--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰতত ৬৫ বছৰত হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে। দেশৰ সংখ্যাগৰিষ্ঠ ধৰ্ম হিচাপে পৰিগণিত হিন্দুসকলৰ জনসংখ্যা ১৯৫০ চনৰ পৰা ২০১৫ চনৰ ভিতৰত ৭.৮% হ্ৰাস পাইছে। আনহাতে বহু চুবুৰীয়া দেশত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ জনসংখ্যা প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। 

১৯৫০ চনৰ পৰা ২০১৫ চনক সামৰি চলোৱা অধ্যয়নত দেখা গৈছে যে ভাৰতত সংখ্যাগৰিষ্ঠ হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা এইদৰে হ্ৰাস পোৱাৰ বিপৰীতে মুছলমান লোকৰ সংখ্যা ৪৩.১৫ শতাংশ বৃদ্ধি পাইছে। একেদৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা ৫.৩৮ শতাংশ আৰু শিখ ধৰ্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি পাইছে ৬.৫৮ শতাংশ। কিন্তু এই সময়ছোৱাত জৈন আৰু পাৰ্চীৰ সংখ্যা কমিছে। বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ মাজত সামান্য বৃদ্ধি হোৱা দেখা গৈছে।

অধ্যয়ন অনুসৰি ১৯৫০ চনত ভাৰতৰ জনসংখ্যাত হিন্দুৰ অংশ আছিল ৮৪%। ২০১৫ চনৰ ভিতৰত ই ৭৮% লৈ হ্ৰাস পাইছে। একে সময়ছোৱাতে মুছলমানৰ সংখ্যা ৯.৮৪%ৰ পৰা ১৪.০৯%লৈ বৃদ্ধি পাইছে। 

ম্যানমাৰৰ পাছতে ভাৰতৰ সংখ্যাগৰিষ্ঠ জনসংখ্যা হ্ৰাস পোৱা চুবুৰীয়া দেশসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে। ম্যানমাৰত সংখ্যাগৰিষ্ঠ জনসংখ্যা ১০% আৰু ভাৰতত ৭.৮% হ্ৰাস পাইছে। ভাৰতৰ বাহিৰেও নেপালৰ সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ (হিন্দু) জনসংখ্যাৰ ৩.৬% হ্ৰাস দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু