--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা এছিয়াৰ আটাইতকৈ ধনী উদ্যোগপতি মুকেশ আম্বানী কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে বিখ্যাত। হুৰুণ গ্ল’বেল ৰিচ লিষ্ট অনুসৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা এম ডি মুকেশ আম্বানীয়ে বিশ্বৰ শীৰ্ষ ১০ কোটিপতিৰ তালিকাত স্থান লাভ কৰা একমাত্ৰ ভাৰতীয়।হুৰুণৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০ শতাংশ ধন হ্ৰাস পোৱাৰ পিছতো আৰ আই এলৰ মুৰব্বীগৰাকীয়ে ৮২ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বিশ্বজুৰি নৱম স্থান দখল কৰিছে। কেৱল এয়াই নহয়, মুকেশ আম্বানী একেৰাহে তৃতীয় বছৰৰ বাবে ধনী এছিয়ানৰ খিতাপো অক্ষুণ্ণ ৰাখিছে। যাৰ বাবেই মুকেশ আম্বানী আজিও প্ৰাসংগিক৷

 কিন্তু ইয়াৰ বাহিৰেও আন এটা কাৰণ আছে যাৰ বাবে মুকেশ আম্বানীয়ে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত আধিপত্য বিস্তাৰ কৰিছে। আজিকালি মুকেশ আম্বানীৰ এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টো এটা সাক্ষাৎকাৰৰ। সাক্ষাৎকাৰৰ সময়ত যেতিয়া মুকেশ আম্বানীক সোধা হৈছিল যে আপোনাৰ বাবে টকাৰ অৰ্থ কি, তেতিয়া তেওঁ দিয়া উত্তৰ শুনি আপুনি আচৰিত হ’ব।

 মুকেশ আম্বানীয়ে অতি ভদ্ৰভাৱে কৈছিল যে,"ব্যক্তিগতভাৱে অতি কম সংখ্যকেহে জানে যে সৰুৰে পৰা এতিয়ালৈকে মই কেতিয়াও নগদ ধন পকেটত নাৰাখোঁ। নতুবা মোৰ হাতত কোনো ক্ৰেডিট কাৰ্ড নাই।" আম্বানীয়ে কয়  যে আম্বানীৰ লগা ব্যক্তিজনেহে আম্বানীৰ হৈ বিল পৰিশোধ কৰে। মুকেশ আম্বানীয়ে কয় যে, "মোৰ বাবে ধন মাথোঁ এক সম্পদ।সম্পদৰ ৰূপত থকা ধনে কোম্পানীটোৰ বাবে ৰিস্ক লোৱাৰ কাম কৰে।"

 এতিয়া এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিজনৰ হাতত ক্ৰেডিট কাৰ্ড নাই, এই কথাষাৰ বহুতে হজম কৰিব পৰা নাই। আনহাতে, মুকেশ আম্বানীয়ে যি হাঁহিমুখীয়া ধৰণে এই কথা কৈছে, সেই কথা দেখি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও এই কথা বিশ্বাস কৰিব পৰা নাই৷ এই ভিডিঅ'টোত অতি ধেমেলীয়া ধৰণে মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে আম্বানী  নিজৰ দৰেই।

 আপোনালোকক জনাওঁ যে মুকেশ আম্বানীৰ সাক্ষাৎকাৰৰ এই ভিডিঅ'  বহু বছৰ পুৰণি। অৱশ্যে এই ভিডিঅ’টো প্ৰায় ১৫ দিন পূৰ্বে ষ্টক এডুকেচন নামৰ এটা ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰা হৈছে। যিটো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিল। এই ভিডিঅ'টোত এই পৰ্যন্ত ৩০ লাখতকৈ অধিক দৰ্শক হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু