--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ বিপন্ন প্ৰাণীসমূহৰ ভিতৰৰে এবিধ বৰফত বাস কৰা বাঘ বা হিম বাঘ৷ ভাৰতত অতি তাকৰীয়া মাত্ৰাতহে এনে বাঘ পোৱা যায়৷ শেহতীয়াকৈ  উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ দাৰ্মা উপত্যকাত প্ৰথমবাৰৰ বাবে এটা বৰফত বাস কৰা  নাহৰফুটুকী বাঘ দেখা গৈছে। এই কথাই আনন্দিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক। 

পিথোৰাগড়ৰ  ডিএফঅ' মোহন দাগাৰে  কয় যে হিমালয়ৰ অতি ওখ ঠাইত  প্ৰাণীৰ সন্ধানত অন্বেষণকাৰীৰ এটা দলে ৬ ফেব্ৰুৱাৰীত দাৰ গাঁৱৰ ওপৰৰ বৰফৰ ভূখণ্ডত এই বাঘৰ  প্ৰজাতিটোএটা দেখিবলৈ পায়। অন্বেষণকাৰীসকলে প্ৰায় ২০ মিটাৰ দূৰত্বৰ পৰা কেমেৰাত বৰফত বাস কৰা  নাহৰফুটুকী বাঘটোৰ ছবি বন্দী কৰিবলৈ সক্ষম হয় ৷ 

এনে উচ্চতাত প্ৰথমবাৰৰ বাবে এনে বৰফৰ নাহৰফুটুকী বাঘ পোৱা গৈছে বুলি ডাগাৰে কয়।  স্নো নাহৰফুটুকী বাঘ সাধাৰণতে ১২,০০০ফুটতকৈ অধিক উচ্চতাত পোৱা যায়, আনহাতে দাৰ গাওঁ প্ৰায় ১১,১২০ ফুট উচ্চতাত অৱস্থিত। জন্তুটো হয়তো ওপৰৰ  পৰা নামি আহিছিল । অতি উচ্চ স্থানত প্ৰচুৰ তুষাৰপাতৰ ফলত স্বাভাৱিক বাসস্থান হেৰুৱাই বাঘটোৱে তললৈ নামি অহা বুলি সন্দেহ কৰা হৈছে। 

তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বে গড়ৱাল হিমালয়ৰ নন্দা দেৱী ৰেঞ্জ, হিমাচল প্ৰদেশৰ কিছু অংশ আৰু লাডাখ অঞ্চলত বৰফৰ নাহৰফুটুকী বাঘ দেখা গৈছিল। এ:এ বাঘক আউন্স বুলিও জনা যায়। স্নো নাহৰফুটুকী বাঘক আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘৰ (আইইউচিএন) ৰঙা তালিকাত বিপন্ন প্ৰাণী  হিচাপে তালিকাভুক্ত কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু