--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী নহয়, এদিনীয়া ক্ৰিকেটত বিশ্বৰ শ্ৰেষ্ঠ বেটাৰ হিচাপে দাবী কৰিলে পাকিস্তানৰ এগৰাকী অখ্যাত ক্ৰিকেটাৰে। তেওঁৰ নাম খুৰাম মঞ্জুৰে। অৱশ্যে ৰাষ্ট্ৰীয় নিৰ্বাচকসকলৰ বঞ্চনাৰ বাবে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ দীঘলীয়া হোৱা নাছিল বুলি দাবী কৰে ক্ৰিকেটাৰগৰাকীয়ে।

তেওঁ দাবী কৰে যে তেওঁৰ প্ৰদৰ্শন  ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত কোহলীৰ তুলনাত যথেষ্ট ভাল। ক্ৰিকেটাৰগৰাকীয়ে কয়- "মই নিজকে কোহলীৰ সৈতে তুলনা কৰিবলৈ সাজু নহয়। সঁচা কথাটো হ'ল যে ৫০ অভাৰৰ ক্ৰিকেটত বিশ্বৰ শীৰ্ষ ১০ জন যিয়েই নহওঁক, মইয়েই এক নম্বৰত। কোহলীৰ নাম মোৰ পিছত আহিব পাৰে।’’

''লিষ্ট এ ক্ৰিকেটত সাধাৰণ ইনিংছ এটাক ডাঙৰ ৰাণলৈ পৰিৱৰ্তন কৰাত মইয়েই আটাইতকৈ ভাল।  যোৱা ১০ বছৰত মোৰ ৰাণৰ গড় ৫৩ তকৈও অধিক। কোহলীয়ে প্ৰতি ছয়টা ইনিংছত এটা শতক অৰ্জন কৰিছে। মই প্ৰতি ৫.৬৮ ইনিংছত শতক অৰ্জন কৰিছো। লিষ্ট এ ক্ৰিকেটত মই বিশ্ব ৰেংকিঙত পাঁচ নম্বৰত আছো। যোৱা ৪৮ টা ইনিংছত মোৰ শতকৰ সংখ্যা ২৪। ২০১৫ চনৰ পৰা মই পাকিস্তানৰ হৈ সৰ্বশ্ৰেষ্ঠ পদৰ্শন কৰি আহিছো।’’- ক্ৰিকেটাৰগৰাকীয়ে কয়।

''কিন্তু মই সদায় বঞ্চনাৰ ভুক্তভোগী হৈ আহিছো। মোক পাকিস্তানৰ জাতীয় দলত স্থান নিদিয়াৰ যুক্তিসঙ্গত কাৰণ কোনেও ক'ব নোৱাৰে।’’- মঞ্জুৰে আক্ষেপ কৰে।

উল্লেখ্য যে লিষ্ট এ ক্ৰিকেটত মনজুৰে ১৬৬ খন মেচত ৫৩.৪২ গড়ে ৭৯৯২ ৰাণ সংগ্ৰহ কৰিছে। শতকৰ সংখ্যা হৈছে ২৭। এই পৰিসংখ্যাৰ ক্ষেত্ৰত ৩৬ বছৰীয়া পাকিস্তানী বেটছমেনজনে প্ৰতি ৬.১১ ইনিংছত এটা শতক অৰ্জন কৰিছে। কমেও ১০০টা লিষ্ট এ ইনিংছ খেলা বেটছমেনসকলৰ ভিতৰত তেওঁ বিশ্বৰ ষষ্ঠ স্থানত আছে।

২০০৮ চনৰ পৰা ২০১৬ চনলৈ মঞ্জুৰে দেশৰ হৈ ১৬ খন টেষ্ট, সাতখন এদিনীয়া মেচ আৰু তিনিখন টি-২০ খেলিছিল। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলখনত মনজুৰৰ সৰ্বাধিক স্ক'ৰ হৈছে ৮৩। সাতখন খেলত তেওঁ  ৩৩.৭১ গড়ে মুঠ  ২৩৬  ৰাণ সংগ্ৰহ কৰিছিল।

আনহাতে, কোহলীয়ে ২৯৪ খন ৫০ অভাৰৰ মেচত ১৪,২১৫ ৰাণ সংগ্ৰহ কৰিছে। শতিকাৰ সংখ্যা ৫০। ভাৰতৰ প্ৰাক্তন অধিনায়কজনে প্ৰতি ৫.৮৮ ইনিংছত শতক অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক