--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ অঘটন ঘটিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সভাত। কিছুদিন পূৰ্বে নীতিশ কুমাৰৰ ৰাজহুৱা সভাত এজন লোকে আক্ৰমণ কৰাৰ পাছত এইবাৰ তেওঁৰ সভাস্থলীত সংঘটিত হ’ল বিস্ফোৰণ। এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

মঙলবাৰে এই ঘটনা সংঘটিত হয়। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশৰ এখন সভাত সংঘটিত এই বিস্ফোৰণৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীয়ে মঙলবাৰে নালন্দাত এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে এই ঘটনা সংঘটিত হয়। হঠাতে সভাস্থলীখন কঁপি উঠিল এক প্ৰচণ্ড বিস্ফোৰণৰ শব্দৰে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি অনুষ্ঠানটোৰ মঞ্চৰ সমীপতে এটা বোমা বিস্ফোৰিত হৈছিল। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোত জড়িত থকাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰ মঙলবাৰে নালন্দাৰ গান্ধী উচ্চ বিদ্যালয়ত উপস্থিত হৈছিল নীতিশ কুমাৰ। বিস্ফোৰণটো মঞ্চৰ পৰা ১৫-১৮ ফুটৰ দূৰত্বত সংঘটিত হৈছিল। সূত্ৰ অনুসৰি, মুখ্যমন্ত্ৰীক আক্ৰমণ কৰাৰ বাবেই এই বিস্ফোৰণ ঘটোৱা হৈছিল। এই গোচৰটোত ইতিমধ্যে এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনক জিম্মাত লৈ জেৰা কৰি আছে। অৱশ্যে, বিস্ফোৰণৰ তীব্ৰতা কম আছিল বুলি জানিব পৰা গৈছে। বিস্ফোৰণটোত কোনো লোক আহত হোৱা নাই বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে। 
অৱশ্যে, কি উদ্দেশ্য লৈ কোনে এই  বিস্ফোৰণ সংঘটিত কৰিছিল সেই বিষয়ে স্পষ্ট হ’বপৰা নাই আৰক্ষী। বিস্ফোৰণৰ আঁৰত কোন আছে জানিবলৈ অভিযুক্তজনক সোধা-পোছা কৰি থকা হৈছে। জেডিইউ নেতা আৰু কৰ্মীসকলে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰাপত্তাত এনে গাফিলতি হোৱা বিষয়টো লৈ সৰব হৈ পৰিছে। কম দিনৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দিশত হোৱা এয়া দ্বিতীয়টো গাফিলতি বুলি চিহ্নিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত