--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্বাস্থ্যৰ বাবে আমাক সতেজ শাক-পাচলি খাবলৈ পৰামৰ্শ দিয়া হয়। কিছুমান শাক-পাচলি আছে যিবোৰ চালাড হিচাপেও খোৱা হয়, যেনে তিয়ঁহ। বিশেষকৈ গ্ৰীষ্মকালত ইয়াৰ চাহিদা বৃদ্ধি পায়, কাৰণ ইয়াত পানীৰ পৰিমাণ বেছি হয়, যাৰ ফলত শৰীৰ ডিহাইড্ৰেচন হোৱাৰ সম্ভাৱনা কম হয়। বহু মানুহে তিয়ঁহৰ বাকলি গুচাই খায় যিটো সঠিক নহয়। 

বাকলিৰ সৈতে তিয়ঁহ খোৱাৰ উপকাৰ

১)পুষ্টিকৰ উপাদানঃ তিয়ঁহৰ বাকলি গুচোৱাৰ পাছত আমি ডাষ্টবিনত পেলাই দিওঁ, কিন্তু আমাৰ মাজৰ অতি কম সংখ্যকেহে জানে যে এই বাকলিত পুষ্টিকৰ উপাদানেৰে ভৰি থাকে। 

২) চকুৰ দৃষ্টিশক্তি বৃদ্ধিঃ চকুৰ দৃষ্টিশক্তি দুৰ্বল লোকসকলে নিয়মিতভাৱে তিয়ঁহ বাকলিৰ সৈতে খাব লাগে কাৰণ ইয়াত ভিটামিন এ পোৱা যায়, যিয়ে দৃষ্টিশক্তি উন্নত কৰাই নহয়, কুকুৰীকণা ৰোগৰ পৰাও আমাক ৰক্ষা কৰে।

৩) মুখ জিলিকি উঠিবঃ তিয়ঁহৰ বাকলি আমাৰ ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, কাৰণ ইয়াত এছক’ৰবিক এচিড পোৱা যায়, লগতে ইয়াত থকা ভিটামিনবোৰে অক্সিডেটিভ ক্ষতি ৰোধ কৰে। যাৰ বাবে মুখত আচৰিত ধৰণৰ জিলিকনি দেখা দিবলৈ আৰম্ভ কৰে।

৪) ওজন কম হয়ঃ ওজন হ্ৰাসৰ বাবে তিয়ঁহ বাকলিৰে সৈতে খোৱাটো অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে কাৰণ ইয়াত কেলৰি অতি কম। ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, লগতে ভোকৰ যন্ত্ৰণাও হ্ৰাস কৰে, এই সকলোবোৰ ওজন হ্ৰাসৰ বাবে অতি প্ৰয়োজনীয়।

৫) হৃদযন্ত্ৰৰ বাবে ভালঃ বাকলিৰ সৈতে তিয়ঁহ খালে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। আচলতে ইয়াত ভিটামিন কে পোৱা যায়, যিয়ে তেজ জমা হোৱাত বাধা দিয়ে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়, লগতে ৰক্তবাহী নলীবোৰো সুস্থ হৈ থাকে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক