--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা  ​​চুটি ছবি, তথ্যচিত্ৰ আৰু এনিমেচন ছবিৰ প্ৰদৰ্শনৰ  বাবে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অষ্টাদশ সংখ্যক সংস্কৰণৰ আৰম্ভ হ’ল।১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৭ দিনীয়াকৈ অনুষ্টিত কৰা হ’ব ।  চাৰ্লি হেমিল্টন-জেমছ পৰিচালনাত নিৰ্মিত ‘বিলি এণ্ড মলি: এণ অটাৰ লাভ ষ্ট’ৰী’ৰ ভাৰতত প্ৰিমিয়াৰৰ জৰিয়তে এই মহোৎসৱৰ শুভাৰম্ভনি কৰা হ’ব। 


এইবাৰৰ মহোৎসৱত  ৫৯খন দেশৰ,  ৬১টা ভাষাৰ  ৩১৪খন ছবি প্ৰদৰ্শিত হ’ব। ইয়াৰ ভিতৰত ৮টা বিশ্ব প্ৰিমিয়াৰ, ৫টা আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ, ১৮টা এছিয়া প্ৰিমিয়াৰ আৰু ২১টা ইণ্ডিয়া প্ৰিমিয়াৰ আছে। মুম্বাইৰ উপৰিও দিল্লী, কলকাতা, পুনে আৰু চেন্নাইতো সমান্তৰাল প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে কঢ়িয়াই আনিছে বহু প্ৰত্যাশা। এই মহোৎসৱে  দৰ্শক আৰু ছবি উদ্যোগৰ সৈতে জড়িত  পেছাদাৰী লোকসকলক বাৰুকৈয়ে আকৰ্ষণ কৰিছে।  মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণকাৰীসকলৰ বাবে অপেক্ষা কৰি থকা অবিস্মৰ্ণীয়  অভিজ্ঞতাৰ আভাস প্ৰদানৰ উদ্দেশ্যে  আয়োজিত এখন সংবাদমেলত মহোৎসৱৰ চিনেমাৰ শৃংখল উন্মোচন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব   সঞ্জয় জাজুৱে কয় যে এনে উৎসৱ আয়োজনৰ উদ্দেশ্য কেৱল চিনেমাৰ  প্ৰচাৰ কৰাই নহয়, চিনেমা, সমসাময়িক আৰু আৰ্থ-সামাজিক বিষয়সমূহৰ বিষয়তচিন্তা-চৰ্চা কৰা আৰু এই উদ্যোগৰ সৈতে জড়িত  নীতি নিৰ্ধাৰকসকলক বিভিন্ন সমস্যা সমাধানৰ দিশত পথ প্ৰদৰ্শন কৰাও মহোৎসৱৰ আন এক উদ্দেশ্য।

                                                              
তথ্যচিত্ৰ আৰু চুটি ছবিৰ ক্ৰমবৰ্ধমান বজাৰ খনৰ আভাস দাঙি ধৰি   সঞ্জয় জাজুৱে কয় যে তথ্যচিত্ৰৰ উদ্যোগ  বিশ্বজুৰি ১৬ বিলিয়ন মাৰ্কিন ডলাৰৰ এক বিশাল উদ্যোগ,  যিয়ে এই ধাৰাটোৰ বিষয়ে মানুহক  অৱগত কৰোৱাৰ লগতে অনুপ্ৰাণিত কৰিব পাৰে আৰু ছবিৰ জড়িয়তে   অন্তৰ্দৃষ্টি  তথা  মনোৰঞ্জন  প্ৰদান কৰিব পাৰে। তেওঁ লগতে কয়  “তথ্যচিত্ৰসমূহৰ উপৰি আমাৰ এটা অতি গুৰুত্বপূৰ্ণ  বিষয় হৈছে ভিএফএক্স শিতান।  য’ত এনিমেচন শিতানটোও অন্তৰ্ভুক্ত কৰা হৈছে। ই এটা ডাঙৰ উদ্যোগ , যিটো উদ্যোগৰ সৈতে  আমাৰ দেশৰ বিশাল অৰ্থনৈতিক আৰু নিয়োগৰ বিষয়সমূহো জড়িত হৈ আছে।  আমি সুখ অনুভৱ কৰিছো যে তথ্যচিত্ৰৰ শিতানে  এই বছৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অগ্ৰাধিকাৰ লাভ কৰিছে ।’

 তেওঁ লগতে কয়- আমাৰ জাতিটোৱে এনিমেচন আৰু ভিএফএক্স উদ্যোগত যিদৰে আগবাঢ়ি গৈছে সেয়া অতি লক্ষ্যণীয় কথা। এই বিষয়ত  আলোকপাত কৰি সচিবগৰাকীয়ে আৰু কয় যে ছোটা ভীম আৰু চাচা চৌধুৰীৰ দৰে ভাৰতীয় ভিএফএক্স চৰিত্ৰসমূহ বিশ্বজুৰি  পৰিচিত হৈ পৰিছে আৰু ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে এনে  ভাৰতীয় কাহিনীসমূহৰ  সাৰ্বজনীন স্বীকৃতি লাভ কৰাৰ কৰাৰ শক্তি আছে। তেওঁ কয়  “আমাৰ  উদ্দেশ্য হৈছে আমাৰ দেশৰ ভিতৰতে এনিমেচন খণ্ডত বৌদ্ধিক সম্পদ  সৃষ্টি কৰা,  যি বহু দূৰলৈকে প্ৰসাৰিত হ’ব পাৰে। আমাৰ বহু সৃজনীশীল কৰ্মৰে জড়িত লোকে বিশ্বৰ  কল্পনাশক্তিক আহৰণ কৰিব পৰাৰ এয়া এক সুবৰ্ণ  সুযোগ”।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ