--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱ প্ৰজন্মক ডিজিটেল পেমেণ্টত গুৰুত্ব দিবলৈ পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত ভাগ ল’বলৈ যোৱাৰ সময়তে মেট্ৰ’ ৰে’লত মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক এই আহ্বান জনায়। 

শুকুৰবাৰে পুৱাই দিল্লী মেট্ৰ'ত  উঠি দিল্লী বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মেট্ৰ’ ৰে’লত প্ৰধানমন্ত্ৰীয়ে   সাধাৰণ যাত্ৰীৰ লগতে তাত ভ্ৰমণ কৰা শিক্ষাৰ্থীৰ সৈতে  মত বিনিময় কৰে। 

পিছত বিশ্ববিদ্যালয়ৰ  শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰোতে মোদীয়ে তেওঁৰ মেট্ৰ’ ৰে’লত যাত্ৰা অভিজ্ঞতাৰ বিষয়েও কয়।আলোচনাত  নতুন অ'টিটি শৃংখলা বা ভাইৰেল ৰিলছৰ দৰে বিষয়বোৰেও ঠাই পায়। মোদীয়ে কয় "ইয়াত থকা বহু শিক্ষাৰ্থীৰ দৰে ময়ো  আজি মেট্ৰ'ত ভ্ৰমণ কৰিছো। তেওঁলোকৰ বহুত ক'বলগীয়া আছিল। বিজ্ঞানৰ বিভিন্ন শাখাৰ পৰা অ'টিটিৰ নতুন শৃংখলা, তেওঁলোকে একো বাদ দিয়া নাই।" 

মোদীয়ে জনোৱা ডিজিটেল পেমেণ্টৰ আহ্বানৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে  টুইট কৰি কয়, "সকলোৱে ৭ দিনৰ বাবে এয়া  চেষ্টা কৰোঁ আহক। " উল্লেখ্য দেশত বিমুদ্ৰাকৰণ আৰম্ভ হোৱাৰ সময়ৰে পৰাই মোদীয়ে ডিজিটেল পেমেণ্টৰ বিষয়ত জোৰ দি আহিছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান