--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ নব নিৰ্বাচিত বিজেপি চৰকাৰে কেৱল ৰাজহুৱা স্থানত মাইকৰ ব্যৱহাৰ নিষিদ্ধ কৰাই নহয়, এতিয়া মুকলি বজাৰত মাছ, মাংস আৰু কণী বিক্ৰীৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত ঘোষণা কৰি নতুন মুখ্যমন্ত্ৰী মোহন যাদৱে কয়, "আমি 'খাদ্য সুৰক্ষা নিয়ম' কঠোৰভাৱে অনুসৰণ কৰিম, এই নিয়মৰ অধীনত  ভাৰত চৰকাৰে মুকলি বজাৰত মাছ আৰু মাংস বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে।

শিৱৰাজ সিং চৌহানৰ উত্তৰাধিকাৰী মোহন যাদৱে  বুধবাৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁৰ সৈতে  দুজন উপ মুখ্যমন্ত্ৰী জগদীশ ডেব্ৰা আৰু ৰাজেন্দ্ৰ শুক্লায়ো শপতগ্ৰহণ কৰিছিল। ইয়াৰ পিছত কেবিনেটে  বৈঠকত ৰাজহুৱা স্থান আৰু উপাসনাস্থলীত মাইক আৰু লাউডস্পীকাৰৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছিল। এতিয়া  ৰাজহুৱাভাৱে মাছ-মাংসৰ বিক্ৰী নিষিদ্ধ কৰাৰ সিদ্ধান্তও লোৱা হৈছে।

এখন সংবাদমেল সম্বোধন কৰি মোহন যাদৱে  কয়, "ৰাজ্যৰ খাদ্য বিভাগ, আৰক্ষী আৰু পৌৰ নিগমসমূহক এই নিষেধাজ্ঞা সমূহ পালন কৰা হৈছে নে নাই সেই বিষয়ত নজৰ ৰাখিবলৈ কোৱা হৈছে। ৰাজহুৱাভাৱে মাছ আৰু মাংসৰ বিক্ৰী বন্ধ কৰিবলৈ ১৫ ৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত এক বিশেষ অভিযান চলাবলৈ কোৱা হৈছে। ইপিনে বিৰোধীদলৰ এটা অংশই অভিযোগ কৰিছে যে মধ্য প্ৰদেশৰ বিজেপি চৰকাৰে এক নিৰ্দিষ্ট জনসংখ্যাক লক্ষ্য কৰি প্ৰ'টিন লাভৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক