখ ধৰ্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি পাইছে ৬.৫৮ শতাংশ। কিন্তু এই সময়ছোৱাত জৈন আৰু পাৰ্চীৰ সংখ্যা কমিছে। বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ মাজত সামান্য বৃদ্ধি হোৱা দেখা গৈছে।

অধ্যয়ন অনুসৰি ১৯৫০ চনত ভাৰতৰ জনসংখ্যাত হিন্দুৰ অংশ আছিল ৮৪%। ২০১৫ চনৰ ভিতৰত ই ৭৮% লৈ হ্ৰাস পাইছে। একে সময়ছোৱাতে মুছলমানৰ সংখ্যা ৯.৮৪%ৰ পৰা ১৪.০৯%লৈ বৃদ্ধি পাইছে। 

ম্যানমাৰৰ পাছতে ভাৰতৰ সংখ্যাগৰিষ্ঠ জনসংখ্যা হ্ৰাস পোৱা চুবুৰীয়া দেশসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে। ম্যানমাৰত সংখ্যাগৰিষ্ঠ জনসংখ্যা ১০% আৰু ভাৰতত ৭.৮% হ্ৰাস পাইছে। ভাৰতৰ বাহিৰেও নেপালৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ (হিন্দু) জনসংখ্যাৰ ৩.৬% হ্ৰাস দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ