--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানীৰ পুত্ৰৰ বিয়া। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা ইভাঙ্কা ট্ৰাম্পৰ পৰা আৰম্ভ কৰি মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গলৈকে সকলোৱে প্ৰাক-বিবাহ  অনুষ্ঠানত উপস্থিত থাকিব। প্ৰাক-বৈবাহিক  অনুষ্ঠানত ভূটানৰ ৰজা আৰু ৰাণীৰ লগতে  কাটাৰৰ প্ৰধানমন্ত্ৰীও উপস্থিত থকাৰ কথা। 

ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ পুত্ৰ আৰু বিখ্যাত উদ্যোগপতি বীৰেন মাৰ্চেণ্টৰ কন্যাৰ হাই-প্ৰফাইল বিয়া খনৰ  প্ৰস্তুতি দীৰ্ঘদিন ধৰি চলি আছে। বিয়াৰ আগতে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হ’ব । তিনিদিনীয়া বিবাহৰ পূৰ্বৰ অনুষ্ঠানটো ১ ৰ পৰা ৩ মাৰ্চলৈ অনুষ্ঠিত হ'ব। অনুষ্ঠানৰ স্থান হৈছে জামনগৰৰ ৰিলায়েন্স গ্ৰীণছ। অনন্তই  ৰাধিকাক ২০২৩ চনৰ জানুৱাৰীত মুম্বাইত এক বিশাল অনুষ্ঠানত আঙুঠি পিন্ধাইছিল। এইবাৰ তেওঁলোকে বিয়াত বহিবলৈ ওলাইছে। 

বহু  হাই প্ৰফাইল অতিথিয়ে প্ৰাক-বিবাহ  অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জানিব পৰা মতে  ইভাঙ্কা ট্ৰাম্পৰ উপৰি বহু  ৰাজনৈতিক ক্ষেত্ৰৰ ব্যক্তিও অনুষ্ঠানলৈ আহিব। কাটাৰৰ প্ৰধান মন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান বিন জছিম আল থানিও উপস্থিত থাকিব। বিল গেটছ, মেলিণ্ডা গেটছ, মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গ আৰু বেংক অফ আমেৰিকাৰ অধ্যক্ষ ব্ৰায়ান থমাছ ময়নিহানকো আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ উপৰি  ডিজনীৰ দৰে বহুতো বিশ্ববিখ্যাত কোম্পানীৰ মুৰব্বীসকল বিবাহপূৰ্ব অনুষ্ঠানত উপস্থিত থাকিব। প্ৰাৰম্ভিক খবৰ অনুসৰিঅনুষ্ঠানটোলৈ কমেও ১,০০০  লোকক আমন্ত্ৰণ জনোৱা হৈছে।সূত্ৰ অনুসৰি  বলীউডৰ বহু তাৰকাই এই অনুষ্ঠানত প্ৰদৰ্শন কৰিব পাৰে। শ্বাহৰুখ খানৰ পৰা ৰণবীৰ কাপুৰ-আলিয়া ভাটলৈকে, সকলোৱে অনুষ্ঠানৰ  ৰিহাৰ্চেল কৰা বুলি জানিব পৰা গৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু