--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সংগীত জগতত সংযোজিত হ'ল দুটি বিশেষ গীত।  ৮ মে' তাৰিখে গুৱাহাটীৰ 'সা ৰেকৰ্ডছ' নামৰ অডিঅ' ষ্টুডিঅটোত শুভমুক্তি লাভ কৰিলে দুটি গীতে। গীতকেইটিৰ নাম ক্ৰমে 'সখীয়া ৰবে নীৰৱে' আৰু 'পুৰণি সেই দিনৰ কথা'। 


প্ৰতি বছৰে  ৯মে'ত সমগ্ৰ ভাৰতবৰ্ষত ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখিয়েই গীত দুটি মুক্তি দিয়া হয় । দুয়োটি গীততেই কণ্ঠদান কৰিছে অনুভূতি কাকতি গোস্বামীয়ে। সংগীত পৰিচালনা কৰিছে ইমন সেউজ গোস্বামীয়ে।  'সখীয়া ৰবে নীৰৱে' গীতটিত অনুভূতিৰ লগত কণ্ঠদান কৰিছে উদীয়মান শিল্পী জোনাকী মনে। 

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত 'আমাৰে সখীয়া' আৰু কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গীত 'তুমি ৰবে নীৰৱে' - দুটি গীতৰ সংমিশ্ৰণ কৰি এটি নতুন সংগীতৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি জনালে পৰিচালক ইমন সেউজ গোস্বামীয়ে। সেউজ অনুভূতিৰ যুটীয়া প্ৰচেষ্টাত কৰা দ্বিতীয় গীতটি ক'লকাতাৰ এম এছ টি নামৰ ইউটিউব চেনেলটিয়ে মুকলি কৰিছে। 


গীতটিৰ নাম 'পুৰণি সেই দিনৰ কথা'। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ অতি জনপ্ৰিয় 'পুৰানো সেই দিনেৰ কথা' গীতটি অনুবাদ কৰিছে যোৰহাট নিবাসী অনুভূতিৰ পিতৃ শ্ৰীযুত দ্বিপেন কাকতিয়ে। গীতটিক ৰাগ কেদাৰৰ এটি বন্দিছৰ লগত সংমিশ্ৰণ কৰা হৈছে। দুয়োটি গীতকে তবলাৰে সজাইছে নিলোৎপল সিঙে। 'সখীয়া ৰবে নীৰৱে' গীতটিত সংযোজিত হৈ থকা বাকী শিল্পীসকলৰ নাম হ'ল, শুভংকৰ হাজৰিকা (চেতাৰ) আৰু জগদীশ নাথ (গীটাৰ)। 


গীতটিৰ ভিডিঅ' পৰিচালনা আৰু সম্পাদনা কৰিছে অম্বৰীশ বৰকটকীয়ে। চিত্ৰ পৰিচালনাত তেখেতক সহযোগ কৰিছে ক্ৰমে শিৱম ৰয়, বিকি দাস আৰু বিকাশ ডেকাই। পুৰণি সেই দিনৰ কথা গীতটিৰ লিৰিকেল ভিদিঅ' তৈয়াৰ কৰি উলিয়ালে মৰাণ নিৱাসী মুন ৰংপিয়ে। গীতটি সকলোৱে আদৰি ল'ব বুলি আশাবাদী গীত দুটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক