--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধিকে ধৰি আন কেইবাটাও সমস্যা সমাধানৰ দাবীত এইবাৰ নতুন দিল্লীত ধৰ্ণাত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাতৃয়ে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ ভাতৃ প্ৰহ্লাদ মোদী অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ ফেডাৰেচন (এআইএফপিএছডিএফ)ৰ উপ-সভাপতি।  মঙলবাৰে সংগঠনটোৰ বিভিন্ন দাবীৰ সমৰ্থনত । প্ৰহ্লাদ মোদীয়ে অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰফেডাৰেচন (এআইএফপিএছডিএফ)ৰ আন কেইবাজনো সদস্যৰ সৈতে যন্তৰ মন্তৰত বেনাৰ প্ৰদৰ্শন কৰি শ্ল'গান দিয়ে। 

প্ৰহ্লাদ মোদীয়ে কয় " এআইএফপিএছডিএফৰ এটা প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন স্মাৰকপত্ৰ প্ৰদান কৰিব  , য'ত আমাৰ অস্তিত্ব ৰক্ষাৰ বাবে আমাৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ তালিকা প্ৰস্তুত কৰা হ'ব। বৰ্তমান সামগ্ৰীৰ দাম  বৃদ্ধিৰ পিছতো সুলভ মূল্যৰ সামগ্ৰীৰ দাম  প্ৰতি কিলোগ্ৰামত মাত্ৰ ২০ পইচা বৃদ্ধি কৰাটো হাস্যকৰ। আমি কেন্দ্ৰীয় চৰকাৰক আমাক সকাহ দিবলৈ আৰু আমাৰ বিত্তীয় দুখ-কষ্ট নিবাৰণ কৰিবলৈ অনুৰোধ জনাইছো," । 

তেওঁ লগতে কয় যে এআইএফপিএছডিএফে বুধবাৰে এখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিব আৰু সেই সভাতে তেওঁলোকৰ পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হ'ব। এআইএফপিএছডিএফৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিস্বমভৰ বসুৱে কয় যে তেওঁলোকে বুধবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাকো সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে৷ এআইএফপিএছডিএফে চাউল, ঘেঁহু আৰু চেনীৰ দাম বৃদ্ধিৰ বাবে হোৱা ক্ষতিপূৰণ দাবী কৰি আহিছে, লগতে ন্যায্য মূল্যৰ দোকানৰ জৰিয়তে খোৱা তেল আৰু মাহজাতীয় শস্য যোগান ধৰাৰো দাবী জনাই আহিছে৷  'পশ্চিম বংগ ৰেচন মডেল' সমগ্ৰ দেশতে কাৰ্যকৰী কৰাৰো দাবীৱ জনায় সংস্থাটোৰ নেতাসকলে। 

গ্ৰাম্য অঞ্চলৰ সুলভ মূল্যৰ দোকানৰ ব্যৱসায়ীসকলক চাউল আৰু ঘেঁহুৰ বাবে পোনপটীয়াকৈ ক্ৰয় এজেণ্ট হিচাপে কাম কৰাৰ অনুমতি দিয়া উচিত বুলিও তেওঁলোকে কয়। প্ৰহ্লাদ মোদীয়ে কয় "আমাৰ দাবীসমূহ সংসদত টিএমচিৰ সাংসদ সৌগত ৰয়েও উত্থাপন কৰিছিল,"। দাবী পূৰণ নোহোৱালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও মোদীয়ে স্পষ্ট কৰি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়