--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি আপুনি সুস্থ হৈ থাকে তেতিয়াহে আপুনি সুখী হব। সেইবাবেই স্বাস্থ্যক সৰ্বাধিক সম্পদ বুলি অভিহিত কৰা হৈছে। ইয়াত এনে কিছুমান টিপছ দিয়া হ'ল, যাৰ সহায়ত আপুনি আপোনাৰ দিনটো আৰম্ভ কৰিব পাৰে আৰু জীৱনটোক সম্পূৰ্ণৰূপে জীয়াই থাকিব পাৰে।

আমি সকলোৱে বিচাৰো আমাৰ জীৱনটো সুচাৰুৰূপে পৰিচালিত আৰু মসৃণ হওক, কিন্তু অতি কম মানুহৰ লগত এনেকুৱা হয়। বেছিভাগ মানুহেই নিজৰ ভাগ্য আৰু পৰিস্থিতিক দোষাৰোপ কৰি এই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা বিৰত থাকে আৰু জীৱনত যিবোৰ বস্তু পাবলৈ আকাংক্ষা কৰে সেইবোৰ পাবলৈ পৰ্যাপ্ত প্ৰচেষ্টা চলাব নোৱাৰে।

আপোনাৰ প্ৰতিটো ইচ্ছা পূৰণ হ’বলৈ হ’লে জীৱনত ধনাত্মক শক্তিৰ যোগাযোগ বজাই ৰখাটো প্ৰয়োজনীয়। এই ক্ষেত্ৰত আপুনি ধনাত্মক শক্তিৰ প্ৰবাহ কেনেকৈ বজাই ৰাখিব পাৰে জানক

দিনটোৰ প্ৰথম কাম: ৰাতিপুৱা উঠি সতেজ পানী খাবলৈ লোৱাৰ পিছত প্ৰথমে নিস্তব্ধ ঠাইত ১০ৰ পৰা ১৫ মিনিট বহি নিজকে সময় দিয়ক। আজি কি কাম, কেনেকৈ কৰিব লাগে ভাবি চাওকচোন। এই সকলোবোৰত নিজৰ বাবে সময় উলিয়াবলৈ পৰিকল্পনা কৰাটো নিশ্চিত কৰক।

কৃতজ্ঞতা স্বীকাৰ কৰক: অভাৱ সকলোৰে জীৱনত থাকে। আনকি পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিয়েও কোনোবা নহয় কোনোবা বঞ্চনাত ভুগিব। গতিকে সেইবোৰৰ প্ৰতি গুৰুত্ব নিদিব। আমি আমাৰ হাতত কি আছে চাব লাগিব আৰু তাৰ বাবে ভগৱানৰ ওচৰত কৃতজ্ঞ হৈ ৰওক। আপুনি এই সকলোবোৰ কৰিব পাৰে সেই ১৫ মিনিটৰ ভিতৰতে যিবোৰ আপুনি নিজৰ বাবে থিৰাং কৰিছে।

লঘু ব্যায়াম: ৰাতিপুৱা লঘু ব্যায়াম, যোগাসন বা ষ্ট্ৰেচিং কৰিলে শৰীৰত নতুন শক্তি পোৱা যায়। পেটটো ভালদৰে পৰিষ্কাৰ কৰি গোটেই দিনটো সতেজতা থাকে। ইয়াৰ দ্বাৰা আপুনি সম্পূৰ্ণ একাগ্ৰতাৰে আপোনাৰ কাম কৰিবলৈ সক্ষম হয় আৰু কামৰ ফল সদায় আপোনাৰ পক্ষত আহে। এই ফলাফলে আপোনাৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

পৰিয়ালৰ সৈতে সময় কটাওক: একেলগে খাই থাকোঁতে বা খাদ্য খোৱাৰ পিছত বা শুই উঠাৰ আগতে খোজ কাঢ়ি থাকোঁতে নিশ্চিতভাৱে কিছু সময় গোটেই পৰিয়ালৰ সৈতে বহি থাকক। ঘৰৰ সকলো সদস্যকে একেলগে আমন্ত্ৰণ কৰি তেওঁলোকৰ সুখ-দুখ, কাম, প্ৰয়োজনৰ বিষয়ে সুধিব। ইয়াৰ ফলত পৰিয়ালত ঐক্য বৃদ্ধি পায় আৰু আপুনিও আৱেগিক নিৰাপত্তা অনুভৱ কৰে।

সন্ধিয়াতো পাৰ কৰক এনেধৰণে:

আপোনাৰ সন্ধিয়া: প্ৰতিদিনৰ পুৱাৰ দৰে সন্ধিয়াতো নিজৰ বাবে কেইটামান মুহূৰ্ত উলিয়াওক। এই সময় কমেও ৩০ মিনিট হ’ব লাগে। যেতিয়া আপুনি আপোনাৰ গোটেই দিনটোৰ কথা ভাবিব পাৰিব। আজি কি ভাল হ’ল আৰু কি ভুল হ’ল, কি কি কথাত মনোযোগ দিব লাগে আৰু কি এৰাই চলিব ইত্যাদি চিন্তা কৰক। একেলগে পৰিয়ালৰ বাবে নতুন কি পৰিকল্পনা কৰিব পাৰিব। কিবা খং বা বিৰক্তি থাকিলে কাগজত লিখি ফালি পেলাওক। যাতে বাহিৰৰ ক্ষোভ পৰিয়ালটোৰ ওপৰত নামি নাযায়।

সময়মতে শুব: ৰাতি সময়মতে শুই যাওক। টোপনিৰ আগতে মোবাইল আৰু টিভিৰ পৰা দূৰত্ব বজাই ৰাখক। যাতে মগজুৱে এটা সংকেত পাব পাৰে যে এতিয়া ৰাতি হৈছে আৰু মগজুৱে সঠিক পৰিমাণত মেলানিন নিঃসৰণ কৰিব পাৰে। কাৰণ যেতিয়া আপুনি গভীৰ নিশালৈকে টিভি চায়, লেপটপত কাম কৰে বা মোবাইলত ব্যস্ত থাকে, চকুৰ সন্মুখত অত্যধিক পোহৰ থকাৰ বাবে মগজুৱে ৰাতিৰ সংকেত নাপায় আৰু টোপনিৰ বাবে প্ৰয়োজনীয় মেলানিনৰ নিঃসৰণ বিঘ্নিত হয়। সেয়ে শোৱাৰ প্ৰায় ৩০ মিনিট আগতে সকলো ধৰণৰ স্ক্ৰীণৰ পৰা দূৰত্ব ৰাখিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক