--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেল্ক : জম্মু-কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদবিৰোধী অভিযানত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে। লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ ইউছুফ কাণ্ট্ৰুক সেনা আৰু নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে। এই সন্ত্ৰাসবাদীজনৰ মূৰৰ মূল্য ১২ লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল!
সূত্ৰ অনুসৰি, বৃহস্পতিবাৰৰ অভিযানত এতিয়ালৈকে নিৰাপত্তা বাহিনীয়ে মুঠ পাঁচজন সন্ত্ৰাসবাদীক হত্যা কৰিছে। তেওঁলোকৰ ভিতৰত কমেও তিনিজন বিদেশী নাগৰিক বুলি নিশ্চিত কৰা হৈছে। সেনাৰ তিনিজন সদস্যৰ উপৰি, ঘটনাটোত এজন স্থানীয় বাসিন্দাও আহত হৈছিল। অৱশ্যে, প্ৰশাসনে এতিয়ালৈকে আনুষ্ঠানিকভাৱে মৃত আৰু আহতৰ সংখ্যা ঘোষণা কৰা নাই।

আৰক্ষী আৰু সেনাৰ সূত্ৰ অনুসৰি, যোৱা মাহত বাডগামত এজন আৰক্ষী বিষয়া আৰু তেওঁৰ ভাতৃক ঘৰতে গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। গোচৰটোৰ মূল অভিযুক্ত আছিল ইউছুফ কাণ্ট্ৰু। এনে এজন দুৰ্ধৰ্ষ সন্ত্ৰসবাদীক হত্যা কৰিবলৈ সক্ষম হোৱাটোক বৃহৎ সফলতা হিচাপে চিহ্নিত কৰিছে নিৰাপত্তাবাহিনীয়ে।
সূত্ৰ অনুসৰি, বুধবাৰে নিশা সেনাই উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ মালৱা অঞ্চলত কেইবাজনো সন্ত্ৰাসবাদীয়ে আশ্ৰয় লোৱা বুলি খবৰ লাভ কৰে। তেওঁলোকে ৰাতিটো তাত থাকিব বুলি ধৰি লৈ, সেনাৰ সদস্যসকল নিশা ঘটনাস্থলীলৈ ৰাওনা হৈছিল। অপাৰেচনটো নিশাৰ আৰম্ভ কৰা হৈছিল। উগ্ৰপন্থীৰ দলটোৱে সেনা-আৰক্ষীৰ উপস্থিতিৰ উমান পোৱাৰ পাছতে গুলীবৰ্ষণ আৰম্ভ কৰিলে। সুৰক্ষা বাহিনীয়েও সঁহাৰি জনাইছিল। শেহতীয়া প্ৰতিবেদন অনুসৰি, এতিয়াও অঞ্চলটোত গুলীয়াগুলী চলি আছে।

কাশ্মীৰ আৰক্ষীৰ মহা পৰিদৰ্শক বিজয় কুমাৰে প্ৰকাশ কৰা অনুসৰি উগ্ৰপন্থীৰ দলটোৱে এতিয়াও বাৰামু্ল্লাৰ মালৱা অঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে গুলীয়াগুলীত লিপ্ত হৈ আছে। তেওঁ তিনিজন উগ্ৰপন্থীৰ মৃত্যু নিশ্চিত কৰিছিল। তেওঁ কৈছিল যে ঘটনাটোত তিনিজন জোৱান আহত হৈছিল আৰু আহত এজন স্থানীয় বাসিন্দাকো ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে। 
উল্লেখ্য যে,  কেইদিনমান আগতে, সন্ত্ৰাসবাদীৰ পৰা ভাবুকি আহিছিল যে তেওঁলোকে অমৰনাথ যাত্ৰাত বিঘিনি ঘটাব। তাৰ পাছৰে পৰা, সমগ্ৰ উপত্যকাটোত অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। অৱশ্যে, ইয়াৰ পাছতো সন্ত্ৰাসবাদীয়ে এটাৰ পাছত আন এটা আক্ৰমণ অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ