--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী নহয়, এদিনীয়া ক্ৰিকেটত বিশ্বৰ শ্ৰেষ্ঠ বেটাৰ হিচাপে দাবী কৰিলে পাকিস্তানৰ এগৰাকী অখ্যাত ক্ৰিকেটাৰে। তেওঁৰ নাম খুৰাম মঞ্জুৰে। অৱশ্যে ৰাষ্ট্ৰীয় নিৰ্বাচকসকলৰ বঞ্চনাৰ বাবে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ দীঘলীয়া হোৱা নাছিল বুলি দাবী কৰে ক্ৰিকেটাৰগৰাকীয়ে।

তেওঁ দাবী কৰে যে তেওঁৰ প্ৰদৰ্শন  ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত কোহলীৰ তুলনাত যথেষ্ট ভাল। ক্ৰিকেটাৰগৰাকীয়ে কয়- "মই নিজকে কোহলীৰ সৈতে তুলনা কৰিবলৈ সাজু নহয়। সঁচা কথাটো হ'ল যে ৫০ অভাৰৰ ক্ৰিকেটত বিশ্বৰ শীৰ্ষ ১০ জন যিয়েই নহওঁক, মইয়েই এক নম্বৰত। কোহলীৰ নাম মোৰ পিছত আহিব পাৰে।’’

''লিষ্ট এ ক্ৰিকেটত সাধাৰণ ইনিংছ এটাক ডাঙৰ ৰাণলৈ পৰিৱৰ্তন কৰাত মইয়েই আটাইতকৈ ভাল।  যোৱা ১০ বছৰত মোৰ ৰাণৰ গড় ৫৩ তকৈও অধিক। কোহলীয়ে প্ৰতি ছয়টা ইনিংছত এটা শতক অৰ্জন কৰিছে। মই প্ৰতি ৫.৬৮ ইনিংছত শতক অৰ্জন কৰিছো। লিষ্ট এ ক্ৰিকেটত মই বিশ্ব ৰেংকিঙত পাঁচ নম্বৰত আছো। যোৱা ৪৮ টা ইনিংছত মোৰ শতকৰ সংখ্যা ২৪। ২০১৫ চনৰ পৰা মই পাকিস্তানৰ হৈ সৰ্বশ্ৰেষ্ঠ পদৰ্শন কৰি আহিছো।’’- ক্ৰিকেটাৰগৰাকীয়ে কয়।

''কিন্তু মই সদায় বঞ্চনাৰ ভুক্তভোগী হৈ আহিছো। মোক পাকিস্তানৰ জাতীয় দলত স্থান নিদিয়াৰ যুক্তিসঙ্গত কাৰণ কোনেও ক'ব নোৱাৰে।’’- মঞ্জুৰে আক্ষেপ কৰে।

উল্লেখ্য যে লিষ্ট এ ক্ৰিকেটত মনজুৰে ১৬৬ খন মেচত ৫৩.৪২ গড়ে ৭৯৯২ ৰাণ সংগ্ৰহ কৰিছে। শতকৰ সংখ্যা হৈছে ২৭। এই পৰিসংখ্যাৰ ক্ষেত্ৰত ৩৬ বছৰীয়া পাকিস্তানী বেটছমেনজনে প্ৰতি ৬.১১ ইনিংছত এটা শতক অৰ্জন কৰিছে। কমেও ১০০টা লিষ্ট এ ইনিংছ খেলা বেটছমেনসকলৰ ভিতৰত তেওঁ বিশ্বৰ ষষ্ঠ স্থানত আছে।

২০০৮ চনৰ পৰা ২০১৬ চনলৈ মঞ্জুৰে দেশৰ হৈ ১৬ খন টেষ্ট, সাতখন এদিনীয়া মেচ আৰু তিনিখন টি-২০ খেলিছিল। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলখনত মনজুৰৰ সৰ্বাধিক স্ক'ৰ হৈছে ৮৩। সাতখন খেলত তেওঁ  ৩৩.৭১ গড়ে মুঠ  ২৩৬  ৰাণ সংগ্ৰহ কৰিছিল।

আনহাতে, কোহলীয়ে ২৯৪ খন ৫০ অভাৰৰ মেচত ১৪,২১৫ ৰাণ সংগ্ৰহ কৰিছে। শতিকাৰ সংখ্যা ৫০। ভাৰতৰ প্ৰাক্তন অধিনায়কজনে প্ৰতি ৫.৮৮ ইনিংছত শতক অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু