--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছেইফ আলী খান বলীউড জগতৰ অন্যতম লেখত ল’বলগীয়া এটা নাম। একাধিক হিট ছবিত অভিনয়েৰে লক্ষ লক্ষ ভাৰতীয় অনুৰাগীৰ প্ৰিয় তাৰকা হৈ পৰিছে তেওঁ।  ভাৰতৰ উপৰি বিদেশৰ মাটিতো জনপ্ৰিয় ছেইফ আলী খান। জনপ্ৰিয়তাৰ লগতে, এই তাৰকাৰ নাই ধনৰ কোনো অভাৱ। সেইকাৰণে এটা অতি বিলাসী জীৱন যাপন কৰিব পাৰিছে তেওঁ। তাৰকা গৰাকীৰ ব্যক্তিগত জীৱনৰ প্ৰতি লক্ষ্য কৰিলেই দেখা যায়, ছেইফ আলী খান দুবাৰ বিবাহ পাশত আৱদ্ধ হৈছে আৰু তেওঁৰ আছে চাৰিটাকৈ সন্তান।

ছেইফ আলী খানে প্ৰথমে অমৃতা সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা ইতিমধ্যে সকলোৰে জ্ঞাত। অমৃতা ছেইফৰ আছে দুটাকৈ সন্তান। তেওঁলোক হৈছে ছাৰা আলী খান আৰু ইব্ৰাহিম আলী খান। অমৃতা সিঙৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত ছেইফ আলী খানে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰক বিয়া কৰায়। ছেইফ-কৰীণা বৰ্তমান দুই সন্তানৰ অভিভাৱক। তেওঁলোক হৈছে টাইমুৰ আৰু জাহাংগীৰ। জাহাংগীৰৰ জন্ম কেইদিনমান আগতে হৈছিল। সামাজিক মাধ্যমতো ইয়াকে লৈ হৈছিল চৰ্চা। অৱশ্যে, দুটা সন্তানৰ মাতৃ হোৱাৰ পাছত কৰীণা কাপুৰে ছেইফৰ নামত মুকলিকৈ তাতপৰ্যপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। তাকে লৈ তুমুল চৰ্চা হৈছে ছ’চিয়েল মিডিয়াত।

কৰীণা কাপুৰে অলপতে এনেকুৱা এটা কথা প্ৰকাশ কৰিছে যিটো কথাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে টাইমুৰ আৰু জাহাংগীৰৰ চোৱা চিতাতে ব্যস্ত। এই ব্যস্ততাৰ প্ৰভাৱ পৰিছে তেওঁৰ অভিনয় কেৰিয়াৰতো। ইয়াৰ মাজতে, ছেইফে তৃতীয় সন্তানৰ পিতৃ হোৱাৰ মন মেলা বুলি জানিবলৈ পোৱা গৈছে। অভিনেত্ৰীগৰাকীয়ে নিজে এই কথা প্ৰকাশ কৰিছে। এই বিবৃতি প্ৰকাশৰ পাছতে সামাজিক মাধ্যমত বিষয়টো যথেষ্ট চৰ্চিত হৈ পৰিছে। দৰাচলতে, ছেইফে চতুৰ্থ সন্তানৰ পিতৃ হোৱাৰ পাছত কিয় আৰু এক সন্তানৰ পিতৃ হোৱাৰ মন মেলিছে তাকে লৈ উঠিছে প্ৰশ্ন। ছেইফে যেন ৰ'বই নিবিচাৰে। কৰীণা কাপুৰে ছেইফৰ এনে মনোভাৱৰ আঁৰত এটা শক্তিশালী কাৰণো মুকলিকৈ প্ৰকাশ কৰিছে।

কৰীণা কাপুৰে তেওঁৰ স্বামীয়ে এনে কৰাৰ সম্ভাৱনাৰ কাৰণ বৰ্ণনা কৰি কয় যে, ছেইফ আলী খানে প্ৰতি দশকত অৰ্থাৎ প্ৰতি ১০ বছৰৰ অন্তৰে অন্তৰে পিতৃ হৈছে। সেয়েহে মোৰ শংকা হৈছ যে, ৬০ বছৰ বয়সতো ছেইফে মোক পুনৰ মাতৃত্বৰ বান্ধোনত যাতে বান্ধ নুখুৱায়। অৱশ্যে, এনে মন্তব্যৰ পাছতে সকলোৰে সন্মুখত হাঁহিবলৈ আৰম্ভ কৰে কৰীণা কাপুৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ