--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত ৰণত পৰিল চাৰিজনকৈ 'মোষ্ট ৱান্টেড' মাওবাদী। ৰাজ্য খনৰ  আৰক্ষীয়ে নক্সাল বিৰোধী অভিযানত এক বৃহৎ  সফলতা অৰ্জন কৰিছে। জম্মু-কাশ্মীৰৰ গড়চিৰোলী জিলাত নিৰাপত্তাৰক্ষীৰ  গুলীত  চাৰিজন মাওবাদী নিহত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে মাওবাদীয়ে  লোকসভা নিৰ্বাচনৰ পূৰ্বে হিংসা বিয়পোৱাৰ উদ্দেশ্যৰে তেলেংগানাৰ পৰা  আহি গড়চিৰোলীত প্ৰৱেশ কৰিছিল। চাৰিজন মাওবাদীৰ মূৰৰ মূল্যে পূৰ্বতেই   ৩৬ লাখ টকা নিৰ্ধাৰণ কৰি দিছিল চৰকাৰে। 

গড়চিৰোলী জিলাৰ আৰক্ষী অধীক্ষকে কয়  যে তেলেংগানাৰ মাওবাদীৰ  কিছু সদস্যই আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰত  অস্থিৰতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে। এই তথ্য  আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল।   মাওবাদীৰ এটা দলে তেলেংগানাৰ পৰা গড়চিৰোলীৰ প্ৰাণহিতা নদী পাৰ হৈ  জিলাখনত প্ৰৱেশ ককৰাৰ খবৰ আৰক্ষীয়ে লাভ কৰিছিল।  নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি চিআৰপিএফ আৰু আৰক্ষীৰ  এটা যুটীয়া দলে অঞ্চলটোত  অভিযান আৰম্ভ কৰে। 

অভিযানটোৰ নেতৃত্ব দিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিষ দেশমুখে।মাওবাদীয়ে এছ পি এছ ৰেপনপল্লীৰ পৰা ৫ কিলোমিটাৰ দূৰত থকা কোলামাৰ্কা পাহাৰত তালাচী অভিযানৰ সময়তে  চি-৬০ কমাণ্ডাৰ দলৰ ওপৰত গুলীচালনা কৰে। নিৰাপত্তা বাহিনীয়েও লগে লগে গুলীৰে প্ৰত্যুত্তৰ দিয়াত  চাৰিজন মাওবাদী নিহত হয়।

 আৰক্ষীয়ে নিহত মাওবাদী কেইজনৰ পৰা  এটা একে-৪৭ ৰাইফল, দুটা স্থানীয়ভাৱে নিৰ্মিত পিষ্টল আৰু এটা কাৰ্বাইন উদ্ধাৰ কৰে। তেওঁলোকৰ ওচৰত মাওবাদৰ  বিষ.য়ে লিখা  কেইবাখনো কিতাপো পোৱা গৈছে। কেইবাজনো মাওবাদী এতিয়াও অঞ্চলটোত লুকাই আছে বুলি ধাৰণা  কৰা হৈছে। তেওঁলোকক বিচাৰি  অঞ্চলটোত  অভিযান চলাই থকা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ