--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছমাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা মুম্বাইৰ  অটল বিহাৰী বাজপেয়ী সেৱাৰী-নব সেৱা অটল সেতুত বৃহৎ ফাট মেলাৰ কথাই বহুতকে চিন্তিত কৰি তুলিছে।   দেশৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং হিচাপে জানুৱাৰী মাহত উদ্বোধন কৰা হৈছিল এই সেতু খন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই দলংখন উদ্বোধন কৰিছিল।

জানুৱাৰী মাহত অটল বিহাৰী বাজপেয়ী সেৱৰী-নব সেৱা অটল সেতু অৰ্থাৎ মহাৰাষ্ট্ৰ ট্ৰেন্স হাৰ্বাৰ লিংক সেতু  ধুমধামেৰে উদ্বোধন কৰা  হৈছিল যদিও ১৮ হাজাৰ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা সেতু খনত যে নিৰ্মাণৰ সময়তে বিজুতি আছিল সেই কথা এতিয়া প্ৰমাণ হৈছে। 

 উদ্বোধনৰ প্ৰায় ছমাহ পাছতে  সেই সেতুখনত দীঘলীয়া ফাট এটা দেখা গ’ল! মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলেই কয় যে সমগ্ৰ ৰাজ্যতে এনেধৰণৰ বহু  দুৰ্নীতি হৈছে। দুৰ্নীতিৰ বহু উদাহৰণ আমি সংসদত দেখুৱাম ।

তেওঁ আৰু অভিযোগ কৰে যে চৰকাৰে দেখুৱাইছে যে তেওঁলোকে ৰাইজৰ বাবে কাম কৰিছে, কিন্তু আপুনি ইয়াত  কেৱত দুৰ্নীতিহে দেখা পাব। এনেকৈ দুৰ্বল দলং নিৰ্মাণ কৰি  মানুহৰ জীৱন বিপন্ন কৰাৰ অধিকাৰ কোনে দিলে? এই দুৰ্নীতিগ্ৰস্ত চৰকাৰখন কেনেকৈ আঁতৰাব পাৰি ৰাইজে পৰিকল্পনা কৰা উচিত।

তথ্য অনুসৰি আনুমানিক ১৭,৮৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল এই সেতু খন । সেতু খনত  নবি মুম্বাইৰ দিশে  ফাট এটা দেখা গৈছে। প্ৰায় ২১.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সেতুখনৰ ৬টা লেন আছে। সেতু খনৰ সাগৰত নিৰ্মিত হৈছে ১৬.৫ কিলোমিটাৰ আৰু স্থলভাগত প্ৰায় ৫.৫ কিলোমিটাৰ । 

দেশৰ ভিতৰতে আটাইতকৈ দীঘল সেতু এয়া । ই মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু নভি মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে সংযোগ স্থাপন কৰিছে। এই সেতু খনে মুম্বাইৰ পৰা পুনে, গোৱা আৰু দক্ষিণ ভাৰতলৈ যাতায়তৰ সময়ো হ্ৰাস কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement