--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় চিনেমা উদ্যোগৰ বিচিত্ৰতা তথা বৰ্ণিল স্বৰূপক সঠিকৰূপত প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে আয়োজিত অষ্টাদশ  সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চিনেমাৰ উৎকৰ্ষতাৰ দিশটোৱে এক নতুন মাত্ৰা লাভ কৰিছে। এই মহোৎসৱত ছবি পৰিচালকসকলৰ লগতে দৰ্শকেও বিচাৰি পাইছে এখন বিশেষ মঞ্চ। মহোৎসৱত অভিলেখ ভংগকাৰী ৮৪০খন ছবি  দাখিল কৰাৰ লগতে এই মহোৎসৱত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ৭৭খন ছবি  নিখুঁতভাৱে নিৰ্বাচন কৰা হৈছে। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ অধীনত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছবিসমূহ ভাৰতীয় লোকৰ দ্বাৰা ২০২২ চনৰ ১ জানুৱাৰী আৰু ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত  ভাৰততে নিৰ্মাণ কৰা ছবি।

১৫ জুনৰ পৰা ২১ জুনলৈ অনুষ্ঠিত হোৱা এইবাৰৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে ভাৰতীয় চিনেমাৰ ভৱিষ্যতক এক নতুন গতিপথ প্ৰদান কৰাত সক্ষম হৈছে। এইবাৰ অভিষেক ঘটা পৰিচালকৰ উল্লেখযোগ্য ৩০খন ছবি আৰু ১২খন শিক্ষাৰ্থীৰ সৃষ্টিয়ে প্ৰতিযোগিতাত স্থান লাভ কৰিছে। এই মহোৎসৱত চিনেমাৰ আলোকসন্ধানী  দৃষ্টিভংগী আৰু কাহিনীৰ দ্বাৰা মোহিত হ’বলৈ দৰ্শক  সাজু হৈছে। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ  অন্তৰ্গত ছবিৰ সম্পূৰ্ণ তালিকা আপুনি ইয়াত লাভ কৰিব https://miff.in/wp-content/uploads/2024/06/National-Competition-MIFF-2024.pdf

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ অধীনত অন্তৰ্ভুক্ত  ছবিসমূহে তিনিটা শাখাৰ অধীনত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে:

ৰাষ্ট্ৰীয় তথ্যচিত্ৰ প্ৰতিযোগিতা: এই শিতানত ৩০ খন চিন্তা উন্মেষক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ’ব।

ৰাষ্ট্ৰীয় প্ৰতিযোগিতা: চুটি কল্পকাহিনী আৰু এনিমেচন: চুটি কল্পকাহিনী আৰু এনিমেচনৰ ধাৰাক সামৰি লোৱা ৪১খন ছবিয়ে সাধুকথা কোৱাৰ শক্তিৰ সাক্ষ্য বহন কৰিব।

ৰাষ্ট্ৰীয় প্ৰতিযোগিতা: অমৃত কালত ভাৰত: এই বিষয়বস্তুক কেন্দ্ৰ কৰি ছখন বিশেষভাৱে নিৰ্বাচন  কৰা ছবিৰ জৰিয়তে জাতিৰ ভৱিষ্যত অন্বেষণ কৰাৰ সুযোগ লাভ কৰিব পৰা যাব ।

বিজয়ী ছবি আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে অপেক্ষা কৰি থকা সন্মানীয় বঁটাসমূহে (তলত তালিকা দিয়া হৈছে) তেওঁলোকক  আৰু অধিক উন্নীত কৰি তোলাৰ লগতে প্ৰতিযোগিতামুখী কৰি তুলিছে।  ফলত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো বহুতৰে বাবে সঁচাকৈয়ে এক প্ৰেৰণাদায়ক উৎসৱ হৈ পৰিছে।


ইয়াত বিভিন্ন শিতানৰ বঁটাসমূহৰ আভাস দাঙি ধৰা হ’ল-

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বঁটা:

শ্ৰেষ্ঠ ভাৰতীয় তথ্যচিত্ৰ: এই তথ্যচিত্ৰই লাভ কৰিব ৰূপালী শংখ আৰু  ৫ লাখ টকাৰ নগদ পুৰস্কাৰ।
শ্ৰেষ্ঠ ভাৰতীয় চুটি কল্পকাহিনী ছবি (৩০ মিনিট পৰ্যন্ত দৈৰ্ঘ্যৰ): ৰূপালী শংখ আৰু নগদ ৩ লাখ টকাৰ পুৰস্কাৰ।
শ্ৰেষ্ঠ ভাৰতীয় এনিমেচন ছবি: লাভ কৰিব ৰূপালী শংখ আৰু নগদ  ৩ লাখ টকাৰ পুৰস্কাৰ।
শ্ৰেষ্ঠ অভিষেক ছবি (পৃষ্ঠপোষক বঁটা): ট্ৰফীৰ সৈতে  নগদ ১  লাখ টকাৰ  পুৰস্কাৰ। 
শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ  চলচ্চিত্ৰ (পৃষ্ঠপোষক বঁটা): ট্ৰফীৰ সৈতে  নগদ ১  লাখ টকাৰ  পুৰস্কাৰ। 
"অমৃত কালত ভাৰত"ৰ বিষয়বস্তুকলৈ নিৰ্মিত শ্ৰেষ্ঠ চুটি ছবিৰ বিশেষ বঁটা (১৫ মিনিট পৰ্যন্ত দৈৰ্ঘ্যৰ ): কেৱল ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে মুকলি এই বঁটাত ট্ৰফী আৰু নগদ ১  লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব।


কাৰিকৰী বঁটা (সাধাৰণৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা ):

চিনেমেট’গ্ৰাফীঃ প্ৰমাণ পত্ৰ আৰু নগদ ৩  লাখ টকাৰ  পুৰস্কাৰ লাভ কৰিব। 
সম্পাদনাঃ প্ৰমাণ পত্ৰ আৰু নগদ ৩ লাখ টকাৰ  পুৰস্কাৰ লাভ কৰিব। 
শব্দ ডিজাইন: প্ৰমাণ পত্ৰ আৰু নগদ ৩ লাখ টকাৰ  পুৰস্কাৰ লাভ কৰিব। 


অতিৰিক্ত স্বীকৃতি:

FIPRESCIৰ জুৰী বঁটা: ইণ্টাৰনেছনেল ফেডাৰেচন অব ফিল্ম ক্ৰিটিক (FIPRESCI)সংস্থাক  প্ৰতিনিধিত্ব কৰা তিনিগৰাকী বিশিষ্ট চলচ্চিত্ৰ সমালোচকে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ এখন তথ্যচিত্ৰক  এই বঁটা প্ৰদান কৰিব।

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে জুৰী

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ সৈতে জড়িত  বিশিষ্ট ব্যক্তিৰ বিশেষ  পেনেলে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰিচালনাৰ দায়িত্বত থকা মূল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰিব। ছবি সন্দৰ্ভত তেওঁলোকৰ বিশেষ জ্ঞান আৰু অভিজ্ঞতাই এক সৰ্বজনগ্ৰাহ্য  নিৰ্বাচন প্ৰক্ৰিয়া নিশ্চিত কৰিব।

এই বছৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ জুৰী সদস্যসকলৰ ভিতৰত আছে জাৰ্মান চলচ্চিত্ৰ প্ৰযোজক এডেল ছিলমেন (ডাছ ৱেইবে ৰাউচেন, এলেছ অফ ডাই ছিবজেন) চলচ্চিত্ৰ নিৰ্মাতা ড. ববি শৰ্মা বৰুৱা (মিছিং, সোণাৰ বৰণ পাখী), এনিমেটৰ মুঞ্জল শ্ৰফ (কৃষ, ত্ৰিশ আৰু বাল্টিবয়) চলচ্চিত্ৰ প্ৰযোজক অপূৰ্ব বক্সী (দিল্লী ক্ৰাইম) আৰু জাৰ্মান চলচ্চিত্ৰ নিৰ্মাতা আন্না হেংকেল-ডনাৰ্ছমাৰ্ক।

জুৰীয়ে শ্ৰেষ্ঠ ভাৰতীয় তথ্যচিত্ৰ, চুটি ছবি, এনিমেচন, শ্ৰেষ্ঠ অভিষেক ছবি, শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ  চলচ্চিত্ৰ আৰু কাৰিকৰী বঁটাকে ধৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰিব। তেওঁলোকে "অমৃত কালত ভাৰত"ৰ বিষয়কলৈ নিৰ্মিত শ্ৰেষ্ঠ চুটি ছবিৰ বিশেষ বঁটাৰ বিজয়ীকো নিৰ্বাচন কৰিব।অধিক তথ্যৰ বাবে www.miff.in ত লগ অন কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement