--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰটো আছিল ৰণবীৰ কাপুৰৰ বাবে অতি বিশেষ। য’ত পেছাগতভাৱে ৰণবীৰে বহুদিনৰ মূৰত ‘ব্ৰহ্মাস্ত্ৰ’ নামেৰে এখন হিট ছবি দিছিল। ব্যক্তিগতভাৱেও তেওঁ বহুখিনি সাফল্য লাভ কৰিছে। অভিনেত্ৰী আলিয়া ভাটৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত তেওঁ এটি কন্যা সন্তানৰো পিতৃ হয়। শেহতীয়াকৈ মুম্বাইত এখন মিটিঙত দেখা গৈছিল ৰণবীৰক। 

সকলোৱে তেওঁৰ ফোনত থকা ৱালপেপাৰখন লক্ষ্য কৰিছিল। আশ্চৰ্যজনকভাৱে ৰণবীৰ কাপুৰৰ মোবাইল ফোনত কন্যা ৰাহা কাপুৰৰ ফটোও নাছিল আৰু পত্নী আলিয়া ভাটৰ ফটোও নাছিল। তেন্তে ৰণবীৰৰ ফোনটোৰ ৱালপেপাৰত জিলিকি থাকে কোন?

যদি আপুনি এতিয়ালৈকে অনুমান কৰিব পৰা নাই ৰণবীৰ কাপুৰে কোনজন ব্যক্তিৰ ফটো ফোনটোৰ ৱালপেপাৰত লগাইছে, তেন্তে এই বিষয়ে কওঁ শুনক। অলপতে ৰণবীৰে টি ছিৰিজৰ কাৰ্যালয়ত এখন বৈঠকৰ বাবে উপস্থিত হৈছিল য’ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল তেওঁৰ ফোনটোৰ লক স্ক্ৰীণে। আপোনালোকক জনাওঁ যে ৰণবীৰৰ ফোনটোৰ লক স্ক্ৰীণত পিতৃ ঋষি কাপুৰৰ অতি মৰমলগা ফটো এখন আছে। অভিনেতা ঋষি কাপুৰে ২০২০ চনত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।

কিছুদিনৰ আগতে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে মিডিয়া ফটোগ্ৰাফাৰ আৰু পাপাৰাজীৰ বাবে এক বিশেষ গেট টুগেদাৰ ৰাখিছিল, য’ত ৰণবীৰে ৰাহা কাপুৰৰ প্ৰথমখন ছবি নিজৰ ফোনত দেখুৱাইছিল আৰু লগতে অনুৰোধ কৰিছিল যে ৰাহাৰ ফটো নুতুলিবলৈ। ৰণবীৰ আৰু আলিয়াৰ সৈতে নীতু কাপুৰো তাত উপস্থিত আছিল আৰু তেওঁলোকে সংবাদ মাধ্যমক জনাইছিল যে এটা নিৰ্দিষ্ট সময়লৈকে হে এই বাধা থাকিব। সেই সময়ৰ পাছত ৰাহাৰ ফটো তোলাত সংবাদ মাধ্যমক বাধা নিদিয়ে কাপুৰ পৰিয়ালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক