--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ বিপন্ন প্ৰাণীসমূহৰ ভিতৰৰে এবিধ বৰফত বাস কৰা বাঘ বা হিম বাঘ৷ ভাৰতত অতি তাকৰীয়া মাত্ৰাতহে এনে বাঘ পোৱা যায়৷ শেহতীয়াকৈ  উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ দাৰ্মা উপত্যকাত প্ৰথমবাৰৰ বাবে এটা বৰফত বাস কৰা  নাহৰফুটুকী বাঘ দেখা গৈছে। এই কথাই আনন্দিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক। 

পিথোৰাগড়ৰ  ডিএফঅ' মোহন দাগাৰে  কয় যে হিমালয়ৰ অতি ওখ ঠাইত  প্ৰাণীৰ সন্ধানত অন্বেষণকাৰীৰ এটা দলে ৬ ফেব্ৰুৱাৰীত দাৰ গাঁৱৰ ওপৰৰ বৰফৰ ভূখণ্ডত এই বাঘৰ  প্ৰজাতিটোএটা দেখিবলৈ পায়। অন্বেষণকাৰীসকলে প্ৰায় ২০ মিটাৰ দূৰত্বৰ পৰা কেমেৰাত বৰফত বাস কৰা  নাহৰফুটুকী বাঘটোৰ ছবি বন্দী কৰিবলৈ সক্ষম হয় ৷ 

এনে উচ্চতাত প্ৰথমবাৰৰ বাবে এনে বৰফৰ নাহৰফুটুকী বাঘ পোৱা গৈছে বুলি ডাগাৰে কয়।  স্নো নাহৰফুটুকী বাঘ সাধাৰণতে ১২,০০০ফুটতকৈ অধিক উচ্চতাত পোৱা যায়, আনহাতে দাৰ গাওঁ প্ৰায় ১১,১২০ ফুট উচ্চতাত অৱস্থিত। জন্তুটো হয়তো ওপৰৰ  পৰা নামি আহিছিল । অতি উচ্চ স্থানত প্ৰচুৰ তুষাৰপাতৰ ফলত স্বাভাৱিক বাসস্থান হেৰুৱাই বাঘটোৱে তললৈ নামি অহা বুলি সন্দেহ কৰা হৈছে। 

তেওঁ লগতে কয় যে ইয়াৰ পূৰ্বে গড়ৱাল হিমালয়ৰ নন্দা দেৱী ৰেঞ্জ, হিমাচল প্ৰদেশৰ কিছু অংশ আৰু লাডাখ অঞ্চলত বৰফৰ নাহৰফুটুকী বাঘ দেখা গৈছিল। এ:এ বাঘক আউন্স বুলিও জনা যায়। স্নো নাহৰফুটুকী বাঘক আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘৰ (আইইউচিএন) ৰঙা তালিকাত বিপন্ন প্ৰাণী  হিচাপে তালিকাভুক্ত কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক