--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মায়া নগৰী মুম্বাইৰ ৰাজপথত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী বিদেশী যুৱতীক ৰাজপথতে যৌন নিৰ্যাতনৰ অপচেষ্টা চলায় দুজন যুৱকে। ভুক্তভোগী যুৱতীগৰাকী  দক্ষিণ কোৰিয়াৰ এগৰাকী বিখ্যাত  ইউটিউবাৰ  বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি অভিযুক্ত লোক দুজনে  ইউটিউবাৰগৰাকীক ৰাজপথৰ ওপৰতে  বলপূৰ্বক গালত চুমা খাবলৈ চেষ্টা কৰিছিল। 

ইতিমধ্যে আৰক্ষীয়ে ঘটনা ন্দৰ্ভত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।দক্ষিণ কোৰিয়াৰ ইউটিউবাৰগৰাকীয়ে  পথত থিয় হৈ থকাৰ সময়তে এই ঘটনা ঘটে।যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি এজন যুৱকে তেওঁৰ হাত ধৰি টানি নিয়াৰ চেষ্টা চলায়।  এজন তেওঁক  বাইকত উঠিবলৈও জোৰ দিয়ে।লোকজনে  আনকি জোৰকৈ তেওঁৰ গালত চুমা খাবলৈ চেষ্টা কৰিছিল বুলি যুৱতীগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। 

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে দক্ষিণ কোৰিয়াৰ ইউটিউবাৰগৰাকীক  হাৰাশাস্তি কৰাৰ ভিডিঅ' ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। মিনিট দৈৰ্ঘ্যৰ ভিডিঅ'টোত লোক কেইজনে  কিদৰে  ইউটিউবাৰগৰাকীক  হাৰাশাস্তি কৰিছিল সেয়া ধৰা পৰিছে।অৱশ্যে, ইউটিউবাৰগৰাকীয়ে গোটেই পৰিস্থিতিটো ভালদৰে চম্ভালি ল’বলৈ সক্ষম হয়। 

যুৱতীগৰাকীয়ে ছ'চিয়েল মিডিয়াত লিখিছে, "যোৱা নিশা এজন যুৱকে লাইভ ভিডিঅ' ষ্ট্ৰীম কৰাৰ সময়ত মোক হাৰাশাস্তি কৰিছিল। মই এই পৰিস্থিতিটো এৰাই চলিবলৈ যথেষ্ট চেষ্টা কৰিছিলো। মোৰ লগত এজন বন্ধু থকাৰ বাবে  মই  ৰক্ষা পৰিছো। কিছুসংখ্যক  লোকে দাবী কৰিছে যে মই এয়া  ইচ্ছাকৃতভাৱে কৰিছো। মই তেওঁলোকৰ মন্তব্যৰ বাবেই ভৱিষ্যতে  লাইভ ষ্ট্ৰীমিং কৰাৰ আগতে কথাবোৰ এবাৰ ভাবিব লাগিব। "

ঘটনাটোৱে মুম্বাই চহৰক জোকাৰি গৈছে।  ভিডিঅ'টো চাই দুয়োজন লোককে  চিনাক্ত কৰা হৈছিল। আৰক্ষীয়ে ভিডিঅ’টোৰ ভিত্তিতে  লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।  








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement