--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সংগীত জগতত সংযোজিত হ'ল দুটি বিশেষ গীত।  ৮ মে' তাৰিখে গুৱাহাটীৰ 'সা ৰেকৰ্ডছ' নামৰ অডিঅ' ষ্টুডিঅটোত শুভমুক্তি লাভ কৰিলে দুটি গীতে। গীতকেইটিৰ নাম ক্ৰমে 'সখীয়া ৰবে নীৰৱে' আৰু 'পুৰণি সেই দিনৰ কথা'। 


প্ৰতি বছৰে  ৯মে'ত সমগ্ৰ ভাৰতবৰ্ষত ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখিয়েই গীত দুটি মুক্তি দিয়া হয় । দুয়োটি গীততেই কণ্ঠদান কৰিছে অনুভূতি কাকতি গোস্বামীয়ে। সংগীত পৰিচালনা কৰিছে ইমন সেউজ গোস্বামীয়ে।  'সখীয়া ৰবে নীৰৱে' গীতটিত অনুভূতিৰ লগত কণ্ঠদান কৰিছে উদীয়মান শিল্পী জোনাকী মনে। 

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত 'আমাৰে সখীয়া' আৰু কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গীত 'তুমি ৰবে নীৰৱে' - দুটি গীতৰ সংমিশ্ৰণ কৰি এটি নতুন সংগীতৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি জনালে পৰিচালক ইমন সেউজ গোস্বামীয়ে। সেউজ অনুভূতিৰ যুটীয়া প্ৰচেষ্টাত কৰা দ্বিতীয় গীতটি ক'লকাতাৰ এম এছ টি নামৰ ইউটিউব চেনেলটিয়ে মুকলি কৰিছে। 


গীতটিৰ নাম 'পুৰণি সেই দিনৰ কথা'। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ অতি জনপ্ৰিয় 'পুৰানো সেই দিনেৰ কথা' গীতটি অনুবাদ কৰিছে যোৰহাট নিবাসী অনুভূতিৰ পিতৃ শ্ৰীযুত দ্বিপেন কাকতিয়ে। গীতটিক ৰাগ কেদাৰৰ এটি বন্দিছৰ লগত সংমিশ্ৰণ কৰা হৈছে। দুয়োটি গীতকে তবলাৰে সজাইছে নিলোৎপল সিঙে। 'সখীয়া ৰবে নীৰৱে' গীতটিত সংযোজিত হৈ থকা বাকী শিল্পীসকলৰ নাম হ'ল, শুভংকৰ হাজৰিকা (চেতাৰ) আৰু জগদীশ নাথ (গীটাৰ)। 


গীতটিৰ ভিডিঅ' পৰিচালনা আৰু সম্পাদনা কৰিছে অম্বৰীশ বৰকটকীয়ে। চিত্ৰ পৰিচালনাত তেখেতক সহযোগ কৰিছে ক্ৰমে শিৱম ৰয়, বিকি দাস আৰু বিকাশ ডেকাই। পুৰণি সেই দিনৰ কথা গীতটিৰ লিৰিকেল ভিদিঅ' তৈয়াৰ কৰি উলিয়ালে মৰাণ নিৱাসী মুন ৰংপিয়ে। গীতটি সকলোৱে আদৰি ল'ব বুলি আশাবাদী গীত দুটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত