--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ এজন বিজেপি বিধায়কক এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা  হৈছে। দুধিৰ বিজেপি বিধায়ক ৰামদুলাৰে গন্দে তেওঁৰ বিধায়ক  পদটোও হেৰুৱাব। ন বছৰ পূৰ্বে  তেওঁৰ বিৰুদ্ধে এগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। শুকুৰবাৰে লক্ষ্ণৌৰ এমপি-এমএলএ আদালতেও ৰামদুলাৰৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰাৰ লগতে  ওপৰত ১০ লাখ টকাৰ জৰিমনাও বিহে।  

২০১৪  চনত ৰামদুলাৰৰ পত্নী দুধি বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাওঁ পঞ্চায়তৰ মুৰব্বী আছিল। ইয়াৰ উপৰি ৰামদুলাৰে অঞ্চলটোত বাহুবলী নামেৰে জনাজাত আছিল। তেওঁ ৰাজনীতিৰ ক্ষেত্ৰত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰি আছিল। ৪ নৱেম্বৰ ২০১৪ তাৰিখে, মেয়ৰপুৰ আৰক্ষী থানাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ পঞ্জীয়ন কৰা হৈছিল। তেতিয়াৰে পৰা  গোচৰটো চলি আছিল।

ৰামদুলাৰে যোৱা বিধানসভা নিৰ্বাচনত  বিজেপিৰ প্ৰাৰ্থী হিচাপে দুধিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। পৰৱৰ্তী সময়ত ৰামদুলাৰৰ গোচৰটো  বিধায়ক-এমপি আদালতলৈ স্থানান্তৰ কৰা হয়। আদালতে তেওঁক মঙলবাৰে দোষী সাব্যস্ত কৰিছিল আৰু  শুক্ৰবাৰে শাস্তি প্ৰদান কৰে।

আদালতৰ ৰায়ৰ পিছত ৰামদুলাৰে উত্তৰ প্ৰদেশৰ বিধায়কৰ পদো হেৰুৱাব। অৱশ্যে, ৰাজ্যখনত বিজেপি চৰকাৰ সংকটত পৰাৰ কোনো সম্ভাৱনা নাই। ৪০৩ জনীয়া উত্তৰ প্ৰদেশ বিধানসভাত কেৱল বিজেপিৰেই ২৫৪ জন বিধায়ক আছে। আইন অনুসৰি যদি এজন জন প্ৰতিনিধিক আদালতৰ দ্বাৰা দুবছৰ বা অধিক সময়ৰ বাবে কাৰাদণ্ড বিহা হয়, তেন্তে তেওঁৰ পদ  বাতিল কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে