--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ অঘটন ঘটিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সভাত। কিছুদিন পূৰ্বে নীতিশ কুমাৰৰ ৰাজহুৱা সভাত এজন লোকে আক্ৰমণ কৰাৰ পাছত এইবাৰ তেওঁৰ সভাস্থলীত সংঘটিত হ’ল বিস্ফোৰণ। এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

মঙলবাৰে এই ঘটনা সংঘটিত হয়। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশৰ এখন সভাত সংঘটিত এই বিস্ফোৰণৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীয়ে মঙলবাৰে নালন্দাত এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে এই ঘটনা সংঘটিত হয়। হঠাতে সভাস্থলীখন কঁপি উঠিল এক প্ৰচণ্ড বিস্ফোৰণৰ শব্দৰে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি অনুষ্ঠানটোৰ মঞ্চৰ সমীপতে এটা বোমা বিস্ফোৰিত হৈছিল। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোত জড়িত থকাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰ মঙলবাৰে নালন্দাৰ গান্ধী উচ্চ বিদ্যালয়ত উপস্থিত হৈছিল নীতিশ কুমাৰ। বিস্ফোৰণটো মঞ্চৰ পৰা ১৫-১৮ ফুটৰ দূৰত্বত সংঘটিত হৈছিল। সূত্ৰ অনুসৰি, মুখ্যমন্ত্ৰীক আক্ৰমণ কৰাৰ বাবেই এই বিস্ফোৰণ ঘটোৱা হৈছিল। এই গোচৰটোত ইতিমধ্যে এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনক জিম্মাত লৈ জেৰা কৰি আছে। অৱশ্যে, বিস্ফোৰণৰ তীব্ৰতা কম আছিল বুলি জানিব পৰা গৈছে। বিস্ফোৰণটোত কোনো লোক আহত হোৱা নাই বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে। 
অৱশ্যে, কি উদ্দেশ্য লৈ কোনে এই  বিস্ফোৰণ সংঘটিত কৰিছিল সেই বিষয়ে স্পষ্ট হ’বপৰা নাই আৰক্ষী। বিস্ফোৰণৰ আঁৰত কোন আছে জানিবলৈ অভিযুক্তজনক সোধা-পোছা কৰি থকা হৈছে। জেডিইউ নেতা আৰু কৰ্মীসকলে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰাপত্তাত এনে গাফিলতি হোৱা বিষয়টো লৈ সৰব হৈ পৰিছে। কম দিনৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দিশত হোৱা এয়া দ্বিতীয়টো গাফিলতি বুলি চিহ্নিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত