--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূৰৰ বিষ কিমান কষ্টকৰ সেয়া ভূক্তভোগীয়েহে জানে। আমাৰ বহুতৰে কেতিয়া পুৱাৰ ভাগত মূৰৰ এফালে বিষ হয়। সাধাৰণ ভাষাত এনে মূৰৰ ভিষক বহুতে সূৰুয কপালী মূৰৰ বিষ বুলি কয়।
পুৱা সূৰ্য উঠাৰ সময়তে বহুতৰে কপালৰ এপিনে মূৰৰ বিষ হয়। এই মূৰৰ বিষ বহুতৰে দুপৰীয়ালৈ  চলি থাকে।বেলি যিমানে লহিয়ায় সিমানে মূৰৰ বিষো কমি আহিবলৈ ধৰে।

ঠাই বিশেষে এনে মূৰৰ বিষক বেলেগ বেলেগ নামেৰে জনা যায়। বহুতে সূৰ্য উদয়ৰ সময়ত হোৱা বিষ বাবে এনে মূৰৰ বিষক সূৰয কপালী মূৰৰ বিষ বুলিও কয়।

দৰাচলতে বিভিন্ন কাৰণত মূৰৰ বিষ হ’ব পাৰে। চকু, নাক আদিৰ সমস্যাৰ বাবেও মূৰৰ বিষ হ’ব পাৰে। মাইগ্ৰেনৰ সমস্যাৰ বাবেও মূৰৰ বিষ হ'ব পাৰে। 

সূৰয কপালী মূৰৰ বিষত ভূগি থকা সকলে ঘৰুৱা ভাবেও কেতবোৰ প্ৰামাণ্য চিকিৎসা কৰি সুফল লাভ কৰিব পাৰে।
ভাৰতীয় আয়ুৰ্বেদৰ শক্তিৰ কথা সমগ্ৰ বিশ্বই জানে।  আমি যদি সঠিক ভাৱে গছ-লতিকাৰ প্ৰয়োগ কৰো তেন্তে সুফল নিশ্চয়কৈ লাভ কৰিম।

সূৰয কপালী মূৰৰ বিষত ভোগা সকলে অসমৰ বহুঠাইত চলি থকা এবিধ পৰম্পৰাগত পদ্ধতিৰে সূৰুয কপালী মূৰৰ বিষৰ পৰা নিস্তাৰ পাব পাৰে। 

এই পৰম্পৰাগত চিকিৎসা পদ্ধতিত এমুঠি আমৰ পাত আৰু এমুঠি বেলৰ পাত লৈ সেয়া ভালদৰে সিজাব লাগে। পানী খিনি ৰঙা যেন  হোৱাৰ পিছত ঠাণ্ডা কৰি সেই পানীৰে মূৰটো ধুই দিব লাগে।

এনেকৈ একেৰাহে তিনি দিনমান আম পাত-বেল পাত সিজোৱা পানীৰে মূৰ ধুলে সূৰয কপালী মূৰৰ বিষৰ  যন্ত্ৰণাৰ পৰা নিস্তাৰ পাব পাৰে। এনে ঘৰুৱা চিকিৎসাৰেও সুফল নাপালে চিকিৎসকৰ কাষ চাপিবলৈ হেলা নকৰিব।

 কাৰণ মূৰৰ বিষ কি কাৰণে হৈছে সেয়া চিকিৎসকেহে নিৰ্ধাৰণ কৰিব পাৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান