--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড এৰিনাত সবাটোকৈ চৰ্চিত যুটিসমূহৰ ভিতৰত অন্যতম হ’ল অজয় দেৱগন আৰু কাজল। তেওঁলোকৰ মিঠা সম্পৰ্কৰ চৰ্চা হয় ইণ্টাৰনেটত। বহুতে বলীউডৰ এই যুটিটোক 'পাৱাৰ কাপল' নাম দিছে। ইণ্টাৰনেট জগতত শ্বাহৰূখ-কাজলৰ সম্পৰ্কৰ যিমানেই সৰল বিশ্লেষণ নহওঁক কিয়, বাস্তৱত অজয়-কাজলৰ যুটি সদায় আকৰ্ষণীয়, ছুপাৰহিট। তথাপি এই মধুৰ সম্পৰ্কৰ মাজতো আছে  বৈবাহিক বিবাদৰ বিভিন্ন ঘটনা। জানিবলৈ পোৱা মতে,  ক্ষোভিত অজয়ৰ বাবে এবাৰ এই দম্পতীৰ মাজত বৈবাহিক সম্পৰ্কত এক ডাঙৰ সমস্যাই দেখা দিছিল। 

মন কৰিবলগীয়া যে, অজয় দেৱগন আৰু কাজলৰ বৰ্তমান দুটা সন্তান আছে। যুগ আৰু নাইচা। কিন্তু বহুতে হয়তো নাজানে যে, যুগ আৰু নাইছাৰ জন্মৰ পূৰ্বে কাজলৰ দুবাৰ গৰ্ভপাত হৈছিল। আৰু এই ঘটনাটোৰ বাবে কাজলক দোষাৰোপ কৰিছিল অজয় দেৱগণে। এই কথাৰ প্ৰসংগ আলোচনাৰ আওতালৈ আহিলেই মনত পৰে ২০০১ চনৰ এটা ঘটনা। গৰ্ভৱতী হৈ থকা অৱস্থাতে শ্বুটিং ছেটত অভিনয় কৰা বাবে অজয় দেৱগণে কাজলক সোধাইছিল প্ৰচণ্ড চৰ। কিয় এনে কৰিছিল অজয়ে?

জানিবলৈ পোৱা মতে, কাজল গৰ্ভৱতী হৈ থকা সময়ত অজয় দেৱগণে কাজলক অভিনয় কৰাত বাধা দিছিল। কিন্তু স্বামীৰ কথা নুশুনি কাজলে কৰণ জোহৰৰ ছবি ‘কভি খুশী কভি গম’ত দৃশ্যগ্ৰহণৰ বাবে ৰাজি হৈছিল কাজল। তাৰ পিছত, শ্বাহৰূখ খানৰ সৈতে ‘ইয়ে লাৰ্কা হায় আল্লা’ গীতটোৰ শ্বুটিঙৰ সময়ত হঠাতে মূৰ ঘূৰাই পৰিছিল। খবৰ পোৱাৰ লগে লগে অজয় দেৱগণে তৎক্ষণাৎ ছেটত উপস্থিত হৈছিল। প্ৰথমে, অজয়ে কাজলক সকলোৰে সন্মুখত চৰিয়াইছিল। ইয়াৰ পাছত গৰ্ভৱতী মহিলাক নৃত্য কৰোৱাৰ বাবে পৰিচালক কৰণ জোহৰৰ ওপৰতো খং দেখুৱাইছিল অজয় দেৱগণে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু