--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মায়া নগৰী মুম্বাইৰ ৰাজপথত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী বিদেশী যুৱতীক ৰাজপথতে যৌন নিৰ্যাতনৰ অপচেষ্টা চলায় দুজন যুৱকে। ভুক্তভোগী যুৱতীগৰাকী  দক্ষিণ কোৰিয়াৰ এগৰাকী বিখ্যাত  ইউটিউবাৰ  বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি অভিযুক্ত লোক দুজনে  ইউটিউবাৰগৰাকীক ৰাজপথৰ ওপৰতে  বলপূৰ্বক গালত চুমা খাবলৈ চেষ্টা কৰিছিল। 

ইতিমধ্যে আৰক্ষীয়ে ঘটনা ন্দৰ্ভত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।দক্ষিণ কোৰিয়াৰ ইউটিউবাৰগৰাকীয়ে  পথত থিয় হৈ থকাৰ সময়তে এই ঘটনা ঘটে।যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি এজন যুৱকে তেওঁৰ হাত ধৰি টানি নিয়াৰ চেষ্টা চলায়।  এজন তেওঁক  বাইকত উঠিবলৈও জোৰ দিয়ে।লোকজনে  আনকি জোৰকৈ তেওঁৰ গালত চুমা খাবলৈ চেষ্টা কৰিছিল বুলি যুৱতীগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। 

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে দক্ষিণ কোৰিয়াৰ ইউটিউবাৰগৰাকীক  হাৰাশাস্তি কৰাৰ ভিডিঅ' ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। মিনিট দৈৰ্ঘ্যৰ ভিডিঅ'টোত লোক কেইজনে  কিদৰে  ইউটিউবাৰগৰাকীক  হাৰাশাস্তি কৰিছিল সেয়া ধৰা পৰিছে।অৱশ্যে, ইউটিউবাৰগৰাকীয়ে গোটেই পৰিস্থিতিটো ভালদৰে চম্ভালি ল’বলৈ সক্ষম হয়। 

যুৱতীগৰাকীয়ে ছ'চিয়েল মিডিয়াত লিখিছে, "যোৱা নিশা এজন যুৱকে লাইভ ভিডিঅ' ষ্ট্ৰীম কৰাৰ সময়ত মোক হাৰাশাস্তি কৰিছিল। মই এই পৰিস্থিতিটো এৰাই চলিবলৈ যথেষ্ট চেষ্টা কৰিছিলো। মোৰ লগত এজন বন্ধু থকাৰ বাবে  মই  ৰক্ষা পৰিছো। কিছুসংখ্যক  লোকে দাবী কৰিছে যে মই এয়া  ইচ্ছাকৃতভাৱে কৰিছো। মই তেওঁলোকৰ মন্তব্যৰ বাবেই ভৱিষ্যতে  লাইভ ষ্ট্ৰীমিং কৰাৰ আগতে কথাবোৰ এবাৰ ভাবিব লাগিব। "

ঘটনাটোৱে মুম্বাই চহৰক জোকাৰি গৈছে।  ভিডিঅ'টো চাই দুয়োজন লোককে  চিনাক্ত কৰা হৈছিল। আৰক্ষীয়ে ভিডিঅ’টোৰ ভিত্তিতে  লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।  








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু