--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুষ্কা শৰ্মা আৰু তেওঁৰ ভাতৃ কৰ্ণেশ শৰ্মাই ২০১৩ চনত প্ৰডাকচন কোম্পানীটো গঠন কৰে। ‘বুলবুল’, ‘কালা’ আদি ছবিও নিৰ্মাণ কৰিছে। তেওঁলোকৰ সদ্য প্ৰযোজিত ক্ৰাইম থ্ৰিলাৰ ধাৰাবাহিক ‘কোহৰা’ই সমালোচকৰ প্ৰশংসা লাভ কৰে। কিন্তু তেওঁলোকৰ দ্বাৰা প্ৰযোজিত ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ বায়’পিক ‘চকদহ এক্সপ্ৰেছ’ মুক্তিৰ সময়ত সমস্যাৰ সন্মুখীন হৈছে।

কিছুবছৰ পূৰ্বে অনুষ্কাই প্ৰডাকচন কোম্পানী (ক্লিন স্লেট ফিল্মছ)ৰ পৰা আঁতৰি আহিছিল। কিন্তু তাৰ পিছতো ছবিখন মুক্তিৰ ক্ষেত্ৰত কোনো সমস্যা নাছিল। কিন্তু শুনা গৈছে যে শেহতীয়াকৈ নেটফ্লিক্সৰ সৈতে কৰ্ণেশৰ চুক্তি সমাপ্ত হৈছে। ফলত ‘চাকদহ এক্সপ্ৰেছ’ৰ ভৱিষ্যতক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা। সূত্ৰ অনুসৰি উদ্যোগিক পাৰ্থক্যৰ বাবে নিজ নিজ অ’টিটি প্লেটফৰ্মৰ পৰা আঁতৰি আহিছে কৰ্ণেশ।

যোৱা বছৰ ছবিখনত ঝুলনৰ চৰিত্ৰত অনুষ্কাৰ প্ৰথম লুক প্ৰকাশ পাইছিল। জানিব পৰা মতে ছবিখন অ’টিটিত মুক্তি পাব। কিন্তু এতিয়া ছবিখনৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। কৰ্ণেশৰ আন এটা প্ৰজেক্ট ‘আফগানি স্নো’ৰ অন্যতম প্ৰযোজক নেটফ্লিক্স। এই প্ৰজেক্টত বিজয় ভাৰ্মা আৰু তৃপ্তী ডিমৰীয়ে অভিনয় কৰিছে। কিন্তু এতিয়া চুক্তিৰ ম্যাদ উকলি যোৱাৰ বাবে বিপদত পৰিছে কৰ্ণেশ। লগতে শুনা যায় যে কৰ্ণেশে সেই অ’টিটি প্লেটফৰ্মৰ পৰা নতুন ছবি কিনিব পাৰে। ইয়াৰ পিছত তেওঁ ছবিখনৰ মুক্তিৰ বিষয়ে আন সংবাদ মাধ্যমৰ সৈতে আলোচনা কৰিব।

২০২২ চনত অনুষ্কা কেইবাদিনো কলকাতাত আছিল ‘চকদা এক্সপ্ৰেছ’ ছবিৰ শ্বুটিংৰ বাবে। সেই সময়ত অভিনেত্ৰীগৰাকীৰ সৈতেও ঝুলনক দেখা গৈছিল। এই ছবিখনত অনুষ্কাৰ প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছিল দিব্যেন্দু ভট্টাচাৰ্যই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু