--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই মণিপুৰ। মণিপুৰত পুনৰ জ্বলি উঠিছে হিংসাৰ জুই। ৰাজ্য খনৰ জিৰিবামত মুখ্যমন্ত্ৰীৰ এস্কৰ্ট গাড়ীত আক্ৰমণ কৰিলে দুৰ্বৃত্তই। এই ঘটনাত এজন লোক আহত হয়। এই ঘটনাৰ পিছতে মণিপুৰৰ জিৰিবাম জিলাত উত্তেজনাই বিৰাজ কৰিছে। সোমবাৰে বন্দুকধাৰীয়ে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ এস্কৰ্ট গাড়ীত আক্রমণ কৰে। 

এই ঘটনা পুৱা প্ৰায় ১০:৩০ বজাত সংঘটিত হয়। মণিপুৰ-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ৰ কাটলানে অঞ্চলত সংঘটিত হয় এই ঘটনা। এই আক্ৰমণত আহত হয় মুখ্যমন্ত্ৰী বীৰেন সিঙৰ এস্কৰ্ট গাড়ীত থকা মণিপুৰ ৰাইফলছৰ এজন জোৱান। এই ঘটনাৰ পিছতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু অসম ৰাইফলছে সমগ্ৰ অঞ্চলজুৰি অভিযান আৰম্ভ কৰে।জানিব পৰা মতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে  ​​মঙলবাৰে জিৰিবামলৈ অহাৰ কথা। সেইবাবেই আগতীয়াকৈ এস্কৰ্ট দল পঠিওৱা হৈছিল। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু