--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত গেছ আক্ৰমণ চলোৱা লোক দুজনে এজন বিজেপি সাংসদৰ পাছলৈ সংসদত প্ৰৱেশ কৰিছিল।  বিজেপিৰ সাংসদগৰাকী হৈছে প্ৰতাপ সিমহা। কিছুদিনৰ বিৰতিৰ পিছত সিমহাই এইবিষয়ত  দেওবাৰে মুখ খোলে। তেওঁ  কয় যে তেওঁ বিশ্বাসঘাতক নে দেশপ্ৰেমিক সেয়া জনসাধাৰণৰ ওপৰত এৰি দিছে। 

সিমহাই কয় "দেৱী চামুণ্ডেশ্বৰী, দেৱী কাবেৰী আৰু মোৰ অনুৰাগীসকলে জানে যে মই দেশপ্ৰেমিক নে দেশবিৰোধী। আগন্তুক মাইচুৰু-কোডাগু লোকসভা নিৰ্বাচনত ৰাইজে এই সন্দৰ্ভত তেওঁলোকৰ ৰায় শুনাব," । 

উল্লেখ্য ১৩ ডিচেম্বৰত লোকসভাৰ নিৰাপত্তা ভংগ কৰাৰ অভিযোগত অভিযুক্ত দুজনৰ হাতত সিমহাই দিয়া   ভিজিটৰ পাছ পোৱা গৈছিল। ফলত মাইচুৰুৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদজন বিতৰ্কৰ মাজত সোমাই পৰিছিল। 

সংসদৰ ভিতৰত গেছ স্প্ৰে কৰি তাণ্ডৱ চলোৱা  আক্ৰমণকাৰীসকল বিজেপি সাংসদৰ অতিথি আছিল বাবেই বহুতে সিমহাক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।  লোক দুজন মাইচুৰুৰ বিজেপি সাংসদ প্ৰতাপ সিমহাৰ অতিথি হিচাবে সংসদলৈ গৈছিল। তেওঁলোকৰ মুখত 'জয় ভীম' শ্লোগান শুনা গৈছিল।  শীতকালীন অধিৱেশনৰ সময়তে লোকসভাত আতংক বিয়পি পৰিছিল। হঠাতে দুজন অচিনাক্ত ব্যক্তিয়ে সংসদত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰিছিল।  তেওঁলোকে   গেছ বিয়পাই দিয়াৰ লগতে সংসদ ভৱনকৰ ডেস্কত উঠি তাণ্ডৱ চলাইছিল। আক্ৰমণকাৰীসকলে বিজেপি সাংসদ প্ৰতাপ সিমহাৰ  পাছ কেনেকৈ পালে তাকেলৈ ৰহস্যৰ সৃষ্টি হৈছে।             

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক