--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত প্ৰতিষ্ঠান বিৰোধী সাংবাদিকতাক গতি প্ৰদান কৰা মুষ্টিমেয় সাংবাদিকসকলৰ ভিতৰত ৰবীশ কুমাৰ অন্যতম। মোদীৰ চৰকাৰৰ ভুলবোৰ স্পষ্ট আৰু নিৰ্ভীকভাবে উদঙাই দি ৰবীশ কুমাৰ কেৱল দেশতে নহয়, বিশ্বৰ আন প্ৰান্ততো বিখ্যাত হৈ পৰিছিল।  কিন্তু শেহতীয়াকৈ তেওঁ এনডিটিভিৰ পৰা পদত্যাগ কৰাৰ পিছতে বহুতৰে মনত প্ৰশ্ন জাগিছে ৰবীশ কুমাৰে এতিয়া কি কৰিব? সাংবাদিকতাৰ জগত খনৰ পৰা আঁতৰি আহিব নেকি সাহসী সাংবাদিকগৰাকীয়ে? 

এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ ৰবীশ কুমাৰৰ এটা শেহতীয়া টুইটৰ পৰাই স্পষ্ট হৈ পৰিছে। প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে এনডিটিভিৰ  কোম্পানী আৰআৰপিআৰ হোল্ডিং প্ৰাইভেট লিমিটেডৰ সঞ্চালক পদ ত্যাগ কৰাৰ এদিন পিছতে এনডিটিভি ইণ্ডিয়াৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক ৰবীশ কুমাৰেও পদত্যাগ কৰে। 
এক মেইলত চেনেলটোৱে কৈছে  যে ৰবিশ কুমাৰৰ পদত্যাগ তাৎক্ষণিকভাবে  গ্ৰহণ কৰা হৈছে। মেইলত কোৱা হৈছিল, "ৰবীশ কেইবা দশক ধৰি এনডিটিভিৰ এক অবিচ্ছেদ্য অংশ হৈ আহিছে, তেওঁৰ অৱদান অপৰিসীম, আৰু আমি জানো যে তেওঁ এক নতুন আৰম্ভণি কৰাৰ লগে লগে সফল হ'ব পাৰিব।"

২২ নৱেম্বৰত, আদানি গোটে এনডিটিভি ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।  মুলতঃ মোদী চৰকাৰৰ তীব্ৰ সমালোচক হিচাবে জনাজাত চেনেলটো আদানী গ্ৰুপে ক্ৰয় কৰাৰ পিছতে চেনেলটোৱে পূৰ্বৰ চৰিত্ৰ হেৰুৱাই পেলাব বুলি দেশৰ গৰিষ্ঠসংখ্যক জনতা নিশ্চিত আছিল। চেনেলটোৰ মুখ্য আকৰ্ষণ ৰবীশ কুমাৰে১৯৯৬  চনত নতুন দিল্লী টেলিভিছন নেটৱৰ্ক (এনডিটিভি)ত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁ চেনেলটোত  নিষ্ঠা আৰু সাহসেৰে কাম কৰি আছিল। তেওঁ এনডিটিভি ইণ্ডিয়াত কেইবাটাও বাতৰি-আধাৰিত অনুষ্ঠান যেনে হাম লগ, ৰবীশ কি ৰিপ'ৰ্ট, দেশ কি বাত আৰু প্ৰাইম টাইম  সঞ্চালনা কৰিছিল। কুমাৰক দুবাৰকৈ ৰামনাথ গোয়েঙ্কা এক্সেলেন্স ইন জাৰ্নালিজম বঁটা প্ৰদান কৰা হৈছে।  লগতে ২০১৯  চনত তেওঁক ৰমন মেগছেছে বঁটা প্ৰদান কৰা হৈছে।

ৰবীশ কুমাৰৰ  জন্ম হৈছিল ১৯৭৪ চনৰ ৫ ডিচেম্বৰত বিহাৰৰ পূব চম্পাৰণ জিলাৰ আৰেৰাজৰ ওচৰৰ জিতৱাৰপুৰ গাঁৱত । এজন ভাৰতীয় সাংবাদিক, লেখক আৰু সংবাদ মাধ্যমৰ ব্যক্তিত্ব হিচাবে তেওঁ বিশ্বৰ বিভিন্ন দেশত পৰিচিত।তেওঁ ৰমন মেগছেছে বঁটা লাভ কৰা পঞ্চমগৰাকী  ভাৰতীয় সাংবাদিক ।
তেওঁ পাটনাৰ লয়োলা হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা লাভ কৰে। পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ গুচি যায়। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ দেশবন্ধু মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। অৱশেষত তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাচ কমিউনিকেশ্বনৰ পৰা হিন্দী জাৰ্নালিজমত স্নাতকোত্তৰ ডিপ্লোমা লাভ কৰে।

১৯৯৪ চনৰ পৰা ২০২২ চনলৈ তেওঁ এনডিটিভি ইণ্ডিয়াৰ হৈ সেৱা আগবঢ়ায়। চৰকাৰ বিৰোধী সাহসী সাংবাদিকতাৰ বাবে মৃত্যুৰ ভাবুকিও পাইছিল।কুমাৰক সাংবাদিকতাত কৰা কামৰ বাবে বিভিন্ন বঁটা প্ৰদান কৰা হৈছে যাৰ ভিতৰত আছে ৰমন মেগছেছে বঁটা (২০১৯)। তেওঁক গৌৰী লঙ্কেশ বঁটা,  কুলদীপ নায়াৰ সাংবাদিকতা বঁটা (২০১৭), হিন্দী সাংবাদিকতা আৰু সৃষ্টিশীল সাহিত্যৰ বাবে গণেশ শংকৰ বিদ্যাৰ্থী বঁটা (২০১০)প্ৰদান কৰা হৈছিল। 

তেওঁক দ্য ইণ্ডিয়ান এক্সপ্ৰেছে ১০০ জন আটাইতকৈ প্ৰভাৱশালী ভাৰতীয়ৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল।  মুম্বাই প্ৰেছ ক্লাবেও তেওঁক  বছৰটোৰ সাংবাদিক হিচাপে মনোনীত কৰিছিল। কুমাৰে নয়না দাসগুপ্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। নয়না   দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰী ৰাম মহাবিদ্যালয়ত ইতিহাসৰ অধ্যাপিকা। ৰাবিশ  কুমাৰৰ দুগৰাকী কন্যা সন্তা আছে।

ৰবীশ কুমাৰে বহু কেইখন গ্ৰন্থও ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত উল্লেখয্যগ কেইখনমান গ্ৰন্থ হ’ল- দ্য ফ্ৰী ভইচ: অন ডেমক্ৰেচী, কালচাৰ এণ্ড দ্য নেশ্যন,বোলনা হি হে : লোকতন্ত্ৰ, সংস্কৃতি ঔৰ ৰাষ্ট্ৰকে বাৰে মে (হিন্দীত),ইশ্ক মে চহৰ হোনা (হিন্দীত),দেখতে ৰহিয়ে (হিন্দীত),ৰবীশপান্তি (হিন্দীত) আদি। এনডিটিভি এৰাৰ পিছত ৰবীশ কুমাৰ দন্তহীন হৈ পৰিল বুলি বহুতে ধাৰণা কৰিছে যদিও কুমাৰে শেহতীয়াকৈ এটা টুইটত কৈছে যে তেওঁৰ যুদ্ধ অব্যাহত থাকিব। গোদী মিডিয়াৰ বিপৰীতে গৈ তেওঁ তেওঁৰ যুদ্ধ অব্যাহত ৰাখিব। নিজৰ ইউটিউব চেনেলৰ জৰিয়তে ৰবীশ কুমাৰে তেওঁৰ যুঁজ অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement