--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ প্ৰধান অৰবিন্দ কেজৰিৱালে ভাৰতীয় মুদ্ৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা এক বৃহৎ দাবী উত্থাপন কৰিছে। বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে এখন সংবাদমেলত কয় যে ভাৰত এখন উন্নত দেশ হোৱাটো আমি সকলোৱে বিচাৰো, কিন্তু দেৱ-দেৱীৰ কৃপা থাকিলেহে সেই প্ৰচেষ্টা সফল হ'ব।

সংবাদমেলৰ সময়ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত থকা শাসকীয় ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ পৰা দাবী জনাইছে যে ভাৰতীয় টকাত জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটোৰ আনফালে লক্ষ্মী-গণেশ জীৰ ছবিও ছপা কৰিব লাগে।

অৰবিন্দ কেজৰিৱালে কয় যে ''আমি সকলোৱে বিচাৰো যে ভাৰত এখন চহকী দেশ হওক। ভাৰতত বসবাস কৰা সকলো পৰিয়াল ধনী হওক। মই কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আহ্বান জনাইছো যে ভাৰতীয় মুদ্ৰাত গান্ধীজীৰ ছবিৰ লগতে মাতা লক্ষ্মী আৰু গণেশ জীৰ ছবিও লগাই দিব লাগে। আমি বিচাৰো যে নতুন নোটত এই নিয়ম কাৰ্যকৰী হওক।'' কেজৰিৱালে এই সন্দৰ্ভত শীঘ্ৰেই প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিব বুলি কয়।

মুছলমান দেশ ইণ্ডোনেছিয়াৰ উদাহৰণ দি অৰবিন্দ কেজৰিৱালে কয় যে ''ইণ্ডোনেছিয়া এখন মুছলমান দেশ, কিন্তু সেই দেশখনৰ মুদ্ৰাৰ এটা ফালে গণেশ জীৰ ছবি আছে।ইণ্ডোনেছিয়াৰ প্ৰায় ৮০ শতাংশ জনসংখ্যা মুছলমান আৰু হিন্দু জনসংখ্যা হৈছে মাত্ৰ ২ শতাংশ। কিন্তু ইয়াৰ পিছতো দেশখনৰ মুদ্ৰাত ভগৱান গণেশৰ ছবি থকাটো উল্লেখনীয় কথা। আমিও এই কাম কৰিব লাগে। ভাৰতীয় অৰ্থনীতিক আগুৱাই নিয়াৰ বাবে আমি বহু প্ৰচেষ্টা চলাব লাগিব, কিন্তু তাৰবাবে আমাক দেৱ-দেৱীৰ আশীৰ্বাদৰো প্ৰয়োজন।''

কেজৰিৱালে লগতে কয় যে যদি ভাৰতীয় মুদ্ৰাত লক্ষ্মী-গণেশৰ ছবি থাকে, তেন্তে সমগ্ৰ দেশে তেওঁলোকৰ আশীৰ্বাদ পাব। মাতা লক্ষ্মীক সমৃদ্ধিৰ দেৱী বুলি গণ্য কৰা হয়। গণেশ জীক বিঘ্নহৰ্তা বুলি কোৱা হয়। ভাৰতীয় মুদ্ৰাৰ এফালে গান্ধীজীৰ এখন ছবি আছে, সেয়া যিদৰে আছে তেনেকৈয়ে থাকক কিন্তু আনহাতে গণেশ জী আৰু লক্ষ্মীজীৰ ছবি লগাই দিব লাগে।''

অৰবিন্দ কেজৰিৱালৰ এই দাবীক কেন্দ্ৰ চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিদৰে গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষ্যণীয়।







 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক