--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশবাসীক ‘অচ্ছে দিন'ৰ দিবাস্বপ্ন দেখুৱাই ক্ষমতাত অধিষ্ঠিত হোৱা বিজেপিৰ ‘অচ্ছে দিন’-এ এতিয়া জ্বলা-কলা দেখুৱাইছে দেশৰ জনসাধাৰণক। অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ দ্ৰুত বৃদ্ধিৰ লগতে ভূতৰ ওপৰত দানহ পৰাদি দৈনন্দিন ব্যৱহৃত সামগ্ৰী তথা সেৱাৰ ওপৰত জাপি দিয়া জিএছটিৰ বৃদ্ধিয়ে ৰামটাঙোন শোধাইছে দেশবাসীক। শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ এই জনবিৰোধী নীতি তথা ব্যৰ্থতাৰ বিৰুদ্ধে দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ। আজি কংগ্ৰেছ নেতৃত্বই কাইলৈ প্ৰদৰ্শন কৰিবলগীয়া এই বিক্ষোভ কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰিছে।

ৰামলীলা ময়দানৰ এই প্ৰতিবাদথলীত সমবেত দলীয় কৰ্মীক উদ্দেশ্যি "মেহংগাই পৰ হাল্লা বোল" শীৰ্ষক চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদী ৰেলীত ভাষণ প্ৰদান কৰিব দলৰ প্ৰাক্তন সভাপতি তথা শীৰ্ষ নেতা ৰাহুল গান্ধীসহ আন কেইবাগৰাকীও নেতাই। দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ লগতে আন আন ৰাজ্যৰ দলীয় কৰ্মীসকলে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি কংগ্ৰেছ নেতৃত্বই আজি জানিবলৈ দিছে।

কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাসহ ৰাহুল গান্ধী বৰ্তমান ছোনিয়া গান্ধীৰ চিকিৎসাৰ বাবে দেশৰ বাহিৰত আছে। অৱশ্যে কাইলৈৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আজি ৰাহুল গান্ধী দেশলৈ উভতি আহিব বুলি কংগ্ৰেছ নেতৃত্বই নিশ্চিত কৰিছে। শেহতীয়াকৈ কংগ্ৰেছে মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ বিষয়ত বিজেপি চৰকাৰক কঠোৰ আক্ৰমণ কৰি আহিছে।

বিৰোধী দলটোৱে মূল্যবৃদ্ধি, মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰক দাবী জনাই অহাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) বৃদ্ধিৰ বিৰোধিতা কৰি আহিছে। যোৱা ৫ আগষ্টতো কংগ্ৰেছে সমগ্ৰ দেশজুৰি নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আৰু জিএছটিৰ প্ৰসঙ্গ উত্থাপনেৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতাৰে ক'লা পোছাক পৰিধান কৰি ৰাজপথত নামি পৰে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীসহ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব তথা দলীয় কৰ্মী। 

দলৰ শীৰ্ষ নেতৃত্বই এই প্ৰতিবাদত ‘প্ৰধানমন্ত্ৰী ভৱন ঘেৰাও’ কাৰ্যসূচী গ্ৰহণ কৰাৰ বিপৰীতে লোকসভা তথা ৰাজ্যসভাৰ সাংসদ সকলে ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। আনহাতে কংগ্ৰেছৰ ৰাজ্যিক গোটসমূহে সমগ্ৰ দেশতে ৰাজপথত প্ৰতিবাদত নামি পৰিছিল।দিল্লীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি দলৰ কেইবাগৰাকীও নেতাক আৰক্ষীয়ে আটক কৰে। ছয় ঘণ্টাৰ পিছত অৱশ্যে তেওঁলোকক মুকলি কৰি দিছিল আৰক্ষীয়ে। 

এই প্ৰতিবাদৰ আগমুহূৰ্তত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰিছিল। বিজেপি চৰকাৰে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মত প্ৰকাশ কৰা প্ৰতিগৰাকী লোককে ষড়যন্ত্ৰমূলক ভাৱে আক্ৰমণ কৰাৰ লগতে দমনমূলকভাৱে কাৰাগাৰলৈ নিক্ষেপ কৰিছে বুলি অভিযোগ কৰিছিল গান্ধীয়ে।

লগতে জনসাধাৰণৰ দৈনন্দিন সমস্যাৰ বিষয়ে উত্থাপন কৰা প্ৰতিগৰাকী লোকৰ কণ্ঠক চৰকাৰে হেঁচি ৰখাৰ অভিযোগ তুলিছিল কংগ্ৰেছ নেতাগৰাকীয়ে। গান্ধীয়ে লগতে দেশত গণতন্ত্ৰক উৎখাত কৰি বিজেপিয়ে একনায়কত্ববাদী শাসন চলাইছে বুলিও দাবী কৰিছিল। সংবাদমেলত গান্ধীয়ে মন্তব্য কৰিছিল যে দেশৰ জনসাধাৰণে বৰ্তমান স্বৈৰতন্ত্ৰী শাসন উপভোগ কৰিছে। প্ৰতিনিয়ত দেশত গণতন্ত্ৰক হত্যা কৰা হৈছে বুলি অভিযোগ কৰি গান্ধীয়ে যোৱা ৭০ বছৰত সৃষ্টি হোৱা গণতন্ত্ৰ এই চৰকাৰে ৮ বছৰত ধ্বংস কৰিছে বুলি বিজেপি চৰকাৰক কঠোৰ আক্ৰমণ কৰিছিল।

ইফালে কাইলৈৰ প্ৰতিবাদৰ পিছতে কংগ্ৰেছে ৭ ছেপ্টেম্বৰৰ পৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ প্ৰায় ৩,৫০০ কিলোমিটাৰজুৰি "ভাৰত জৌৰৌ যাত্ৰা" কাৰ্যসূচী ৰূপায়ণ কৰিব। এই "ভাৰত জৌৰৌ যাত্ৰা"ৰ বিষয়ে ইতিপূৰ্বেই কংগ্ৰেছে ঘোষণা কৰিছিল। "ভাৰত জৌৰৌ যাত্ৰা"ৰ জৰিয়তে কংগ্ৰেছে দেশৰ সাধাৰণ জনসাধাৰণৰ কাষ চপাৰ লক্ষ্য কৰি লৈছে। এই কাৰ্যসূচীত কংগ্ৰেছৰ প্ৰধান নেওআ ৰাহুল গান্ধীয়ে মূল্যবৃদ্ধি, নিবনুৱা সমস্যাকে ধৰি জনসাধাৰণৰ প্ৰধান সমস্যা সমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি বৃদ্ধি কৰিব বুলি জানিবলৈ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement