--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানীৰ পুত্ৰৰ বিয়া। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কন্যা ইভাঙ্কা ট্ৰাম্পৰ পৰা আৰম্ভ কৰি মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গলৈকে সকলোৱে প্ৰাক-বিবাহ  অনুষ্ঠানত উপস্থিত থাকিব। প্ৰাক-বৈবাহিক  অনুষ্ঠানত ভূটানৰ ৰজা আৰু ৰাণীৰ লগতে  কাটাৰৰ প্ৰধানমন্ত্ৰীও উপস্থিত থকাৰ কথা। 

ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ পুত্ৰ আৰু বিখ্যাত উদ্যোগপতি বীৰেন মাৰ্চেণ্টৰ কন্যাৰ হাই-প্ৰফাইল বিয়া খনৰ  প্ৰস্তুতি দীৰ্ঘদিন ধৰি চলি আছে। বিয়াৰ আগতে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হ’ব । তিনিদিনীয়া বিবাহৰ পূৰ্বৰ অনুষ্ঠানটো ১ ৰ পৰা ৩ মাৰ্চলৈ অনুষ্ঠিত হ'ব। অনুষ্ঠানৰ স্থান হৈছে জামনগৰৰ ৰিলায়েন্স গ্ৰীণছ। অনন্তই  ৰাধিকাক ২০২৩ চনৰ জানুৱাৰীত মুম্বাইত এক বিশাল অনুষ্ঠানত আঙুঠি পিন্ধাইছিল। এইবাৰ তেওঁলোকে বিয়াত বহিবলৈ ওলাইছে। 

বহু  হাই প্ৰফাইল অতিথিয়ে প্ৰাক-বিবাহ  অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জানিব পৰা মতে  ইভাঙ্কা ট্ৰাম্পৰ উপৰি বহু  ৰাজনৈতিক ক্ষেত্ৰৰ ব্যক্তিও অনুষ্ঠানলৈ আহিব। কাটাৰৰ প্ৰধান মন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান বিন জছিম আল থানিও উপস্থিত থাকিব। বিল গেটছ, মেলিণ্ডা গেটছ, মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গ আৰু বেংক অফ আমেৰিকাৰ অধ্যক্ষ ব্ৰায়ান থমাছ ময়নিহানকো আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ উপৰি  ডিজনীৰ দৰে বহুতো বিশ্ববিখ্যাত কোম্পানীৰ মুৰব্বীসকল বিবাহপূৰ্ব অনুষ্ঠানত উপস্থিত থাকিব। প্ৰাৰম্ভিক খবৰ অনুসৰিঅনুষ্ঠানটোলৈ কমেও ১,০০০  লোকক আমন্ত্ৰণ জনোৱা হৈছে।সূত্ৰ অনুসৰি  বলীউডৰ বহু তাৰকাই এই অনুষ্ঠানত প্ৰদৰ্শন কৰিব পাৰে। শ্বাহৰুখ খানৰ পৰা ৰণবীৰ কাপুৰ-আলিয়া ভাটলৈকে, সকলোৱে অনুষ্ঠানৰ  ৰিহাৰ্চেল কৰা বুলি জানিব পৰা গৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ