ডিজিটেল ডেস্কঃ একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ইতিহাস ৰচনা কৰিলে নৰেন্দ্ৰ মোদীয়ে। একেৰাহে ক্ষমতাৰ হেট্ৰিক অৰ্জন কৰা প্ৰধানমন্ত্ৰী মোদী বিজেপিৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু দেশৰ দ্বিতীয় প্ৰধানমন্ত্ৰী। দেওবাৰে নৰেন্দ্ৰ মোদীৰ সৈতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৭১গৰাকী মন্ত্ৰীয়ে।
মোদী চৰকাৰৰ কেবিনেটত এজনো মুছলমানে স্থান লাভ কৰা নাই। স্বাধীনতাৰ পিছত এইখনেই প্ৰথমখন কেন্দ্ৰীয় চৰকাৰ, য’ত কোনো মুছলমানক নিজৰ মন্ত্ৰীসভা গঠনত প্ৰতিনিধিত্ব দিয়া হোৱা নাই। মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰত মুছলমান প্ৰতিনিধিত্বৰ সংখ্যা তিনিৰ পৰা হ্ৰাস পাই এতিয়া শূন্যত আহিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ শেষৰজন মুছলমান মন্ত্ৰী আছিল মুখতাৰ আব্বাছ নগবী। ২০১৪ চনত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হয় আৰু প্ৰথম কাৰ্যকালত নাজমা হেপতুল্লা, এম জে আকবৰ আৰু মুখতাৰ আব্বাছ নগবীৰ ৰূপত তিনিজন মুছলমান মন্ত্ৰীক মন্ত্ৰীসভাত স্থান দিয়া হৈছিল। নাজমা হেপটুল্লা কেন্দ্ৰত কেবিনেট মন্ত্ৰী হোৱাৰ বিপৰীতে এম জে আকবৰ আৰু নাগবীক ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব প্ৰাদন কৰা হৈছিল। ২০১৯ চনত মুখতাৰ আব্বাছ নগবীয়ে পুনৰ মন্ত্ৰীসভাত স্থান লাভ কৰে যদিও ২০২২ চনত ৰাজ্যসভাৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত নগবীয়ে মন্ত্ৰী পদ ত্যাগ কৰিবলগীয়া হয়। তেতিয়াৰ পৰা কোনো মুছলমান সাংসদকে কেন্দ্ৰীয় চৰকাৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই।
প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ যুগত বিজেপিৰ জ্যেষ্ঠ মুছলমান নেতাসকলৰ ভিতৰত আছিল চিকন্দৰ বাখত, আৰিফ বেগ, মুখতাৰ আব্বাছ নকৱী আৰু শ্বাহনৱাজ হুছেইন। বিজেপিৰ প্ৰতিষ্ঠাপক সদস্যৰ ভিতৰত আছিল চিকন্দৰ বাখত আৰু আৰিফ বেগ। শ্বাহনৱাজ হুছেইন আৰু মুখতাৰ আব্বাছ নকৱীৰ দৰে নেতাই বিজেপিৰ টিকটত লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল। লোকসভা নিৰ্বাচনত তিনিবাৰকৈ জয়ী হৈছে শ্বাহনৱাজে। আগতে বিজেপিৰ এজন মুছলমান নেতাৰ বাবে লোকসভা নিৰ্বাচনত জয়ী হোৱাটো অতি কঠিন কাম আছিল।
বিজেপিত এসময়ত চিকন্দৰ বাখত, আৰিফ বেগ, মুখতাৰ আব্বাছ নকৱী, শ্বাহনৱাজ হুছেইনৰ দৰে মুছলমান নেতাৰ আধিপত্য আছিল। আৰিফ বেগৰ বাহিৰে তিনিওজন নেতাই অটল বিহাৰ বাজপেয়ীৰ নেতৃত্বত চৰকাৰৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। ২০১৪ চনত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী, নাজমা হেপটুল্লা কেবিনেট মন্ত্ৰী আৰু মুখতাৰ আব্বাছ নাকভি ৰাজ্য মন্ত্ৰী হয়। ইয়াৰ পিছতে কেবিনেট সম্প্ৰসাৰণত এম জে আকবৰক কেবিনেটত অন্তৰ্ভুক্ত কৰা হয়। এইদৰে মোডী চৰকাৰৰ প্ৰথম কাৰ্যকালত তিনিজন মুছলমান আছিল যদিও একেটা কাৰ্যকালতে মি টু প্ৰচাৰৰ লক্ষ্য হৈ পৰা আকবৰে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল, আনহাতে হেপটুল্লা ৰাজ্যপাল হোৱাৰ পিছত নকৱী এৰি থৈ গৈছিল একমাত্ৰ মুছলমান মন্ত্ৰী হিচাপে।
২০১৯ চনত যেতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দ্বিতীয় বাৰৰ বাবে চৰকাৰ গঠন হৈছিল, তেতিয়া মুখতাৰ আব্বাছ নকৱীয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাত মুছলমান মুখ হিচাপে স্থান লাভ কৰিছিল। ২০২২ চনৰ জুলাই মাহত সংখ্যালঘু কল্যাণ মন্ত্ৰী হিচাপে ৰাজ্যসভাত মুখতাৰ আব্বাছ নকৱীৰ কাৰ্যকাল শেষ হয়। দলটোৱে তেওঁক ৰাজ্যসভালৈ পুনৰ বাৰ পঠিয়াব পৰা নাছিল, যাৰ বাবে তেওঁ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল আৰু ইয়াৰ লগে লগে মোডী মন্ত্ৰীসভাত মুছলমানৰ প্ৰতিনিধিত্ব শূন্য হৈ পৰিছিল।
এইবাৰ মোদী চৰকাৰ যেতিয়া দেশত তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিছিল তেতিয়া এজন মুছলমানক মন্ত্ৰী বনাব পৰা যাব বুলি আশা কৰা হৈছিল যদিও দেওবাৰে কোনো মুছলমানে মন্ত্ৰীসভা গঠনত স্থান নাপালে। দেশত মুছলমানৰ জনসংখ্যা প্ৰায় ২০ কোটি, কিন্তু ভাৰত চৰকাৰত তেওঁলোকৰ অংশ শূন্য। অৱশ্যে মোডী চৰকাৰত সংখ্যালঘু জনগোষ্ঠীৰ পৰা ৫ জন সাংসদক মন্ত্ৰী বনোৱা হৈছে, য’ত কিৰেন ৰিজিজু আৰু হৰদীপ পুৰীক কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ৰাৱনীত সিং বিট্টু, জৰ্জ কুৰিয়েন আৰু ৰামদাস আথাৱালেক ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। ৰিজিজু আৰু কুৰিয়েন খ্ৰীষ্টান সম্প্ৰদায়ৰ হোৱাৰ বিপৰীতে হৰদীপ পুৰী আৰু বিট্টু শিখ সম্প্ৰদায়ৰ। ৰামদাস আথাৱালে বৌদ্ধ ধৰ্মৰ। কিন্তু মোদী কেবিনেটত নাই কোনো মুছলমান সদস্য।
উল্লেখ্য যে, ২০২৪ চনত উত্তৰ প্ৰদেশৰ পৰা ৫ জন, পশ্চিম বংগৰ ৬ জন, জম্মু-কাশ্মীৰৰ ৩ জন, বিহাৰ আৰু কেৰালাৰ পৰা দুজনকৈ মুছলমান সাংসদ আছে। লক্ষদ্বীপ-অসম-তামিলনাডু-তেলেংগানা-লাডাখৰ পৰা এজনকৈ মুছলমান প্ৰাৰ্থী জয়ী হৈ সংসদত উপস্থিত হৈছে। লোকসভাৰ সদস্য হিচাপেও হওক বা ৰাজ্যসভাৰ সাংসদ হিচাপেও জেডিইউ, টিডিপি আৰু এলজেপিৰ পৰা কোনো মুছলমান সাংসদ নাই। গোলাম আলী খাটানা নিশ্চিতভাৱে এজন মনোনীত ৰাজ্যসভাৰ সাংসদ, যি জম্মু-কাশ্মীৰৰ পৰা আহিছে আৰু বিজেপিৰ এজন শক্তিশালী নেতা। বিজেপিয়ে বিচৰা হ’লে তেওঁক কেন্দ্ৰত মুছলমান মুখ হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁকো প্ৰদান কৰা নহল সুযোগ। স্বাধীনতাৰ পিছত এইখনেই প্ৰথম চৰকাৰ য’ত কোনো মুছলমান সম্প্ৰদায়ৰ পৰা কোনো ব্যক্তিক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা নহ’ল।