--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি আপুনি সুস্থ হৈ থাকে তেতিয়াহে আপুনি সুখী হব। সেইবাবেই স্বাস্থ্যক সৰ্বাধিক সম্পদ বুলি অভিহিত কৰা হৈছে। ইয়াত এনে কিছুমান টিপছ দিয়া হ'ল, যাৰ সহায়ত আপুনি আপোনাৰ দিনটো আৰম্ভ কৰিব পাৰে আৰু জীৱনটোক সম্পূৰ্ণৰূপে জীয়াই থাকিব পাৰে।

আমি সকলোৱে বিচাৰো আমাৰ জীৱনটো সুচাৰুৰূপে পৰিচালিত আৰু মসৃণ হওক, কিন্তু অতি কম মানুহৰ লগত এনেকুৱা হয়। বেছিভাগ মানুহেই নিজৰ ভাগ্য আৰু পৰিস্থিতিক দোষাৰোপ কৰি এই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা বিৰত থাকে আৰু জীৱনত যিবোৰ বস্তু পাবলৈ আকাংক্ষা কৰে সেইবোৰ পাবলৈ পৰ্যাপ্ত প্ৰচেষ্টা চলাব নোৱাৰে।

আপোনাৰ প্ৰতিটো ইচ্ছা পূৰণ হ’বলৈ হ’লে জীৱনত ধনাত্মক শক্তিৰ যোগাযোগ বজাই ৰখাটো প্ৰয়োজনীয়। এই ক্ষেত্ৰত আপুনি ধনাত্মক শক্তিৰ প্ৰবাহ কেনেকৈ বজাই ৰাখিব পাৰে জানক

দিনটোৰ প্ৰথম কাম: ৰাতিপুৱা উঠি সতেজ পানী খাবলৈ লোৱাৰ পিছত প্ৰথমে নিস্তব্ধ ঠাইত ১০ৰ পৰা ১৫ মিনিট বহি নিজকে সময় দিয়ক। আজি কি কাম, কেনেকৈ কৰিব লাগে ভাবি চাওকচোন। এই সকলোবোৰত নিজৰ বাবে সময় উলিয়াবলৈ পৰিকল্পনা কৰাটো নিশ্চিত কৰক।

কৃতজ্ঞতা স্বীকাৰ কৰক: অভাৱ সকলোৰে জীৱনত থাকে। আনকি পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিয়েও কোনোবা নহয় কোনোবা বঞ্চনাত ভুগিব। গতিকে সেইবোৰৰ প্ৰতি গুৰুত্ব নিদিব। আমি আমাৰ হাতত কি আছে চাব লাগিব আৰু তাৰ বাবে ভগৱানৰ ওচৰত কৃতজ্ঞ হৈ ৰওক। আপুনি এই সকলোবোৰ কৰিব পাৰে সেই ১৫ মিনিটৰ ভিতৰতে যিবোৰ আপুনি নিজৰ বাবে থিৰাং কৰিছে।

লঘু ব্যায়াম: ৰাতিপুৱা লঘু ব্যায়াম, যোগাসন বা ষ্ট্ৰেচিং কৰিলে শৰীৰত নতুন শক্তি পোৱা যায়। পেটটো ভালদৰে পৰিষ্কাৰ কৰি গোটেই দিনটো সতেজতা থাকে। ইয়াৰ দ্বাৰা আপুনি সম্পূৰ্ণ একাগ্ৰতাৰে আপোনাৰ কাম কৰিবলৈ সক্ষম হয় আৰু কামৰ ফল সদায় আপোনাৰ পক্ষত আহে। এই ফলাফলে আপোনাৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

পৰিয়ালৰ সৈতে সময় কটাওক: একেলগে খাই থাকোঁতে বা খাদ্য খোৱাৰ পিছত বা শুই উঠাৰ আগতে খোজ কাঢ়ি থাকোঁতে নিশ্চিতভাৱে কিছু সময় গোটেই পৰিয়ালৰ সৈতে বহি থাকক। ঘৰৰ সকলো সদস্যকে একেলগে আমন্ত্ৰণ কৰি তেওঁলোকৰ সুখ-দুখ, কাম, প্ৰয়োজনৰ বিষয়ে সুধিব। ইয়াৰ ফলত পৰিয়ালত ঐক্য বৃদ্ধি পায় আৰু আপুনিও আৱেগিক নিৰাপত্তা অনুভৱ কৰে।

সন্ধিয়াতো পাৰ কৰক এনেধৰণে:

আপোনাৰ সন্ধিয়া: প্ৰতিদিনৰ পুৱাৰ দৰে সন্ধিয়াতো নিজৰ বাবে কেইটামান মুহূৰ্ত উলিয়াওক। এই সময় কমেও ৩০ মিনিট হ’ব লাগে। যেতিয়া আপুনি আপোনাৰ গোটেই দিনটোৰ কথা ভাবিব পাৰিব। আজি কি ভাল হ’ল আৰু কি ভুল হ’ল, কি কি কথাত মনোযোগ দিব লাগে আৰু কি এৰাই চলিব ইত্যাদি চিন্তা কৰক। একেলগে পৰিয়ালৰ বাবে নতুন কি পৰিকল্পনা কৰিব পাৰিব। কিবা খং বা বিৰক্তি থাকিলে কাগজত লিখি ফালি পেলাওক। যাতে বাহিৰৰ ক্ষোভ পৰিয়ালটোৰ ওপৰত নামি নাযায়।

সময়মতে শুব: ৰাতি সময়মতে শুই যাওক। টোপনিৰ আগতে মোবাইল আৰু টিভিৰ পৰা দূৰত্ব বজাই ৰাখক। যাতে মগজুৱে এটা সংকেত পাব পাৰে যে এতিয়া ৰাতি হৈছে আৰু মগজুৱে সঠিক পৰিমাণত মেলানিন নিঃসৰণ কৰিব পাৰে। কাৰণ যেতিয়া আপুনি গভীৰ নিশালৈকে টিভি চায়, লেপটপত কাম কৰে বা মোবাইলত ব্যস্ত থাকে, চকুৰ সন্মুখত অত্যধিক পোহৰ থকাৰ বাবে মগজুৱে ৰাতিৰ সংকেত নাপায় আৰু টোপনিৰ বাবে প্ৰয়োজনীয় মেলানিনৰ নিঃসৰণ বিঘ্নিত হয়। সেয়ে শোৱাৰ প্ৰায় ৩০ মিনিট আগতে সকলো ধৰণৰ স্ক্ৰীণৰ পৰা দূৰত্ব ৰাখিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক