--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃকংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সংসদৰ সদস্যপদ বাতিলৰ বিৰুদ্ধে আইনী যুঁজ দিয়াৰ দিশত আগবাঢ়িছে দলটোৱে। একে সময়তে এই সকলোবোৰৰ মাজতে লক্ষদ্বীপৰ সাংসদ তথা এন চি পিৰ নেতা মহম্মদ ফৈজালে অভিযোগ কৰিছে যে লোকসভা সচিবালয়ৰ ফালৰ পৰা ফৈজলৰ সদস্যপদ পুনৰ ঘূৰাই অনাত পলম হৈছে। লক্ষদ্বীপৰ সাংসদ ফৈজলক হত্যাৰ চেষ্টাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ফৈজলৰ সাংসদ পদ খাৰিজ কৰা হৈছে।

 এন চি পিৰ নেতা মহম্মদ ফৈজলে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগত হোৱা এক বাৰ্তালাপত কয় যে, "এন চি পিৰ সভাপতি শাৰদ পাৱাৰ, নেতা সুপ্ৰিয়া চুলে আৰু মই লোকসভা সচিবালয়ক অৱগত কৰিছো আৰু লোকসভাৰ অধ্যক্ষই সংসদৰ সদস্যপদ বাতিলৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছো। লোকসভাৰ অধ্যক্ষ ওম বিৰলাকো কেইবাবাৰো লগ পাইছো।অধিবেশন আদালতৰ সিদ্ধান্তৰ পিছত মোৰ সদস্যপদ যি গতিৰে বাতিল কৰা হ’ল", মহম্মদ ফৈজলৰগ বিৰুদ্ধে লোকসভা সচিবালয়ৰ সিদ্ধান্তক ফৈজলে স্বেচ্ছাচাৰী বুলি দাবী কৰিছে

 লক্ষ্যদ্বীপৰ সাংসদ ফৈজালে দাবী কৰিছে যে, "মোৰ সদস্যপদ বাতিলৰ অধিসূচনা প্ৰত্যাহাৰ কৰাত পলম হোৱাৰ কোনো কাৰণ এতিয়াও অধ্যক্ষ ওম বিৰলা বা লোকসভা সচিবালয়েও দিয়া নাই"৷ ফৈজলে কয় যে "মই এতিয়াও সংসদৰ বাহিৰত। সদস্যপদ পুনৰ ঘূৰাই অনাৰ সিদ্ধান্তত পলম হোৱাটোৱে মোক এজন সাংসদ হিচাপে স্তম্ভিত আৰু চিন্তিত কৰি তুলিছে"৷

 ৰাহুল গান্ধী সন্দৰ্ভত লোৱা সিদ্ধান্তই সকলো পৰিষ্কাৰ কৰি তুলিছে বুলিও ফৈজলে দাবী কৰে। ফৈজলে আৰু কয় যে "চৰকাৰে বিৰোধী আৰু ইয়াৰ সদস্যসকলক এজন এজনকৈ নিঃশেষ কৰিব বিচাৰিছে৷ এই কাৰণেই তেওঁলোকে নিবিচাৰে যে মই পুনৰ লোকসভালৈ আহিম। যেতিয়াই লোকসভা সচিবালয়ত সোধা-পোছা কৰো তেতিয়াই বিষয়াসকলে কয় যে ফাইলটো লোকসভাৰ অধ্যক্ষৰ হাতত আছে। তেওঁলোকে মোক কয় যে অতি সোনকালে সিদ্ধান্ত লোৱা হ’ব, কিন্তু দুমাহ পাৰ হৈ গ’ল৷"

 উল্লেখযোগ্য যে,লক্ষদ্বীপৰ সাংসদ মহম্মদ ফৈজালক হত্যাৰ চেষ্টাৰ গোচৰত অধিবেশন আদালতে চলিত বৰ্ষৰ ১১ জানুৱাৰীত ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। দুদিন পিছত লোকসভা সচিবালয়ৰ পৰা অধিসূচনা জাৰি কৰি ফৈজলৰ সংসদৰ সদস্যপদ বাতিল কৰা হয়। ১৮ জানুৱাৰীত নিৰ্বাচন আয়োগে লক্ষদ্বীপত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। কিন্তু ২৫ জানুৱাৰীত কেৰালা উচ্চ ন্যায়ালয়ে ফৈজলৰ শাস্তি স্থগিত ৰাখে৷

 উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনাকো প্ৰত্যাহ্বান জনাইছিল যদিও উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বাবে সেই অধিসূচনা নাকচ কৰা হয়। নিৰ্বাচন আয়োগে আইন অনুসৰি সিদ্ধান্ত ল’ব বুলি আদালতক জনোৱাত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হয়। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপে উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰে। কিন্তু ২০ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰি শুনানি ২৮ মাৰ্চলৈ স্থগিত ৰাখে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু