--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২১ জুলাই তাৰিখে সংসদভৱনৰ   সমাবেশ মঞ্চত  মুড়িৰ  থাল  হাতত লৈ  কেন্দ্রীয় চৰকাৰৰ  বিৰুদ্ধে প্ৰতিবাদ কৰিছিল  তৃণমূল কংগ্ৰেছৰ  নেত্রী মমতা বন্দ্যোপাধ্যায়ে৷ এইবাৰ  তেওঁ দেখুওৱা  দৰেই  আন সাংসদ সকলেও  মুড়িৰ থাল লৈ বিক্ষোভ প্ৰদৰ্শন কৰিব বুলি বিশেষ সূত্ৰৰ পৰা খৰব পোৱা গৈছে৷ সোমবাৰে  সংসদৰ  গ্ৰীষ্মকালীন  অধিৱেশনৰ  দ্বিতীয় সপ্তাহ হ’ব৷সেই অধিৱেশনতেই  দেশৰ ১৫তম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰে শপত গ্ৰহণ কৰিব৷  সূত্র অনুসৰি,  শপত গ্রহণ অনুষ্ঠান শেষ হলেই সংসদ ভৱনৰ বাহিৰত  থকা গান্ধী প্ৰতিমূৰ্ত্তিৰ  সন্মুখত মুড়িৰ থাল  হাতত লৈ  প্রতিবাদ বিক্ষোভত  অংশ ল’ব  তৃণমূল কংগ্ৰেছৰ  সাংসদসকলে। 

তৃণমূল কংগ্ৰেছৰ  এক সাংসদে  কয় যে , কেন্দ্রীয় চৰকাৰে নিত্য প্রয়োজনীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যর্থ হৈছে। লগতে  পেট্র’ল,  পণ্য সামগ্ৰী  আৰু  কেৰাচিনৰ দাম যথেষ্ট বৃদ্ধি হৈছে৷  সাধাৰণ  মানুহৰ  জীয়াই থকাই টান হৈ পৰিছে৷  সেয়েহে মোদী চৰকাৰৰ  বিৰুদ্ধে প্রতিবাদ, বিক্ষোভ কৰাটো অতি  জৰুৰি  হৈ  পৰিছে। সেইবাবে তৃণমূল কংগ্ৰেছে  কেন্দ্রীয় চৰকাৰক তেওঁলোকৰ দ্বায়িত্ব  স্মৰণ  কৰি দিবলৈ  মুড়িৰ  থাল হাতত লৈ  বিক্ষোভ প্ৰদৰ্শন কৰিব৷ তৃণমূলৰ সাংসদ সকলৰ মতে ,মুড়িৰ থাল হৈছে  সাধাৰণ মানুহৰ প্রতীক৷  সাধাৰণ লোকসকলৰ স্বাৰ্থতেই এই প্ৰতিবাদ সাব্যস্ত কৰিব সাংসদ সকলে৷ 

জানিব পৰা মতে,  তৃণমূল কংগ্ৰেছৰ লোকসভা আৰু  ৰাজ্যসভাৰ সাংসদ সকলক এই প্রতিবাদত যোগ দিবলৈ কাঢ়া দলীয় নিৰ্দেশ প্ৰদান কৰা  হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু