--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেল্ক : জম্মু-কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদবিৰোধী অভিযানত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে। লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ ইউছুফ কাণ্ট্ৰুক সেনা আৰু নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে। এই সন্ত্ৰাসবাদীজনৰ মূৰৰ মূল্য ১২ লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল!
সূত্ৰ অনুসৰি, বৃহস্পতিবাৰৰ অভিযানত এতিয়ালৈকে নিৰাপত্তা বাহিনীয়ে মুঠ পাঁচজন সন্ত্ৰাসবাদীক হত্যা কৰিছে। তেওঁলোকৰ ভিতৰত কমেও তিনিজন বিদেশী নাগৰিক বুলি নিশ্চিত কৰা হৈছে। সেনাৰ তিনিজন সদস্যৰ উপৰি, ঘটনাটোত এজন স্থানীয় বাসিন্দাও আহত হৈছিল। অৱশ্যে, প্ৰশাসনে এতিয়ালৈকে আনুষ্ঠানিকভাৱে মৃত আৰু আহতৰ সংখ্যা ঘোষণা কৰা নাই।

আৰক্ষী আৰু সেনাৰ সূত্ৰ অনুসৰি, যোৱা মাহত বাডগামত এজন আৰক্ষী বিষয়া আৰু তেওঁৰ ভাতৃক ঘৰতে গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। গোচৰটোৰ মূল অভিযুক্ত আছিল ইউছুফ কাণ্ট্ৰু। এনে এজন দুৰ্ধৰ্ষ সন্ত্ৰসবাদীক হত্যা কৰিবলৈ সক্ষম হোৱাটোক বৃহৎ সফলতা হিচাপে চিহ্নিত কৰিছে নিৰাপত্তাবাহিনীয়ে।
সূত্ৰ অনুসৰি, বুধবাৰে নিশা সেনাই উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ মালৱা অঞ্চলত কেইবাজনো সন্ত্ৰাসবাদীয়ে আশ্ৰয় লোৱা বুলি খবৰ লাভ কৰে। তেওঁলোকে ৰাতিটো তাত থাকিব বুলি ধৰি লৈ, সেনাৰ সদস্যসকল নিশা ঘটনাস্থলীলৈ ৰাওনা হৈছিল। অপাৰেচনটো নিশাৰ আৰম্ভ কৰা হৈছিল। উগ্ৰপন্থীৰ দলটোৱে সেনা-আৰক্ষীৰ উপস্থিতিৰ উমান পোৱাৰ পাছতে গুলীবৰ্ষণ আৰম্ভ কৰিলে। সুৰক্ষা বাহিনীয়েও সঁহাৰি জনাইছিল। শেহতীয়া প্ৰতিবেদন অনুসৰি, এতিয়াও অঞ্চলটোত গুলীয়াগুলী চলি আছে।

কাশ্মীৰ আৰক্ষীৰ মহা পৰিদৰ্শক বিজয় কুমাৰে প্ৰকাশ কৰা অনুসৰি উগ্ৰপন্থীৰ দলটোৱে এতিয়াও বাৰামু্ল্লাৰ মালৱা অঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে গুলীয়াগুলীত লিপ্ত হৈ আছে। তেওঁ তিনিজন উগ্ৰপন্থীৰ মৃত্যু নিশ্চিত কৰিছিল। তেওঁ কৈছিল যে ঘটনাটোত তিনিজন জোৱান আহত হৈছিল আৰু আহত এজন স্থানীয় বাসিন্দাকো ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে। 
উল্লেখ্য যে,  কেইদিনমান আগতে, সন্ত্ৰাসবাদীৰ পৰা ভাবুকি আহিছিল যে তেওঁলোকে অমৰনাথ যাত্ৰাত বিঘিনি ঘটাব। তাৰ পাছৰে পৰা, সমগ্ৰ উপত্যকাটোত অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। অৱশ্যে, ইয়াৰ পাছতো সন্ত্ৰাসবাদীয়ে এটাৰ পাছত আন এটা আক্ৰমণ অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক