--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ প্ৰধান অৰবিন্দ কেজৰিৱালে ভাৰতীয় মুদ্ৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা এক বৃহৎ দাবী উত্থাপন কৰিছে। বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে এখন সংবাদমেলত কয় যে ভাৰত এখন উন্নত দেশ হোৱাটো আমি সকলোৱে বিচাৰো, কিন্তু দেৱ-দেৱীৰ কৃপা থাকিলেহে সেই প্ৰচেষ্টা সফল হ'ব।

সংবাদমেলৰ সময়ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত থকা শাসকীয় ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ পৰা দাবী জনাইছে যে ভাৰতীয় টকাত জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটোৰ আনফালে লক্ষ্মী-গণেশ জীৰ ছবিও ছপা কৰিব লাগে।

অৰবিন্দ কেজৰিৱালে কয় যে ''আমি সকলোৱে বিচাৰো যে ভাৰত এখন চহকী দেশ হওক। ভাৰতত বসবাস কৰা সকলো পৰিয়াল ধনী হওক। মই কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আহ্বান জনাইছো যে ভাৰতীয় মুদ্ৰাত গান্ধীজীৰ ছবিৰ লগতে মাতা লক্ষ্মী আৰু গণেশ জীৰ ছবিও লগাই দিব লাগে। আমি বিচাৰো যে নতুন নোটত এই নিয়ম কাৰ্যকৰী হওক।'' কেজৰিৱালে এই সন্দৰ্ভত শীঘ্ৰেই প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিব বুলি কয়।

মুছলমান দেশ ইণ্ডোনেছিয়াৰ উদাহৰণ দি অৰবিন্দ কেজৰিৱালে কয় যে ''ইণ্ডোনেছিয়া এখন মুছলমান দেশ, কিন্তু সেই দেশখনৰ মুদ্ৰাৰ এটা ফালে গণেশ জীৰ ছবি আছে।ইণ্ডোনেছিয়াৰ প্ৰায় ৮০ শতাংশ জনসংখ্যা মুছলমান আৰু হিন্দু জনসংখ্যা হৈছে মাত্ৰ ২ শতাংশ। কিন্তু ইয়াৰ পিছতো দেশখনৰ মুদ্ৰাত ভগৱান গণেশৰ ছবি থকাটো উল্লেখনীয় কথা। আমিও এই কাম কৰিব লাগে। ভাৰতীয় অৰ্থনীতিক আগুৱাই নিয়াৰ বাবে আমি বহু প্ৰচেষ্টা চলাব লাগিব, কিন্তু তাৰবাবে আমাক দেৱ-দেৱীৰ আশীৰ্বাদৰো প্ৰয়োজন।''

কেজৰিৱালে লগতে কয় যে যদি ভাৰতীয় মুদ্ৰাত লক্ষ্মী-গণেশৰ ছবি থাকে, তেন্তে সমগ্ৰ দেশে তেওঁলোকৰ আশীৰ্বাদ পাব। মাতা লক্ষ্মীক সমৃদ্ধিৰ দেৱী বুলি গণ্য কৰা হয়। গণেশ জীক বিঘ্নহৰ্তা বুলি কোৱা হয়। ভাৰতীয় মুদ্ৰাৰ এফালে গান্ধীজীৰ এখন ছবি আছে, সেয়া যিদৰে আছে তেনেকৈয়ে থাকক কিন্তু আনহাতে গণেশ জী আৰু লক্ষ্মীজীৰ ছবি লগাই দিব লাগে।''

অৰবিন্দ কেজৰিৱালৰ এই দাবীক কেন্দ্ৰ চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিদৰে গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষ্যণীয়।







 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু