--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছলিচিটৰ জেনেৰেল হিচাপে তুষাৰ মেহতাৰ কাৰ্যকাল পুনৰ তিনি বছৰৰ বাবে বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটৰ পৰা অহা মেহতাক  ২০১৮ চনত এই পদত নিযুক্তি দিয়া হৈছিল। অতিৰিক্ত ছলিচিটৰ জেনেৰেল বিক্ৰমজিৎ বেনাৰ্জী, কেএম নটৰাজ, বলবীৰ সিং, এছ ভি ৰাজু, এন ভেংকটৰমন আৰু ঐশ্বৰ্য ভাৰতীৰো কাৰ্যকাল বৃদ্ধি কৰা হৈছে। 

কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ পিছত  অতিৰিক্ত ছলিচিটৰ জেনেৰেলৰো কাৰ্যকাল বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।গুজৰাটৰ বাসিন্দা তুষাৰ মেহতাই গুজৰাটতে অধ্যয়ন কৰিছিল। তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ পিছলৈ  পৰা ডক্টৰেট ডিগ্ৰীও লাভ কৰিছিল।

১৯৮৭ চনত আইনৰ বৃত্তিত যোগদান কৰিছিল মেহতাই। ২০০৭  চনত ৪২  বছৰ বয়সত তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাবে যোগদান কৰিছিল। তেওঁ ২০১৪ চনত অতিৰিক্ত ছলিচিটৰ জেনেৰেল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তুষাৰ মেহতাক  ২০১৮ চনত ছলিচিটৰ জেনেৰেল হিচাপে নিযুক্ত দিয়া  হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস