--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱ প্ৰজন্মক ডিজিটেল পেমেণ্টত গুৰুত্ব দিবলৈ পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত ভাগ ল’বলৈ যোৱাৰ সময়তে মেট্ৰ’ ৰে’লত মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক এই আহ্বান জনায়। 

শুকুৰবাৰে পুৱাই দিল্লী মেট্ৰ'ত  উঠি দিল্লী বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মেট্ৰ’ ৰে’লত প্ৰধানমন্ত্ৰীয়ে   সাধাৰণ যাত্ৰীৰ লগতে তাত ভ্ৰমণ কৰা শিক্ষাৰ্থীৰ সৈতে  মত বিনিময় কৰে। 

পিছত বিশ্ববিদ্যালয়ৰ  শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰোতে মোদীয়ে তেওঁৰ মেট্ৰ’ ৰে’লত যাত্ৰা অভিজ্ঞতাৰ বিষয়েও কয়।আলোচনাত  নতুন অ'টিটি শৃংখলা বা ভাইৰেল ৰিলছৰ দৰে বিষয়বোৰেও ঠাই পায়। মোদীয়ে কয় "ইয়াত থকা বহু শিক্ষাৰ্থীৰ দৰে ময়ো  আজি মেট্ৰ'ত ভ্ৰমণ কৰিছো। তেওঁলোকৰ বহুত ক'বলগীয়া আছিল। বিজ্ঞানৰ বিভিন্ন শাখাৰ পৰা অ'টিটিৰ নতুন শৃংখলা, তেওঁলোকে একো বাদ দিয়া নাই।" 

মোদীয়ে জনোৱা ডিজিটেল পেমেণ্টৰ আহ্বানৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে  টুইট কৰি কয়, "সকলোৱে ৭ দিনৰ বাবে এয়া  চেষ্টা কৰোঁ আহক। " উল্লেখ্য দেশত বিমুদ্ৰাকৰণ আৰম্ভ হোৱাৰ সময়ৰে পৰাই মোদীয়ে ডিজিটেল পেমেণ্টৰ বিষয়ত জোৰ দি আহিছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস