--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূৰৰ বিষ কিমান কষ্টকৰ সেয়া ভূক্তভোগীয়েহে জানে। আমাৰ বহুতৰে কেতিয়া পুৱাৰ ভাগত মূৰৰ এফালে বিষ হয়। সাধাৰণ ভাষাত এনে মূৰৰ ভিষক বহুতে সূৰুয কপালী মূৰৰ বিষ বুলি কয়।
পুৱা সূৰ্য উঠাৰ সময়তে বহুতৰে কপালৰ এপিনে মূৰৰ বিষ হয়। এই মূৰৰ বিষ বহুতৰে দুপৰীয়ালৈ  চলি থাকে।বেলি যিমানে লহিয়ায় সিমানে মূৰৰ বিষো কমি আহিবলৈ ধৰে।

ঠাই বিশেষে এনে মূৰৰ বিষক বেলেগ বেলেগ নামেৰে জনা যায়। বহুতে সূৰ্য উদয়ৰ সময়ত হোৱা বিষ বাবে এনে মূৰৰ বিষক সূৰয কপালী মূৰৰ বিষ বুলিও কয়।

দৰাচলতে বিভিন্ন কাৰণত মূৰৰ বিষ হ’ব পাৰে। চকু, নাক আদিৰ সমস্যাৰ বাবেও মূৰৰ বিষ হ’ব পাৰে। মাইগ্ৰেনৰ সমস্যাৰ বাবেও মূৰৰ বিষ হ'ব পাৰে। 

সূৰয কপালী মূৰৰ বিষত ভূগি থকা সকলে ঘৰুৱা ভাবেও কেতবোৰ প্ৰামাণ্য চিকিৎসা কৰি সুফল লাভ কৰিব পাৰে।
ভাৰতীয় আয়ুৰ্বেদৰ শক্তিৰ কথা সমগ্ৰ বিশ্বই জানে।  আমি যদি সঠিক ভাৱে গছ-লতিকাৰ প্ৰয়োগ কৰো তেন্তে সুফল নিশ্চয়কৈ লাভ কৰিম।

সূৰয কপালী মূৰৰ বিষত ভোগা সকলে অসমৰ বহুঠাইত চলি থকা এবিধ পৰম্পৰাগত পদ্ধতিৰে সূৰুয কপালী মূৰৰ বিষৰ পৰা নিস্তাৰ পাব পাৰে। 

এই পৰম্পৰাগত চিকিৎসা পদ্ধতিত এমুঠি আমৰ পাত আৰু এমুঠি বেলৰ পাত লৈ সেয়া ভালদৰে সিজাব লাগে। পানী খিনি ৰঙা যেন  হোৱাৰ পিছত ঠাণ্ডা কৰি সেই পানীৰে মূৰটো ধুই দিব লাগে।

এনেকৈ একেৰাহে তিনি দিনমান আম পাত-বেল পাত সিজোৱা পানীৰে মূৰ ধুলে সূৰয কপালী মূৰৰ বিষৰ  যন্ত্ৰণাৰ পৰা নিস্তাৰ পাব পাৰে। এনে ঘৰুৱা চিকিৎসাৰেও সুফল নাপালে চিকিৎসকৰ কাষ চাপিবলৈ হেলা নকৰিব।

 কাৰণ মূৰৰ বিষ কি কাৰণে হৈছে সেয়া চিকিৎসকেহে নিৰ্ধাৰণ কৰিব পাৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু