--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধিকে ধৰি আন কেইবাটাও সমস্যা সমাধানৰ দাবীত এইবাৰ নতুন দিল্লীত ধৰ্ণাত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাতৃয়ে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ ভাতৃ প্ৰহ্লাদ মোদী অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ ফেডাৰেচন (এআইএফপিএছডিএফ)ৰ উপ-সভাপতি।  মঙলবাৰে সংগঠনটোৰ বিভিন্ন দাবীৰ সমৰ্থনত । প্ৰহ্লাদ মোদীয়ে অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰফেডাৰেচন (এআইএফপিএছডিএফ)ৰ আন কেইবাজনো সদস্যৰ সৈতে যন্তৰ মন্তৰত বেনাৰ প্ৰদৰ্শন কৰি শ্ল'গান দিয়ে। 

প্ৰহ্লাদ মোদীয়ে কয় " এআইএফপিএছডিএফৰ এটা প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন স্মাৰকপত্ৰ প্ৰদান কৰিব  , য'ত আমাৰ অস্তিত্ব ৰক্ষাৰ বাবে আমাৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ তালিকা প্ৰস্তুত কৰা হ'ব। বৰ্তমান সামগ্ৰীৰ দাম  বৃদ্ধিৰ পিছতো সুলভ মূল্যৰ সামগ্ৰীৰ দাম  প্ৰতি কিলোগ্ৰামত মাত্ৰ ২০ পইচা বৃদ্ধি কৰাটো হাস্যকৰ। আমি কেন্দ্ৰীয় চৰকাৰক আমাক সকাহ দিবলৈ আৰু আমাৰ বিত্তীয় দুখ-কষ্ট নিবাৰণ কৰিবলৈ অনুৰোধ জনাইছো," । 

তেওঁ লগতে কয় যে এআইএফপিএছডিএফে বুধবাৰে এখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিব আৰু সেই সভাতে তেওঁলোকৰ পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হ'ব। এআইএফপিএছডিএফৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিস্বমভৰ বসুৱে কয় যে তেওঁলোকে বুধবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাকো সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে৷ এআইএফপিএছডিএফে চাউল, ঘেঁহু আৰু চেনীৰ দাম বৃদ্ধিৰ বাবে হোৱা ক্ষতিপূৰণ দাবী কৰি আহিছে, লগতে ন্যায্য মূল্যৰ দোকানৰ জৰিয়তে খোৱা তেল আৰু মাহজাতীয় শস্য যোগান ধৰাৰো দাবী জনাই আহিছে৷  'পশ্চিম বংগ ৰেচন মডেল' সমগ্ৰ দেশতে কাৰ্যকৰী কৰাৰো দাবীৱ জনায় সংস্থাটোৰ নেতাসকলে। 

গ্ৰাম্য অঞ্চলৰ সুলভ মূল্যৰ দোকানৰ ব্যৱসায়ীসকলক চাউল আৰু ঘেঁহুৰ বাবে পোনপটীয়াকৈ ক্ৰয় এজেণ্ট হিচাপে কাম কৰাৰ অনুমতি দিয়া উচিত বুলিও তেওঁলোকে কয়। প্ৰহ্লাদ মোদীয়ে কয় "আমাৰ দাবীসমূহ সংসদত টিএমচিৰ সাংসদ সৌগত ৰয়েও উত্থাপন কৰিছিল,"। দাবী পূৰণ নোহোৱালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও মোদীয়ে স্পষ্ট কৰি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ