--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃকংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সংসদৰ সদস্যপদ বাতিলৰ বিৰুদ্ধে আইনী যুঁজ দিয়াৰ দিশত আগবাঢ়িছে দলটোৱে। একে সময়তে এই সকলোবোৰৰ মাজতে লক্ষদ্বীপৰ সাংসদ তথা এন চি পিৰ নেতা মহম্মদ ফৈজালে অভিযোগ কৰিছে যে লোকসভা সচিবালয়ৰ ফালৰ পৰা ফৈজলৰ সদস্যপদ পুনৰ ঘূৰাই অনাত পলম হৈছে। লক্ষদ্বীপৰ সাংসদ ফৈজলক হত্যাৰ চেষ্টাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ফৈজলৰ সাংসদ পদ খাৰিজ কৰা হৈছে।

 এন চি পিৰ নেতা মহম্মদ ফৈজলে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগত হোৱা এক বাৰ্তালাপত কয় যে, "এন চি পিৰ সভাপতি শাৰদ পাৱাৰ, নেতা সুপ্ৰিয়া চুলে আৰু মই লোকসভা সচিবালয়ক অৱগত কৰিছো আৰু লোকসভাৰ অধ্যক্ষই সংসদৰ সদস্যপদ বাতিলৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছো। লোকসভাৰ অধ্যক্ষ ওম বিৰলাকো কেইবাবাৰো লগ পাইছো।অধিবেশন আদালতৰ সিদ্ধান্তৰ পিছত মোৰ সদস্যপদ যি গতিৰে বাতিল কৰা হল", মহম্মদ ফৈজলৰগ বিৰুদ্ধে লোকসভা সচিবালয়ৰ সিদ্ধান্তক ফৈজলে স্বেচ্ছাচাৰী বুলি দাবী কৰিছে

 লক্ষ্যদ্বীপৰ সাংসদ ফৈজালে দাবী কৰিছে যে, "মোৰ সদস্যপদ বাতিলৰ অধিসূচনা প্ৰত্যাহাৰ কৰাত পলম হোৱাৰ কোনো কাৰণ এতিয়াও অধ্যক্ষ ওম বিৰলা বা লোকসভা সচিবালয়েও দিয়া নাই"৷ ফৈজলে কয় যে "মই এতিয়াও সংসদৰ বাহিৰত। সদস্যপদ পুনৰ ঘূৰাই অনাৰ সিদ্ধান্তত পলম হোৱাটোৱে মোক এজন সাংসদ হিচাপে স্তম্ভিত আৰু চিন্তিত কৰি তুলিছে"৷

 ৰাহুল গান্ধী সন্দৰ্ভত লোৱা সিদ্ধান্তই সকলো পৰিষ্কাৰ কৰি তুলিছে বুলিও ফৈজলে দাবী কৰে। ফৈজলে আৰু কয় যে "চৰকাৰে বিৰোধী আৰু ইয়াৰ সদস্যসকলক এজন এজনকৈ নিঃশেষ কৰিব বিচাৰিছে৷ এই কাৰণেই তেওঁলোকে নিবিচাৰে যে মই পুনৰ লোকসভালৈ আহিম। যেতিয়াই লোকসভা সচিবালয়ত সোধা-পোছা কৰো তেতিয়াই বিষয়াসকলে কয় যে ফাইলটো লোকসভাৰ অধ্যক্ষৰ হাতত আছে। তেওঁলোকে মোক কয় যে অতি সোনকালে সিদ্ধান্ত লোৱা হব, কিন্তু দুমাহ পাৰ হৈ গল৷"

 উল্লেখযোগ্য যে,লক্ষদ্বীপৰ সাংসদ মহম্মদ ফৈজালক হত্যাৰ চেষ্টাৰ গোচৰত অধিবেশন আদালতে চলিত বৰ্ষৰ ১১ জানুৱাৰীত ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। দুদিন পিছত লোকসভা সচিবালয়ৰ পৰা অধিসূচনা জাৰি কৰি ফৈজলৰ সংসদৰ সদস্যপদ বাতিল কৰা হয়। ১৮ জানুৱাৰীত নিৰ্বাচন আয়োগে লক্ষদ্বীপত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। কিন্তু ২৫ জানুৱাৰীত কেৰালা উচ্চ ন্যায়ালয়ে ফৈজলৰ শাস্তি স্থগিত ৰাখে৷

 উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনাকো প্ৰত্যাহ্বান জনাইছিল যদিও উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বাবে সেই অধিসূচনা নাকচ কৰা হয়। নিৰ্বাচন আয়োগে আইন অনুসৰি সিদ্ধান্ত লব বুলি আদালতক জনোৱাত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হয়। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপে উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰে। কিন্তু ২০ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰি শুনানি ২৮ মাৰ্চলৈ স্থগিত ৰাখে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement