--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰসকল তেওঁলোকৰ সুখ্যাতিৰ বাবে বিশ্বব্যাপী জনাজাত। বলীউড ছুপাৰষ্টাৰসকলৰ সংযুক্ত আৰব আমিৰেটছৰ (ইউ.এ.ই.) সৈতেও এক শক্তিশালী সম্পৰ্ক আছে কিয়নো সেই দেশবোৰত  কেইবাখনো বলীউড চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ, বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান, ছলমান খান, অক্ষয় কুমাৰ আৰু চেইফ আলী খানে মুম্বাইত ছৌদি আৰবৰ সাংস্কৃতিক মন্ত্ৰী বদৰ বিন ফাৰহান আলচাউদক সাক্ষাৎ কৰে।

সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত কেইবাখনো ছবি শ্বেয়াৰ কৰিছিল, য’ত তেওঁক তাৰকাসকলৰ সৈতে আনন্দেৰে কৰি থকা  দেখা গৈছিল। যদিও ফাৰহানক তেওঁৰ সাংস্কৃতিক পোছাকত দেখা যায়, বলীউড তাৰকাসকলক সাধাৰণ পোছাকত  দেখা গৈছিল। শ্বাহৰুখ খান আৰু চেইফ আলী খানে এটা সাধাৰণ টি-চাৰ্ট আৰু জিন্স পৰিধান কৰিছিল আনহাতে ছলমানে গাঢ় নীলা জিন্সৰ সৈতে এটা ক’লা চাৰ্ট পিন্ধিছিল। অক্ষয় কুমাৰে এটা  বগা চাৰ্ট আৰু ক’লা পেণ্ট পৰিধান কৰিছিল।

ছবিসমূহ তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি বদৰ বিন ফাৰহান আলচাউদে লিখিছে যে, ‘চলচ্চিত্ৰৰ সুন্দৰ পৃথিৱীত অন্তৰ্দৃষ্টিপূৰ্ণ কথোপকথনতহোৱাৰ পাছত, বলীউডৰ ছুপাৰষ্টাৰসকলৰ সৈতে পাৰস্পৰিক সাংস্কৃতিক সহযোগিতা অন্বেষণ কৰি আনন্দিত হৈছো।’

মন্ত্ৰীজনৰ সৈতে পোজ দিয়া বলীউডৰ তাৰকাসকলৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পোষ্টৰ মন্তব্য শাখাত প্ৰশংসাৰে উপচাই পেলাইছে।
কৰ্মক্ষেত্ৰত, অভিনেতাসকলৰ প্ৰকল্পৰ এক আকৰ্ষণীয় লাইন-আপ আছে। শ্বাহৰুখ খানে ‘পাঠান’ৰ সৈতে ছলমানে ‘টাইগাৰ ৩’ৰ আৰু চেইফ আলী খানে বহু প্ৰতীক্ষিত ‘বিক্ৰম বেদ’ৰ দৃশ্যগ্ৰহণ কৰি আছে। সমান্তৰালভাৱে অক্ষয় কুমাৰেও 'পৃথ্বীৰাজ'ৰ বাবে সাজু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement