--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মৃগী ৰোগ বৰ্তমান সময়ত এক ডাঙৰ সমস্যা হিচাপে দেখা দিছে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ইপিলেপচি (Epilepsy) এটা মানসিক ৰোগ। মগজুৰ কাম-কাজত ব্যাঘাত জন্মালেই এই সমস্যা আৰম্ভ হয়। বহু ক্ষেত্ৰত মৃগীৰোগ বংশানুক্ৰমিক হ'ব পাৰে। অৰ্থাৎ পৰিয়ালৰ কোনো এজন ব্যক্তি যদি ইতিমধ্যে মৃগী ৰোগৰ সমস্যাত ভুগিছে, তেন্তে আগন্তুক প্ৰজন্মৰ আন সদস্যৰ ক্ষেত্ৰতো এনে সমস্যাই দেখা দিব পাৰে।
 
মৃগী ৰোগ কিমান বিপজ্জনক?
চিকিৎসকৰ মতে যদি মৃগী ৰোগৰ সঠিক সময়ত চিকিৎসা কৰা হয়, তেন্তে ৮০-৯০ শতাংশ ৰোগীৰ এই ৰোগ নিয়ন্ত্ৰিত হয়, কিন্তু বহুতে চিকিৎসাৰ মাজভাগত এৰি দিয়ে, যাৰ বাবে এই ৰোগে গুৰুতৰ ৰূপ ল'ব পাৰে। হঠাতে মূৰ্চ্ছা যোৱা আৰু পাহৰি যোৱাটো মৃগী ৰোগৰ প্ৰধান লক্ষণ, যদি এনেকুৱা হয় তেন্তে কোনো পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
 
মৃগী ৰোগ জিনীয়
স্বাস্থ্য বিশেষজ্ঞৰ মতে মৃগী ৰোগ এটা জিনীয় ৰোগ। ইয়াৰ প্ৰায় ৭০ শতাংশ ৰোগী কেৱল জিনীয় কাৰণৰ সৈতে জড়িত। শেহতীয়া এক গৱেষণাৰ পৰা দেখা গৈছে যে শৰীৰত উপস্থিত থকা ৯৭৭টা জিন মৃগী ৰোগৰ সৈতে জড়িত। এইবোৰক ফেন’টাইপৰ ভিত্তিত ৪ ভাগত ভাগ কৰা হয়। ইয়াৰে চিকিৎসকে ৮৪টা জিনক মৃগীৰোগ জিন বুলি গণ্য কৰে, যিয়ে মৃগীৰোগ সৃষ্টি কৰে। এনে পৰিস্থিতিত যদি পৰিয়ালৰ কোনো এজন ব্যক্তি মৃগী ৰোগৰ সমস্যাত ভুগিছে, তেন্তে আগন্তুক প্ৰজন্মলৈও এই ৰোগ বিয়পিব পাৰে।  

মৃগীৰোগ কিয় এক গুৰুতৰ সমস্যা?
বিশেষজ্ঞৰ মতে আজিও মানুহৰ মাজত মৃগী ৰোগ সন্দৰ্ভত তথ্যৰ অভাৱ দেখা যায়। মৃগী ৰোগীৰ বাবে ভূত-প্ৰেত লগা বা কিছুমানে জোতাৰ গোন্ধ দিয়ে। অৱশ্যে তেনে কৰাটো একেবাৰে ভুল। কাৰণ ই এক মানসিক ৰোগ, সময়মতে চিকিৎসাৰ প্ৰয়োজন, তেতিয়াহে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ