--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু লোকৰ মুখৰ পৰা দুৰ্গন্ধ ওলোৱা দেখা যায়। এনে সময়ত তেওঁলোত অতিকৈ অস্বস্তিক সন্মুখীন হয়। এনে পৰিস্থিতিচত তুলসী গুটিৰ সৈতে আছে যথেষ্ট উপকাৰী গুণ। পাণ পাত আৰু তুলসীৰ গুটি একেলগে সেৱন কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো আচৰিত উপকাৰ পোৱা যায়। ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

 ১. ইমিউনিটি বুষ্ট আছে-

তুলসীৰ পাত আৰু তুলসীৰ গুটি একেলগে সেৱন কৰিলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যিয়ে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত বহু দিশত সহায় কৰে। ইয়াক দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। তুলসীৰ পাত আৰু তুলসীৰ গুটি একেলগে সেৱন কৰিলে শৰীৰত হোৱা বহু ধৰণৰ বেক্টেৰিয়া আৰু ভাইৰাছজনিত সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হয়।

 ২. ঠাণ্ডা কাহত উপশম দিয়ে-

ঋতু সলনি হোৱাৰ বাবে শৰীৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’বলৈ ধৰে। ইয়াৰে এটা সমস্যা হ’ল ঠাণ্ডা। চৰ্দি এটা সাধাৰণ ৰোগ, কিন্তু কৰ’না ভাইৰাছৰ পাছত এই ৰোগ সাধাৰণ হৈ থকা নাই। এনে অৱস্থাত পাণ পাতৰ লগত তুলসীৰ গুটি সেৱন কৰিব লাগে। ই চৰ্দি আৰু ফ্লুৰ সমস্যা দূৰ কৰাৰ লগতে নিয়মীয়াকৈ ইয়াক সেৱন কৰিলে ডিঙিৰ বিষ আৰু জঠৰতাৰ পৰা উপশম পোৱা যায়।

 ৩. কোষ্ঠকাঠিন্যৰ পৰা মুক্তি দিয়ে-

তুলসীৰ গুটিৰ লগতে পাণ পাত সেৱন কৰিলে পাচনতন্ত্ৰ শক্তিশালী হয় আৰু পেটৰ যিকোনো সমস্যা দূৰ হয়। তুলসীৰ বীজ পাণৰ পাতৰ লগত সেৱন কৰিলে গেছৰ সমস্যাৰ নোহোৱা হয়।

 ৪. দাঁতৰ সমস্যাৰ পৰা মুক্তি দিয়ে-

তুলসীৰ পাত আৰু তুলসীৰ গুটিয়েও দাঁতৰ প্ৰদাহ আৰু দাঁত হালধীয়া হোৱাৰ পৰা মুক্তি দিয়ে। ইয়াত থকা প্ৰদাহ নিবাৰণকাৰী গুণে দাঁতৰ আলু ফুলা আৰু দাঁতৰ পৰা ওলোৱা তেজৰ পৰা উপশম দিয়ে।

 ৫. মুখৰ পৰা দুৰ্গন্ধ দূৰ হয়-

কেতিয়াবা মানুহৰ মুখৰ দুৰ্গন্ধৰ সমস্যা হয়। বহুবাৰ ব্ৰাছ কৰি ধুই লোৱাৰ পাছতো বেয়া গোন্ধ নাপায়, কিন্তু এনে অৱস্থাত যদি পাণৰ পাত আৰু তুলসীৰ গুটি মিহলাই নিয়মিতভাৱে সেৱন কৰিলে মুখৰ দুৰ্গন্ধৰ সমস্যাৰ পৰা মুক্তি পাব। ইয়াৰ সমান্তৰালভাৱে মুখৰ লগত জড়িত বহু ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও হ্ৰায় হয়।

 এইদৰে গ্ৰহণ কৰক-

ইয়াক খোৱাৰ বাবে দৈনিক তুলসী গুটিৰ লগত তুলসীৰ পাত চোবাই খাব লাগে বা তুলসীৰ গুটি পানীত তিয়াই থৈ পাণৰ পাতৰ লগত পিহি পানীত কমেও দুঘণ্টাৰ পৰা তিনিঘণ্টা তিয়াই থ’ব লাগে। পাছত এই পানী তিনি ঘণ্টাৰ পাছত খাব লাগে। ই স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা দূৰ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ