--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ মানুহৰ দৈনন্দিন আহাৰত চাউল এক গুৰুত্বপূৰ্ণ অংগ। ভাৰতীয় মানুহে চাউলক ভাত, বিৰিয়ানী, পুলাও, খিচড়ি আদি প্ৰস্তুত কৰি খায়। কিন্তু ডায়েবেটিছ ৰোগীৰ বাবে চাউল অতি ক্ষতিকাৰক বুলি বিবেচিত হয়। আচলতে বগা চাউলৰ গ্লাইচেমিক ইনডেক্স অতি উচ্চ আৰু ইয়াত কাৰ্বহাইড্ৰেট প্ৰচুৰ পৰিমাণে থাকে। সেয়ে ইয়াৰ সেৱনে তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি কৰে।

ডায়েবেটিছ ৰোগত চাউল খোৱাৰ পৰামৰ্শ চিকিৎসকে নিদিয়ে। যদি আপুনি ভাত খাই ভাল পায় তেন্তে আমি আপোনাক এনে ধৰণৰ চাউলৰ কথা ক’ম, যাৰ সেৱনে আপোনাৰ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব। শেহতীয়াকৈ ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন চাইন্স এণ্ড টেকন’লজিয়ে এক অধ্যয়ন চলাই অসমত খেতি কৰা জহা চাউলে তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি নকৰে বুলি প্ৰকাশ কৰিছে। ইয়াৰ ফলত ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে। অসমৰ গাৰো পাহাৰত জহা ধানৰ খেতি বেছিকৈ কৰা হয়।

জহা চাউলৰ ভাত খালে ছুগাৰৰ মাত্ৰা আৰু ডায়েবেটিছ সহজে নিয়ন্ত্ৰণ কৰিব পাৰি। এয়া খালে বহু লোকৰ ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা কম। এই অধ্যয়নত জহা ধানৰ পুষ্টিকৰ গুণৰ ওপৰতো বিশ্লেষণ কৰা হৈছে। জহা ধানত পোৱা অসংপৃক্ত ফেটি এচিড অৰ্থাৎ (অমেগা-৬) আৰু (অমেগা-৩) বহুতো শাৰীৰিক অৱস্থা ভাল কৰে। 

কোৱা হয় যে বাছমতী চাউলৰ সমতুল্য জহা চাউল। সেইবাবেই ইয়াক জি আই টেগ প্ৰদান কৰা হৈছে। ইয়াৰ সুগন্ধি বাছমতী চাউলৰ দৰে নহয় যদিও ইয়াৰ অনন্য সোৱাদ আৰু সুগন্ধিৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে বিখ্যাত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ