--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা এছিয়াৰ আটাইতকৈ ধনী উদ্যোগপতি মুকেশ আম্বানী কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে বিখ্যাত। হুৰুণ গ্লবেল ৰিচ লিষ্ট অনুসৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা এম ডি মুকেশ আম্বানীয়ে বিশ্বৰ শীৰ্ষ ১০ কোটিপতিৰ তালিকাত স্থান লাভ কৰা একমাত্ৰ ভাৰতীয়।হুৰুণৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০ শতাংশ ধন হ্ৰাস পোৱাৰ পিছতো আৰ আই এলৰ মুৰব্বীগৰাকীয়ে ৮২ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বিশ্বজুৰি নৱম স্থান দখল কৰিছে। কেৱল এয়াই নহয়, মুকেশ আম্বানী একেৰাহে তৃতীয় বছৰৰ বাবে ধনী এছিয়ানৰ খিতাপো অক্ষুণ্ণ ৰাখিছে। যাৰ বাবেই মুকেশ আম্বানী আজিও প্ৰাসংগিক৷

 কিন্তু ইয়াৰ বাহিৰেও আন এটা কাৰণ আছে যাৰ বাবে মুকেশ আম্বানীয়ে শেহতীয়াকৈ ছচিয়েল মিডিয়াত আধিপত্য বিস্তাৰ কৰিছে। আজিকালি মুকেশ আম্বানীৰ এটা পুৰণি ভিডিঅচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টো এটা সাক্ষাৎকাৰৰ। সাক্ষাৎকাৰৰ সময়ত যেতিয়া মুকেশ আম্বানীক সোধা হৈছিল যে আপোনাৰ বাবে টকাৰ অৰ্থ কি, তেতিয়া তেওঁ দিয়া উত্তৰ শুনি আপুনি আচৰিত হব।

 মুকেশ আম্বানীয়ে অতি ভদ্ৰভাৱে কৈছিল যে,"ব্যক্তিগতভাৱে অতি কম সংখ্যকেহে জানে যে সৰুৰে পৰা এতিয়ালৈকে মই কেতিয়াও নগদ ধন পকেটত নাৰাখোঁ। নতুবা মোৰ হাতত কোনো ক্ৰেডিট কাৰ্ড নাই।" আম্বানীয়ে কয়  যে আম্বানীৰ লগা ব্যক্তিজনেহে আম্বানীৰ হৈ বিল পৰিশোধ কৰে। মুকেশ আম্বানীয়ে কয় যে, "মোৰ বাবে ধন মাথোঁ এক সম্পদ।সম্পদৰ ৰূপত থকা ধনে কোম্পানীটোৰ বাবে ৰিস্ক লোৱাৰ কাম কৰে।"

 এতিয়া এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিজনৰ হাতত ক্ৰেডিট কাৰ্ড নাই, এই কথাষাৰ বহুতে হজম কৰিব পৰা নাই। আনহাতে, মুকেশ আম্বানীয়ে যি হাঁহিমুখীয়া ধৰণে এই কথা কৈছে, সেই কথা দেখি ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও এই কথা বিশ্বাস কৰিব পৰা নাই৷ এই ভিডিঅ'টোত অতি ধেমেলীয়া ধৰণে মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে আম্বানী  নিজৰ দৰেই।

 আপোনালোকক জনাওঁ যে মুকেশ আম্বানীৰ সাক্ষাৎকাৰৰ এই ভিডিঅ'  বহু বছৰ পুৰণি। অৱশ্যে এই ভিডিঅটো প্ৰায় ১৫ দিন পূৰ্বে ষ্টক এডুকেচন নামৰ এটা ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰা হৈছে। যিটো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিল। এই ভিডিঅ'টোত এই পৰ্যন্ত ৩০ লাখতকৈ অধিক দৰ্শক হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক