--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২১ জুলাই তাৰিখে সংসদভৱনৰ   সমাবেশ মঞ্চত  মুড়িৰ  থাল  হাতত লৈ  কেন্দ্রীয় চৰকাৰৰ  বিৰুদ্ধে প্ৰতিবাদ কৰিছিল  তৃণমূল কংগ্ৰেছৰ  নেত্রী মমতা বন্দ্যোপাধ্যায়ে৷ এইবাৰ  তেওঁ দেখুওৱা  দৰেই  আন সাংসদ সকলেও  মুড়িৰ থাল লৈ বিক্ষোভ প্ৰদৰ্শন কৰিব বুলি বিশেষ সূত্ৰৰ পৰা খৰব পোৱা গৈছে৷ সোমবাৰে  সংসদৰ  গ্ৰীষ্মকালীন  অধিৱেশনৰ  দ্বিতীয় সপ্তাহ হ’ব৷সেই অধিৱেশনতেই  দেশৰ ১৫তম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰে শপত গ্ৰহণ কৰিব৷  সূত্র অনুসৰি,  শপত গ্রহণ অনুষ্ঠান শেষ হলেই সংসদ ভৱনৰ বাহিৰত  থকা গান্ধী প্ৰতিমূৰ্ত্তিৰ  সন্মুখত মুড়িৰ থাল  হাতত লৈ  প্রতিবাদ বিক্ষোভত  অংশ ল’ব  তৃণমূল কংগ্ৰেছৰ  সাংসদসকলে। 

তৃণমূল কংগ্ৰেছৰ  এক সাংসদে  কয় যে , কেন্দ্রীয় চৰকাৰে নিত্য প্রয়োজনীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যর্থ হৈছে। লগতে  পেট্র’ল,  পণ্য সামগ্ৰী  আৰু  কেৰাচিনৰ দাম যথেষ্ট বৃদ্ধি হৈছে৷  সাধাৰণ  মানুহৰ  জীয়াই থকাই টান হৈ পৰিছে৷  সেয়েহে মোদী চৰকাৰৰ  বিৰুদ্ধে প্রতিবাদ, বিক্ষোভ কৰাটো অতি  জৰুৰি  হৈ  পৰিছে। সেইবাবে তৃণমূল কংগ্ৰেছে  কেন্দ্রীয় চৰকাৰক তেওঁলোকৰ দ্বায়িত্ব  স্মৰণ  কৰি দিবলৈ  মুড়িৰ  থাল হাতত লৈ  বিক্ষোভ প্ৰদৰ্শন কৰিব৷ তৃণমূলৰ সাংসদ সকলৰ মতে ,মুড়িৰ থাল হৈছে  সাধাৰণ মানুহৰ প্রতীক৷  সাধাৰণ লোকসকলৰ স্বাৰ্থতেই এই প্ৰতিবাদ সাব্যস্ত কৰিব সাংসদ সকলে৷ 

জানিব পৰা মতে,  তৃণমূল কংগ্ৰেছৰ লোকসভা আৰু  ৰাজ্যসভাৰ সাংসদ সকলক এই প্রতিবাদত যোগ দিবলৈ কাঢ়া দলীয় নিৰ্দেশ প্ৰদান কৰা  হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ