--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ মানুহৰ দৈনন্দিন আহাৰত চাউল এক গুৰুত্বপূৰ্ণ অংগ। ভাৰতীয় মানুহে চাউলক ভাত, বিৰিয়ানী, পুলাও, খিচড়ি আদি প্ৰস্তুত কৰি খায়। কিন্তু ডায়েবেটিছ ৰোগীৰ বাবে চাউল অতি ক্ষতিকাৰক বুলি বিবেচিত হয়। আচলতে বগা চাউলৰ গ্লাইচেমিক ইনডেক্স অতি উচ্চ আৰু ইয়াত কাৰ্বহাইড্ৰেট প্ৰচুৰ পৰিমাণে থাকে। সেয়ে ইয়াৰ সেৱনে তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি কৰে।

ডায়েবেটিছ ৰোগত চাউল খোৱাৰ পৰামৰ্শ চিকিৎসকে নিদিয়ে। যদি আপুনি ভাত খাই ভাল পায় তেন্তে আমি আপোনাক এনে ধৰণৰ চাউলৰ কথা ক’ম, যাৰ সেৱনে আপোনাৰ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব। শেহতীয়াকৈ ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন চাইন্স এণ্ড টেকন’লজিয়ে এক অধ্যয়ন চলাই অসমত খেতি কৰা জহা চাউলে তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি নকৰে বুলি প্ৰকাশ কৰিছে। ইয়াৰ ফলত ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে। অসমৰ গাৰো পাহাৰত জহা ধানৰ খেতি বেছিকৈ কৰা হয়।

জহা চাউলৰ ভাত খালে ছুগাৰৰ মাত্ৰা আৰু ডায়েবেটিছ সহজে নিয়ন্ত্ৰণ কৰিব পাৰি। এয়া খালে বহু লোকৰ ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা কম। এই অধ্যয়নত জহা ধানৰ পুষ্টিকৰ গুণৰ ওপৰতো বিশ্লেষণ কৰা হৈছে। জহা ধানত পোৱা অসংপৃক্ত ফেটি এচিড অৰ্থাৎ (অমেগা-৬) আৰু (অমেগা-৩) বহুতো শাৰীৰিক অৱস্থা ভাল কৰে। 

কোৱা হয় যে বাছমতী চাউলৰ সমতুল্য জহা চাউল। সেইবাবেই ইয়াক জি আই টেগ প্ৰদান কৰা হৈছে। ইয়াৰ সুগন্ধি বাছমতী চাউলৰ দৰে নহয় যদিও ইয়াৰ অনন্য সোৱাদ আৰু সুগন্ধিৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে বিখ্যাত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ