--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ এজন বিজেপি বিধায়কক এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা  হৈছে। দুধিৰ বিজেপি বিধায়ক ৰামদুলাৰে গন্দে তেওঁৰ বিধায়ক  পদটোও হেৰুৱাব। ন বছৰ পূৰ্বে  তেওঁৰ বিৰুদ্ধে এগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। শুকুৰবাৰে লক্ষ্ণৌৰ এমপি-এমএলএ আদালতেও ৰামদুলাৰৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰাৰ লগতে  ওপৰত ১০ লাখ টকাৰ জৰিমনাও বিহে।  

২০১৪  চনত ৰামদুলাৰৰ পত্নী দুধি বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাওঁ পঞ্চায়তৰ মুৰব্বী আছিল। ইয়াৰ উপৰি ৰামদুলাৰে অঞ্চলটোত বাহুবলী নামেৰে জনাজাত আছিল। তেওঁ ৰাজনীতিৰ ক্ষেত্ৰত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰি আছিল। ৪ নৱেম্বৰ ২০১৪ তাৰিখে, মেয়ৰপুৰ আৰক্ষী থানাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ পঞ্জীয়ন কৰা হৈছিল। তেতিয়াৰে পৰা  গোচৰটো চলি আছিল।

ৰামদুলাৰে যোৱা বিধানসভা নিৰ্বাচনত  বিজেপিৰ প্ৰাৰ্থী হিচাপে দুধিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। পৰৱৰ্তী সময়ত ৰামদুলাৰৰ গোচৰটো  বিধায়ক-এমপি আদালতলৈ স্থানান্তৰ কৰা হয়। আদালতে তেওঁক মঙলবাৰে দোষী সাব্যস্ত কৰিছিল আৰু  শুক্ৰবাৰে শাস্তি প্ৰদান কৰে।

আদালতৰ ৰায়ৰ পিছত ৰামদুলাৰে উত্তৰ প্ৰদেশৰ বিধায়কৰ পদো হেৰুৱাব। অৱশ্যে, ৰাজ্যখনত বিজেপি চৰকাৰ সংকটত পৰাৰ কোনো সম্ভাৱনা নাই। ৪০৩ জনীয়া উত্তৰ প্ৰদেশ বিধানসভাত কেৱল বিজেপিৰেই ২৫৪ জন বিধায়ক আছে। আইন অনুসৰি যদি এজন জন প্ৰতিনিধিক আদালতৰ দ্বাৰা দুবছৰ বা অধিক সময়ৰ বাবে কাৰাদণ্ড বিহা হয়, তেন্তে তেওঁৰ পদ  বাতিল কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক