--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইৰণ আৰু ভিটামিনযুক্ত বীটে ছালৰ বাবে বহু উপকাৰ সাধন কৰে। ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে যিয়ে ইয়াক এন্টি এজিং এজেণ্ট কৰি তোলে। ইয়াৰ উপৰিও ই ছালৰ দাগ কমোৱাত সহায় কৰে আৰু ছালত জিলিকনি আনি দিয়ে। 

বীট আপোনাৰ ছালৰ বাবে আচৰিত ধৰণৰ উপকাৰিতাৰে ভৰপূৰ। সকলোৱে কোমল আৰু ত্ৰুটিহীন মুখখন বিচাৰে, কিন্তু কেনেকৈ? দাগবিহীন ছাল পাবলৈ আপুনি প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিব পাৰে। মুখৰ বাবে বীট কেনেকৈ ব্যৱহাৰ কৰিব লাগে? জানি লওক

১) বলিৰেখা ৰোধঃ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ বীট ইয়াৰ বয়স বৃদ্ধি প্ৰতিৰোধী গুণৰ বাবে জনাজাত। ই মিহি ৰেখা আৰু বয়স বৃদ্ধিৰ অন্যান্য প্ৰাৰম্ভিক লক্ষণসমূহ ৰোধ কৰে বুলি জনা যায়। ইয়াত লাইকোপেন থাকে যিয়ে ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে আৰু ছালৰ দৃঢ়তা প্ৰদান কৰে। ইয়াৰ বাবে বীট পিহি তাত কেইটোপালমান মৌ মিহলাই মুখত লগাব লাগে।

২) ছাল মসৃণ কৰেঃ বীটত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। যাৰ বাবে ই মুখৰ ৰং আৰু দাগ কম কৰে। ই ছালৰ জিলিকনি বৃদ্ধি কৰাত সহায় কৰে। এটা বীট দুচামুচ দৈৰ লগত মিহলাই লওক। এই মিশ্ৰণত আলমণ্ড অইলো দিব পাৰে। এই পেষ্টটো আপোনাৰ মুখত লগাওক। ১৫-২০ মিনিট ৰাখি পানীৰে ধুব।

৩) বীটে ওঁঠ উজ্জ্বল কৰেঃ ক’লা ওঁঠ সুন্দৰ কৰাৰো ক্ষমতা আছে বীটৰ। যদি আপোনাৰ ওঁঠ ক’লা আৰু আপুনি গোলাপী ৰঙৰ ওঁঠ বিচাৰে তেন্তে বীট ব্যৱহাৰ কৰক। ৰাতি বীটৰ ৰস ওঁঠত লগালে কেইদিনমানৰ ভিতৰতে পাৰ্থক্য দেখা পাব।

৪) বীটে শুকান ছাল হাইড্ৰেট কৰেঃ শুকান আৰু নিস্তেজ ছালত বীট ব্যৱহাৰ কৰিব লাগে। এচামুচ গাখীৰ, আলমণ্ড অইল কেইটোপালমান আৰু দুচামুচ বীটৰ ৰস মিহলাই ১০ মিনিট মুখত লগাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত