--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুষ্কা শৰ্মা আৰু তেওঁৰ ভাতৃ কৰ্ণেশ শৰ্মাই ২০১৩ চনত প্ৰডাকচন কোম্পানীটো গঠন কৰে। ‘বুলবুল’, ‘কালা’ আদি ছবিও নিৰ্মাণ কৰিছে। তেওঁলোকৰ সদ্য প্ৰযোজিত ক্ৰাইম থ্ৰিলাৰ ধাৰাবাহিক ‘কোহৰা’ই সমালোচকৰ প্ৰশংসা লাভ কৰে। কিন্তু তেওঁলোকৰ দ্বাৰা প্ৰযোজিত ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ বায়’পিক ‘চকদহ এক্সপ্ৰেছ’ মুক্তিৰ সময়ত সমস্যাৰ সন্মুখীন হৈছে।

কিছুবছৰ পূৰ্বে অনুষ্কাই প্ৰডাকচন কোম্পানী (ক্লিন স্লেট ফিল্মছ)ৰ পৰা আঁতৰি আহিছিল। কিন্তু তাৰ পিছতো ছবিখন মুক্তিৰ ক্ষেত্ৰত কোনো সমস্যা নাছিল। কিন্তু শুনা গৈছে যে শেহতীয়াকৈ নেটফ্লিক্সৰ সৈতে কৰ্ণেশৰ চুক্তি সমাপ্ত হৈছে। ফলত ‘চাকদহ এক্সপ্ৰেছ’ৰ ভৱিষ্যতক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা। সূত্ৰ অনুসৰি উদ্যোগিক পাৰ্থক্যৰ বাবে নিজ নিজ অ’টিটি প্লেটফৰ্মৰ পৰা আঁতৰি আহিছে কৰ্ণেশ।

যোৱা বছৰ ছবিখনত ঝুলনৰ চৰিত্ৰত অনুষ্কাৰ প্ৰথম লুক প্ৰকাশ পাইছিল। জানিব পৰা মতে ছবিখন অ’টিটিত মুক্তি পাব। কিন্তু এতিয়া ছবিখনৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। কৰ্ণেশৰ আন এটা প্ৰজেক্ট ‘আফগানি স্নো’ৰ অন্যতম প্ৰযোজক নেটফ্লিক্স। এই প্ৰজেক্টত বিজয় ভাৰ্মা আৰু তৃপ্তী ডিমৰীয়ে অভিনয় কৰিছে। কিন্তু এতিয়া চুক্তিৰ ম্যাদ উকলি যোৱাৰ বাবে বিপদত পৰিছে কৰ্ণেশ। লগতে শুনা যায় যে কৰ্ণেশে সেই অ’টিটি প্লেটফৰ্মৰ পৰা নতুন ছবি কিনিব পাৰে। ইয়াৰ পিছত তেওঁ ছবিখনৰ মুক্তিৰ বিষয়ে আন সংবাদ মাধ্যমৰ সৈতে আলোচনা কৰিব।

২০২২ চনত অনুষ্কা কেইবাদিনো কলকাতাত আছিল ‘চকদা এক্সপ্ৰেছ’ ছবিৰ শ্বুটিংৰ বাবে। সেই সময়ত অভিনেত্ৰীগৰাকীৰ সৈতেও ঝুলনক দেখা গৈছিল। এই ছবিখনত অনুষ্কাৰ প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছিল দিব্যেন্দু ভট্টাচাৰ্যই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ