--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত গেছ আক্ৰমণ চলোৱা লোক দুজনে এজন বিজেপি সাংসদৰ পাছলৈ সংসদত প্ৰৱেশ কৰিছিল।  বিজেপিৰ সাংসদগৰাকী হৈছে প্ৰতাপ সিমহা। কিছুদিনৰ বিৰতিৰ পিছত সিমহাই এইবিষয়ত  দেওবাৰে মুখ খোলে। তেওঁ  কয় যে তেওঁ বিশ্বাসঘাতক নে দেশপ্ৰেমিক সেয়া জনসাধাৰণৰ ওপৰত এৰি দিছে। 

সিমহাই কয় "দেৱী চামুণ্ডেশ্বৰী, দেৱী কাবেৰী আৰু মোৰ অনুৰাগীসকলে জানে যে মই দেশপ্ৰেমিক নে দেশবিৰোধী। আগন্তুক মাইচুৰু-কোডাগু লোকসভা নিৰ্বাচনত ৰাইজে এই সন্দৰ্ভত তেওঁলোকৰ ৰায় শুনাব," । 

উল্লেখ্য ১৩ ডিচেম্বৰত লোকসভাৰ নিৰাপত্তা ভংগ কৰাৰ অভিযোগত অভিযুক্ত দুজনৰ হাতত সিমহাই দিয়া   ভিজিটৰ পাছ পোৱা গৈছিল। ফলত মাইচুৰুৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদজন বিতৰ্কৰ মাজত সোমাই পৰিছিল। 

সংসদৰ ভিতৰত গেছ স্প্ৰে কৰি তাণ্ডৱ চলোৱা  আক্ৰমণকাৰীসকল বিজেপি সাংসদৰ অতিথি আছিল বাবেই বহুতে সিমহাক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।  লোক দুজন মাইচুৰুৰ বিজেপি সাংসদ প্ৰতাপ সিমহাৰ অতিথি হিচাবে সংসদলৈ গৈছিল। তেওঁলোকৰ মুখত 'জয় ভীম' শ্লোগান শুনা গৈছিল।  শীতকালীন অধিৱেশনৰ সময়তে লোকসভাত আতংক বিয়পি পৰিছিল। হঠাতে দুজন অচিনাক্ত ব্যক্তিয়ে সংসদত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰিছিল।  তেওঁলোকে   গেছ বিয়পাই দিয়াৰ লগতে সংসদ ভৱনকৰ ডেস্কত উঠি তাণ্ডৱ চলাইছিল। আক্ৰমণকাৰীসকলে বিজেপি সাংসদ প্ৰতাপ সিমহাৰ  পাছ কেনেকৈ পালে তাকেলৈ ৰহস্যৰ সৃষ্টি হৈছে।             

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক