--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছমাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা মুম্বাইৰ  অটল বিহাৰী বাজপেয়ী সেৱাৰী-নব সেৱা অটল সেতুত বৃহৎ ফাট মেলাৰ কথাই বহুতকে চিন্তিত কৰি তুলিছে।   দেশৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং হিচাপে জানুৱাৰী মাহত উদ্বোধন কৰা হৈছিল এই সেতু খন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই দলংখন উদ্বোধন কৰিছিল।

জানুৱাৰী মাহত অটল বিহাৰী বাজপেয়ী সেৱৰী-নব সেৱা অটল সেতু অৰ্থাৎ মহাৰাষ্ট্ৰ ট্ৰেন্স হাৰ্বাৰ লিংক সেতু  ধুমধামেৰে উদ্বোধন কৰা  হৈছিল যদিও ১৮ হাজাৰ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা সেতু খনত যে নিৰ্মাণৰ সময়তে বিজুতি আছিল সেই কথা এতিয়া প্ৰমাণ হৈছে। 

 উদ্বোধনৰ প্ৰায় ছমাহ পাছতে  সেই সেতুখনত দীঘলীয়া ফাট এটা দেখা গ’ল! মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলেই কয় যে সমগ্ৰ ৰাজ্যতে এনেধৰণৰ বহু  দুৰ্নীতি হৈছে। দুৰ্নীতিৰ বহু উদাহৰণ আমি সংসদত দেখুৱাম ।

তেওঁ আৰু অভিযোগ কৰে যে চৰকাৰে দেখুৱাইছে যে তেওঁলোকে ৰাইজৰ বাবে কাম কৰিছে, কিন্তু আপুনি ইয়াত  কেৱত দুৰ্নীতিহে দেখা পাব। এনেকৈ দুৰ্বল দলং নিৰ্মাণ কৰি  মানুহৰ জীৱন বিপন্ন কৰাৰ অধিকাৰ কোনে দিলে? এই দুৰ্নীতিগ্ৰস্ত চৰকাৰখন কেনেকৈ আঁতৰাব পাৰি ৰাইজে পৰিকল্পনা কৰা উচিত।

তথ্য অনুসৰি আনুমানিক ১৭,৮৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল এই সেতু খন । সেতু খনত  নবি মুম্বাইৰ দিশে  ফাট এটা দেখা গৈছে। প্ৰায় ২১.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সেতুখনৰ ৬টা লেন আছে। সেতু খনৰ সাগৰত নিৰ্মিত হৈছে ১৬.৫ কিলোমিটাৰ আৰু স্থলভাগত প্ৰায় ৫.৫ কিলোমিটাৰ । 

দেশৰ ভিতৰতে আটাইতকৈ দীঘল সেতু এয়া । ই মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু নভি মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে সংযোগ স্থাপন কৰিছে। এই সেতু খনে মুম্বাইৰ পৰা পুনে, গোৱা আৰু দক্ষিণ ভাৰতলৈ যাতায়তৰ সময়ো হ্ৰাস কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু