--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত ৰণত পৰিল চাৰিজনকৈ 'মোষ্ট ৱান্টেড' মাওবাদী। ৰাজ্য খনৰ  আৰক্ষীয়ে নক্সাল বিৰোধী অভিযানত এক বৃহৎ  সফলতা অৰ্জন কৰিছে। জম্মু-কাশ্মীৰৰ গড়চিৰোলী জিলাত নিৰাপত্তাৰক্ষীৰ  গুলীত  চাৰিজন মাওবাদী নিহত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে মাওবাদীয়ে  লোকসভা নিৰ্বাচনৰ পূৰ্বে হিংসা বিয়পোৱাৰ উদ্দেশ্যৰে তেলেংগানাৰ পৰা  আহি গড়চিৰোলীত প্ৰৱেশ কৰিছিল। চাৰিজন মাওবাদীৰ মূৰৰ মূল্যে পূৰ্বতেই   ৩৬ লাখ টকা নিৰ্ধাৰণ কৰি দিছিল চৰকাৰে। 

গড়চিৰোলী জিলাৰ আৰক্ষী অধীক্ষকে কয়  যে তেলেংগানাৰ মাওবাদীৰ  কিছু সদস্যই আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰত  অস্থিৰতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে। এই তথ্য  আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল।   মাওবাদীৰ এটা দলে তেলেংগানাৰ পৰা গড়চিৰোলীৰ প্ৰাণহিতা নদী পাৰ হৈ  জিলাখনত প্ৰৱেশ ককৰাৰ খবৰ আৰক্ষীয়ে লাভ কৰিছিল।  নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি চিআৰপিএফ আৰু আৰক্ষীৰ  এটা যুটীয়া দলে অঞ্চলটোত  অভিযান আৰম্ভ কৰে। 

অভিযানটোৰ নেতৃত্ব দিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিষ দেশমুখে।মাওবাদীয়ে এছ পি এছ ৰেপনপল্লীৰ পৰা ৫ কিলোমিটাৰ দূৰত থকা কোলামাৰ্কা পাহাৰত তালাচী অভিযানৰ সময়তে  চি-৬০ কমাণ্ডাৰ দলৰ ওপৰত গুলীচালনা কৰে। নিৰাপত্তা বাহিনীয়েও লগে লগে গুলীৰে প্ৰত্যুত্তৰ দিয়াত  চাৰিজন মাওবাদী নিহত হয়।

 আৰক্ষীয়ে নিহত মাওবাদী কেইজনৰ পৰা  এটা একে-৪৭ ৰাইফল, দুটা স্থানীয়ভাৱে নিৰ্মিত পিষ্টল আৰু এটা কাৰ্বাইন উদ্ধাৰ কৰে। তেওঁলোকৰ ওচৰত মাওবাদৰ  বিষ.য়ে লিখা  কেইবাখনো কিতাপো পোৱা গৈছে। কেইবাজনো মাওবাদী এতিয়াও অঞ্চলটোত লুকাই আছে বুলি ধাৰণা  কৰা হৈছে। তেওঁলোকক বিচাৰি  অঞ্চলটোত  অভিযান চলাই থকা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু