--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছুপাৰষ্টাৰসকল তেওঁলোকৰ সুখ্যাতিৰ বাবে বিশ্বব্যাপী জনাজাত। বলীউড ছুপাৰষ্টাৰসকলৰ সংযুক্ত আৰব আমিৰেটছৰ (ইউ.এ.ই.) সৈতেও এক শক্তিশালী সম্পৰ্ক আছে কিয়নো সেই দেশবোৰত  কেইবাখনো বলীউড চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ, বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান, ছলমান খান, অক্ষয় কুমাৰ আৰু চেইফ আলী খানে মুম্বাইত ছৌদি আৰবৰ সাংস্কৃতিক মন্ত্ৰী বদৰ বিন ফাৰহান আলচাউদক সাক্ষাৎ কৰে।

সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত কেইবাখনো ছবি শ্বেয়াৰ কৰিছিল, য’ত তেওঁক তাৰকাসকলৰ সৈতে আনন্দেৰে কৰি থকা  দেখা গৈছিল। যদিও ফাৰহানক তেওঁৰ সাংস্কৃতিক পোছাকত দেখা যায়, বলীউড তাৰকাসকলক সাধাৰণ পোছাকত  দেখা গৈছিল। শ্বাহৰুখ খান আৰু চেইফ আলী খানে এটা সাধাৰণ টি-চাৰ্ট আৰু জিন্স পৰিধান কৰিছিল আনহাতে ছলমানে গাঢ় নীলা জিন্সৰ সৈতে এটা ক’লা চাৰ্ট পিন্ধিছিল। অক্ষয় কুমাৰে এটা  বগা চাৰ্ট আৰু ক’লা পেণ্ট পৰিধান কৰিছিল।

ছবিসমূহ তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি বদৰ বিন ফাৰহান আলচাউদে লিখিছে যে, ‘চলচ্চিত্ৰৰ সুন্দৰ পৃথিৱীত অন্তৰ্দৃষ্টিপূৰ্ণ কথোপকথনতহোৱাৰ পাছত, বলীউডৰ ছুপাৰষ্টাৰসকলৰ সৈতে পাৰস্পৰিক সাংস্কৃতিক সহযোগিতা অন্বেষণ কৰি আনন্দিত হৈছো।’

মন্ত্ৰীজনৰ সৈতে পোজ দিয়া বলীউডৰ তাৰকাসকলৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পোষ্টৰ মন্তব্য শাখাত প্ৰশংসাৰে উপচাই পেলাইছে।
কৰ্মক্ষেত্ৰত, অভিনেতাসকলৰ প্ৰকল্পৰ এক আকৰ্ষণীয় লাইন-আপ আছে। শ্বাহৰুখ খানে ‘পাঠান’ৰ সৈতে ছলমানে ‘টাইগাৰ ৩’ৰ আৰু চেইফ আলী খানে বহু প্ৰতীক্ষিত ‘বিক্ৰম বেদ’ৰ দৃশ্যগ্ৰহণ কৰি আছে। সমান্তৰালভাৱে অক্ষয় কুমাৰেও 'পৃথ্বীৰাজ'ৰ বাবে সাজু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু