--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছেইফ আলী খান বলীউড জগতৰ অন্যতম লেখত ল’বলগীয়া এটা নাম। একাধিক হিট ছবিত অভিনয়েৰে লক্ষ লক্ষ ভাৰতীয় অনুৰাগীৰ প্ৰিয় তাৰকা হৈ পৰিছে তেওঁ।  ভাৰতৰ উপৰি বিদেশৰ মাটিতো জনপ্ৰিয় ছেইফ আলী খান। জনপ্ৰিয়তাৰ লগতে, এই তাৰকাৰ নাই ধনৰ কোনো অভাৱ। সেইকাৰণে এটা অতি বিলাসী জীৱন যাপন কৰিব পাৰিছে তেওঁ। তাৰকা গৰাকীৰ ব্যক্তিগত জীৱনৰ প্ৰতি লক্ষ্য কৰিলেই দেখা যায়, ছেইফ আলী খান দুবাৰ বিবাহ পাশত আৱদ্ধ হৈছে আৰু তেওঁৰ আছে চাৰিটাকৈ সন্তান।

ছেইফ আলী খানে প্ৰথমে অমৃতা সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা ইতিমধ্যে সকলোৰে জ্ঞাত। অমৃতা ছেইফৰ আছে দুটাকৈ সন্তান। তেওঁলোক হৈছে ছাৰা আলী খান আৰু ইব্ৰাহিম আলী খান। অমৃতা সিঙৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত ছেইফ আলী খানে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰক বিয়া কৰায়। ছেইফ-কৰীণা বৰ্তমান দুই সন্তানৰ অভিভাৱক। তেওঁলোক হৈছে টাইমুৰ আৰু জাহাংগীৰ। জাহাংগীৰৰ জন্ম কেইদিনমান আগতে হৈছিল। সামাজিক মাধ্যমতো ইয়াকে লৈ হৈছিল চৰ্চা। অৱশ্যে, দুটা সন্তানৰ মাতৃ হোৱাৰ পাছত কৰীণা কাপুৰে ছেইফৰ নামত মুকলিকৈ তাতপৰ্যপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। তাকে লৈ তুমুল চৰ্চা হৈছে ছ’চিয়েল মিডিয়াত।

কৰীণা কাপুৰে অলপতে এনেকুৱা এটা কথা প্ৰকাশ কৰিছে যিটো কথাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে টাইমুৰ আৰু জাহাংগীৰৰ চোৱা চিতাতে ব্যস্ত। এই ব্যস্ততাৰ প্ৰভাৱ পৰিছে তেওঁৰ অভিনয় কেৰিয়াৰতো। ইয়াৰ মাজতে, ছেইফে তৃতীয় সন্তানৰ পিতৃ হোৱাৰ মন মেলা বুলি জানিবলৈ পোৱা গৈছে। অভিনেত্ৰীগৰাকীয়ে নিজে এই কথা প্ৰকাশ কৰিছে। এই বিবৃতি প্ৰকাশৰ পাছতে সামাজিক মাধ্যমত বিষয়টো যথেষ্ট চৰ্চিত হৈ পৰিছে। দৰাচলতে, ছেইফে চতুৰ্থ সন্তানৰ পিতৃ হোৱাৰ পাছত কিয় আৰু এক সন্তানৰ পিতৃ হোৱাৰ মন মেলিছে তাকে লৈ উঠিছে প্ৰশ্ন। ছেইফে যেন ৰ'বই নিবিচাৰে। কৰীণা কাপুৰে ছেইফৰ এনে মনোভাৱৰ আঁৰত এটা শক্তিশালী কাৰণো মুকলিকৈ প্ৰকাশ কৰিছে।

কৰীণা কাপুৰে তেওঁৰ স্বামীয়ে এনে কৰাৰ সম্ভাৱনাৰ কাৰণ বৰ্ণনা কৰি কয় যে, ছেইফ আলী খানে প্ৰতি দশকত অৰ্থাৎ প্ৰতি ১০ বছৰৰ অন্তৰে অন্তৰে পিতৃ হৈছে। সেয়েহে মোৰ শংকা হৈছ যে, ৬০ বছৰ বয়সতো ছেইফে মোক পুনৰ মাতৃত্বৰ বান্ধোনত যাতে বান্ধ নুখুৱায়। অৱশ্যে, এনে মন্তব্যৰ পাছতে সকলোৰে সন্মুখত হাঁহিবলৈ আৰম্ভ কৰে কৰীণা কাপুৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ