--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইৰণ আৰু ভিটামিনযুক্ত বীটে ছালৰ বাবে বহু উপকাৰ সাধন কৰে। ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে যিয়ে ইয়াক এন্টি এজিং এজেণ্ট কৰি তোলে। ইয়াৰ উপৰিও ই ছালৰ দাগ কমোৱাত সহায় কৰে আৰু ছালত জিলিকনি আনি দিয়ে। 

বীট আপোনাৰ ছালৰ বাবে আচৰিত ধৰণৰ উপকাৰিতাৰে ভৰপূৰ। সকলোৱে কোমল আৰু ত্ৰুটিহীন মুখখন বিচাৰে, কিন্তু কেনেকৈ? দাগবিহীন ছাল পাবলৈ আপুনি প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিব পাৰে। মুখৰ বাবে বীট কেনেকৈ ব্যৱহাৰ কৰিব লাগে? জানি লওক

১) বলিৰেখা ৰোধঃ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ বীট ইয়াৰ বয়স বৃদ্ধি প্ৰতিৰোধী গুণৰ বাবে জনাজাত। ই মিহি ৰেখা আৰু বয়স বৃদ্ধিৰ অন্যান্য প্ৰাৰম্ভিক লক্ষণসমূহ ৰোধ কৰে বুলি জনা যায়। ইয়াত লাইকোপেন থাকে যিয়ে ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে আৰু ছালৰ দৃঢ়তা প্ৰদান কৰে। ইয়াৰ বাবে বীট পিহি তাত কেইটোপালমান মৌ মিহলাই মুখত লগাব লাগে।

২) ছাল মসৃণ কৰেঃ বীটত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। যাৰ বাবে ই মুখৰ ৰং আৰু দাগ কম কৰে। ই ছালৰ জিলিকনি বৃদ্ধি কৰাত সহায় কৰে। এটা বীট দুচামুচ দৈৰ লগত মিহলাই লওক। এই মিশ্ৰণত আলমণ্ড অইলো দিব পাৰে। এই পেষ্টটো আপোনাৰ মুখত লগাওক। ১৫-২০ মিনিট ৰাখি পানীৰে ধুব।

৩) বীটে ওঁঠ উজ্জ্বল কৰেঃ ক’লা ওঁঠ সুন্দৰ কৰাৰো ক্ষমতা আছে বীটৰ। যদি আপোনাৰ ওঁঠ ক’লা আৰু আপুনি গোলাপী ৰঙৰ ওঁঠ বিচাৰে তেন্তে বীট ব্যৱহাৰ কৰক। ৰাতি বীটৰ ৰস ওঁঠত লগালে কেইদিনমানৰ ভিতৰতে পাৰ্থক্য দেখা পাব।

৪) বীটে শুকান ছাল হাইড্ৰেট কৰেঃ শুকান আৰু নিস্তেজ ছালত বীট ব্যৱহাৰ কৰিব লাগে। এচামুচ গাখীৰ, আলমণ্ড অইল কেইটোপালমান আৰু দুচামুচ বীটৰ ৰস মিহলাই ১০ মিনিট মুখত লগাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক